অসম সাহিত্য সভা
১১ প্ৰবন্ধ
-
অসম সাহিত্য সভা
অসম সাহিত্য সভা হৈছে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতিৰ লক্ষ্যৰে ১৯১৭ চনত গঠিত এক শীৰ্ষস্থানীয় সাহিত্য-সাংস্কৃতিক সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত আৰু অসম তথা অসমবাহিৰতো ইয়াৰ হাজাৰো অধিক শাখা আছে।
-
অসমীয়া ভাষা উন্নতি সাধিনী সভা
অসমীয়া ভাষা উন্নতি সাধিনী সভা (অভাউসা) ১৮৮৮ চনৰ ২৫ আগষ্টত গঠিত এক সাহিত্য-ভাষা-কেন্দ্ৰিক সংগঠন, যাক অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় হিচাপে গণ্য কৰা হয়।
-
শৰৎচন্দ্ৰ গোস্বামী
শৰৎচন্দ্ৰ গোস্বামী (Sarat Chandra Goswami; ১৮৮৭ - ১৯৪৪) অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সংগঠক আছিল। তেওঁৰ নেতৃত্বত যোৰহাটত যোৰহাট সাহিত্য সভা গঠন হৈছিল, যি অসম সাহিত্য সভাৰ বীজ আছিল।
-
অসম সাহিত্য সভা পত্ৰিকা
অসম সাহিত্য সভা পত্ৰিকা অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী, বিশ্লেষণাত্মক তথা অন্যান্য বিষয়ৰ আলোচনামূলক প্ৰবন্ধৰ এখন তিনিমহীয়া আলোচনী। আলোচনীখন প্ৰথম প্ৰকাশ হয় ১৯২৬ চনত। ইয়াৰ প্ৰথম সম্পাদক চন্দ্ৰধৰ বৰুৱা।
-
চন্দ্ৰকান্ত সন্দিকৈ ভৱন
চন্দ্ৰকান্ত সন্দিকৈ ভৱন (Chandrakanta Handique Bhavan) হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে।
-
অসম সাহিত্য সভাই প্ৰদান কৰা বঁটা আৰু সন্মান
১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে অসম সাহিত্য সভাৰ জন্ম হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। যোৰহাটত অৱস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।
-
চিৰ চেনেহী মোৰ ভাষা জননী
চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। ইয়াৰ ৰচক হ'ল সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। যোৰহাটৰ প্ৰয়াত দৰ্পনাথ শৰ্মাই এই গীতৰ সুৰ তথা স্বৰলিপি ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়।
-
অসম সাহিত্য সভাৰ প্ৰকাশন
অসম সাহিত্য সভাৰ প্ৰকাশনৰ আৰম্ভ কাম হয় ১৯২৭ খ্ৰীষ্টাব্দত। ইয়াৰ এবছৰৰ আগে আগে চন্দ্ৰধৰ বৰুৱাৰ সম্পাদনাত ‘অসম সাহিত্য সভা পত্ৰিকা’ তিনিমহীয়া আলোচনী হিচাপে প্ৰকাশিত হয়। সেই সময়ত সভাৰ আৰ্থিক স্বাবলম্বন নাছিল। সেয়ে, স্বাধীনতাৰ সময়লৈ অসম সাহিত্য সভাই মাথোঁ ছয়খনহে গ্ৰন্থ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল।
-
কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভা
কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভা অসম সাহিত্য সভাৰ অন্তৰ্গত এটা উল্লেখযোগ্য শাখা। কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা হয় ২০০৩ চনত।
-
দুলিয়াজান সাহিত্য সভা
সাহিত্য সভাৰ এটা শাখা দুলীয়াজান সাহিত্য সভা। ১৯৬৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে এই শাখা প্ৰতিষ্ঠা হৈছিল। যদিও অসম সাহিত্য সভাৰ এক শাখা হিচাপে দুলীয়াজান সাহিত্য সভাই কাম কৰি আছে তথাপি এই শাখাৰ সৈতে 'শাখা সাহিত্য সভা' লিখা নহয়।
-
লক্ষীমপুৰ সাহিত্য সভা
লক্ষীমপুৰ সাহিত্য সভা'উত্তৰ লক্ষীমপুৰ সাহিত্য সভা নামেৰে অসম সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে অৰ্থাৎ ১৯১২ চনত গঠিত হয়। ইয়াৰ প্ৰতিস্থাপক সভাপতি আছিল নীলকণ্ঠ গোহাঞিবৰুৱা আৰু সম্পাদক আছিল ডম্বৰুধৰ গগৈ৷ পিছত ই “লক্ষীমপুৰ জিলা সাহিত্য সভা’’ নামেৰে পৰিচিত হয়৷ তেতিয়াৰ পৰা অসম সাহিত্য সভাৰ দ্বিতীয়…