অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উপেন্দ্ৰ বৰকটকী

উপেন্দ্ৰ বৰকটকী অসমীয়া সাহিত্যৰ এগৰাকী সাহিত্যিক। বৰকটকী একাধাৰে অধ্যাপক, সাংবাদিক, সাহিত্য সমালোচক, জীৱনী লিখক হিচাপে পৰিচিত। অসম সাহিত্য সভাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু অসম চৰকাৰৰ ২০০৫ চনৰ সাহিত্যিক পেন্সনপ্ৰাপ্ত বৰকটকীদেৱে প্ৰায় পঞ্চাশখন বিভিন্ন গ্ৰন্থ ৰচনা কৰিছে।

হালনাগাদ: ২১ মে’ ২০২৬ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

উপেন্দ্ৰ বৰকটকী অসমীয়া সাহিত্যৰ এগৰাকী সাহিত্যিক। বৰকটকী একাধাৰে অধ্যাপক, সাংবাদিক, সাহিত্য সমালোচক, জীৱনী লিখক হিচাপে পৰিচিত। অসম সাহিত্য সভাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু অসম চৰকাৰৰ ২০০৫ চনৰ সাহিত্যিক পেন্সনপ্ৰাপ্ত বৰকটকীদেৱে প্ৰায় পঞ্চাশখন বিভিন্ন গ্ৰন্থ ৰচনা কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

বৰকটকীৰ শিক্ষা জীৱন আৰম্ভ হৈছিল কলিয়াবৰৰ হাটবৰত। পিছত তেজপুৰৰ জামুগুৰিৰ মোমায়েকৰ ঘৰত থাকি পঞ্চম শ্ৰেণীলৈকে পঢ়িছিল। তাৰপৰা তেওঁ নগাঁওৰ জখলাবন্ধা হাইস্কুলত কেইশ্ৰেণীমান পঢ়ি কলিয়াবৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰে। তাৰপিছত তেওঁ গুৱাহাটীৰ বি.বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰে। তাত তেওঁ গৱেষক প্ৰমোদ চন্দ্ৰভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ, যোগেশ দাস, বীৰেন্দ্ৰনাথ দত্ত তৰুণ ভৰালী, ভগগিৰী ৰায়চৌধুৰী আদি সান্নিধ্য লাভ কৰিছিল। বৰকটকীয়ে দ্বিতীয় বিভাগত অনাৰ্ছসহ স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ লাভ কৰে।১

কৰ্মজীৱন

সাংবাদিকতা

স্নাতক ডিগ্ৰী লাভ কৰাৰ পোছত তেওঁ দৈনিক অসম কাকতত সাংবাদিকতা আৰম্ভ কৰে। পাছত সেই কাকতৰে সহকাৰী সম্পাদক হিচাপে দুবছৰ কাৰ্যনিৰ্বাহ কৰে।১

শিক্ষকতা

বি এ পাছ কৰাৰ পিছতে ঘৰৰ ওচৰৰ এখন ভেন্সাৰ স্কুলত শিক্ষকতা কৰে। পাছলৈ বি. বৰুৱা কলেজত অধ্যাপকৰ পদত সোমায়। পিছত লামডিং কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা পদত ৩১ বছৰ কাল অধ্যাপনা কৰি ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে।১

লেখকৰ প্ৰকাশিত কেইখনমান গ্ৰন্থ

  1. জীৱন আৰু কীৰ্তি
  2. বৰণীয় স্মৰণীয়
  3. ব্যক্তিত্বৰ সংবাদ আৰু সংঘাত
  4. ব্যক্তি আৰু দেশপ্ৰেম
  5. জয়প্ৰকাশ নাৰায়ণ।
  6. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যলৈ
  7. অসম সাহিত্য সভা, সভাপতি আৰু অভিভাষণ
  8. অসমীয়া ভাষা-সাহিত্যৰ শৰাইঘটীয়া প্ৰথম দলটো
  9. বিচিত্ৰ ব্যক্তিত্ব
  10. অসম হিতৈষী ককা নীলমণি ফুকন

সম্পাদিত গ্ৰন্থ

  1. অম্বিকাগিৰীৰ ব্যক্তিত্বৰ আভাস: ১৯৬৭
  2. বেণুধৰ শৰ্মা অভিনন্দন গ্ৰন্থ: ১৯৬৯
  3. অ’ মোৰ অসমী আই: (শিক্ষাৰ মাধ্যম সম্পৰ্কীয় নিৰ্বাচিত প্ৰবন্ধৰ সংকলনঃ ১৯৭৩)
  4. লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ: ১৯৭৬
  5. আমাৰ বেণুধৰ: ১৯৮৩ (৫৭ গৰাকী প্ৰখ্যাত লেখক-লেখিকাৰ প্ৰবন্ধ সংকলন)
  6. কীৰ্ত্তিনাথ হাজৰিকা: ব্যক্তিত্ব আৰু প্ৰতিভা, ১৯৮৮
  7. মহিম বৰা: স্ৰষ্টা আৰু সৃষ্টি: ১৯৮৯ (যুটীয়াভাৱে)
  8. অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাস ২০০২
  9. পত্ৰ-সাহিত্যৰ সুবাস, ২০১১
  10. ভিন্নজনৰ দৃষ্টিত মুনীন বৰকটকী ১৯৯৪ ২

বঁটা-সন্মান

  1. সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা।৩৪

তথ্যসূত্ৰ

  1. ↑ এগৰাকী নীৰৱ সাধক
  2. ↑ মুনীন বৰকটকী
  3. ↑ উপেন্দ্ৰ বৰকটকীক সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা প্ৰদান
  4. ↑ যজ্ঞেশ্বৰ শৰ্মা বঁটা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপেন্দ্ৰ বৰকটকী” প্ৰবন্ধৰ সংশোধন ৬০৭৬৪২ (২১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।