অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীলু চক্ৰৱৰ্তী

নীলু চক্ৰৱৰ্তী (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৩৮) এগৰাকী খ্যাতনামা অসমীয়া নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক। তেওঁ 'প্ৰগতি শিল্পী সংঘ' আৰু 'বৈজয়ন্তী' নামৰ সাংস্কৃতিক গোষ্ঠীৰ অন্যতম গুৰি ধৰোতা আছিল। লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত বহুদিন চাকৰি কৰি ভালেকেইখন জনপ্ৰিয় অনাঁতাৰ প্ৰযোজনাৰ গুৰি ধৰে।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৬ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নীলু চক্ৰৱৰ্তী (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৩৮) এগৰাকী খ্যাতনামা অসমীয়া নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক। তেওঁ 'প্ৰগতি শিল্পী সংঘ' আৰু 'বৈজয়ন্তী' নামৰ সাংস্কৃতিক গোষ্ঠীৰ অন্যতম গুৰি ধৰোতা আছিল। লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত বহুদিন চাকৰি কৰি ভালেকেইখন জনপ্ৰিয় অনাঁতাৰ প্ৰযোজনাৰ গুৰি ধৰে।

জন্ম আৰু শিক্ষা

নীলু চক্ৰৱৰ্তীৰ জন্ম ১৯৩৮ চনৰ ২৩ ছেপ্টেম্বৰত গুৱাহাটীত হৈছিল। তেওঁ ১৯৫৮ চনত কটন কলেজিয়েট স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত অভিনয়ক জীৱনৰ লক্ষ্য হিচাপে বাছি লয়।

কৰ্মজীৱন

তেওঁ প্ৰগতি শিল্পী সংঘ আৰু বৈজয়ন্তী নামৰ দুটা সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম গুৰি ধৰোঁতা আছিল। ১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত কৰ্মজীৱন আৰম্ভ কৰি ২০০০ চনত অনুষ্ঠান কাৰ্যনিৰ্বাহক হিচাপে অৱসৰ গ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁ সুৰঙ্গৰ শেষত, গোবৰ্ধনচৰিত, ঘিনাই সাতোলা, বিৰিণাপাতৰ আঙুঠি আদি উল্লেখযোগ্য অনাঁতাৰ প্ৰযোজনাৰ সৃষ্টিত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে।

অভিনয় জীৱন

মঞ্চনাটক

  • মণিৰাম দেৱান
  • পিয়লি ফুকন
  • মগৰীবৰ আজান
  • শকুনিৰ প্ৰতিশোধ
  • ৰক্ষকুমাৰ
  • সাঁ‌কো
  • কুকুৰনেচীয়া মানুহ

টেলিভিছন ধাৰাবাহিক (দূৰদৰ্শন)

  • ঘৰত কোন আছে
  • পথৰুঘাটে ৰিঙিয়ায়
  • তেজাল ঘোঁৰা
  • ত্ৰিকাল
  • জোৱাঁই

চলচ্চিত্ৰসমূহ

  • ভাইটি (১৯৭২)
  • বিভ্ৰাট (১৯৭২)
  • আদালত (১৯৭৬)
  • সন্ধ্যাৰাগ (১৯৭৭)
  • অগ্নিস্নান (১৯৮৫)
  • ইতিহাস (১৯৯৬)
  • ৰাগ-বিৰাগ (১৯৯৬)
  • অদাহ্য (১৯৯৭)

নাট্যলিখন

  • সৰা শেৱালি
  • অৱশেষ

বঁটা

  • জ্যোতিৰূপ মিডিয়া বঁটা
  • মুনলাইট মিডিয়া বঁটা (জোৱাঁইত কৰা অভিনয়ৰ বাবে)
  • নটসূৰ্য ফণী শৰ্মা বঁটা, অসম চৰকাৰ

তথ্য উৎস

  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু
  • মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলু চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৬৩৬৪০৫ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।