অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
বিশ্বনাথ বিধানসভা সমষ্টি
বিশ্বনাথ বিধানসভা সমষ্টি (ইংৰাজী: Biswanath Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও বিশ্বনাথ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
বিহালী বিধানসভা সমষ্টি
বিহালী বিধানসভা সমষ্টি (ইংৰাজী: Behali Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছত এই সমষ্টিটো অনুসূচিত জাতিৰ (SC) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হয়।
-
বিহুৱতী চৰাই
বিহুৱতী চৰাই (Common Iora, বৈজ্ঞানিক নাম-Aegithina tiphia) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় অঞ্চলত, প্ৰধানকৈ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে। i
-
বীৰেন সিংহ
বীৰেন সিংহ অসমৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী তথা চিত্ৰ পৰিচালক৷
-
বুলবুল কেন্ ছিং
বুলবুল কেন্ ছিং (বুলবুলে গান গাব পাৰে) আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল।
-
বুৰঞ্জী সাহিত্য
বুৰঞ্জী সাহিত্য হৈছে অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনৰ সভাপতি ড॰ লীলা গগৈৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। গ্ৰন্থখনত আহোম ৰাজত্বৰ সময়ৰ পৰা অসমত প্ৰচলিত বুৰঞ্জী ৰচনাৰ পৰম্পৰাৰ পৰা আৰম্ভ কৰি ভাৰতীয় পটভূমিত অসমীয়া বুৰঞ্জী সাহিত্যৰ মূল্যায়নলৈকে সামৰা হৈছে।
-
বুৰৈ নদী
বুৰৈ নদী(ইংৰাজী: Buroi River) ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ টকৌবাৰী গাওঁ-পঞ্চায়ত অন্তৰ্গত বুৰৈঘাট নামে গাঁৱত অবস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহৰ ভিতৰত বুৰৈ নদীও এক উপনৈ। বুৰৈ নদী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ বাহিনী উপনৈ। বুৰৈ নদী গহপুৰৰ অন্যতম এক বনভোজস্থলী হিচাপে জনাজাত।
-
বৈষ্ণৱ সাহিত্য
মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নিজৰ সাহিত্য, কৃষ্টি সংস্কৃতি নিদৰ্শনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পাছৰ ভকত বৈষ্ণৱ (আজি পৰ্যন্ত) সকলে যি ভগৱন্তৰ গুণ গৰিমা গাই উত্তৰাধিকাৰী সকলৰ জ্ঞানৰ অৰ্থে যি নীতি শাস্ত্ৰ লিখি থৈ গৈছে বা যি লিখি আছে, তেনে শাস্ত্ৰ বা পুথি যি সাহিত্যৰ আধাৰত জড়িত হৈ আছে তেনে…
-
বৈৰাগীমঠ
বৈৰাগীমঠ ডিব্ৰুগড়চহৰৰ উপকণ্ঠত অৱস্থিত। এক সুন্দৰ আৱাসিক এলেকা হোৱাৰ ওপৰিও ইয়াত বহুতো দোকান-পোহাৰ, বজাৰ, শিক্ষানুষ্ঠান, কাৰ্য্যালয়, হোটেল -ৰেষ্টুৰেন্ট, হোষ্টেল আৰু ধৰ্মানুষ্ঠান আছে। শিক্ষা আৰু সংস্কৃতিৰ থলী হিচাপে বৈৰাগীমঠ ডিব্ৰুগড়ৰ ভিতৰতে অন্যতম।
-
বোকাখাত বিধানসভা সমষ্টি
বোকাখাত বিধানসভা সমষ্টি (ইংৰাজী: Bokakhat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
বৰকলীয়া নস্কৰা
বৰকলীয়া নস্কৰা (Borokalia Nashkara) গাওঁখন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা মহুকুমাৰ অন্তৰ্গত এখন ৰাজহ গাঁও। এই গাঁওখনৰ লগত আৰু বহু কেইখন সৰু-সুৰা গাঁও জড়িত হৈ আছে। ই প্ৰায় ১০খন সৰু গাঁৱৰে গঠিত এখন ৰাজহ গাওঁ। ই নস্কৰা গাঁও পঞ্চায়তক সামৰি লয়।
-
বৰগাং
বৰগাং অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন গাঁও। ২০০৬ চনত ই চহৰাঞ্চলৰ মৰ্যাদা লাভ কৰে। উইলিয়ামচন মেগৰৰ চাহ খেতিয়ে ঠাইখন আগুৰি আছে। বৰগাং নদী এই গাঁওখনৰ মাজেৰে বৈ গৈছে। বৰগাঙৰ কেথলিক গীৰ্জা আৰু চিকিৎসালয় ১৯৭৮ চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক খ্ৰীষ্টান মিছনাৰীসকলে পৰিচালনা কৰে।
-
বৰশৰালি
বৰশৰালি (Fulvous Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna bicolor) এবিধ হাঁহৰ প্ৰজাতি৷ ই দেখাত একেধৰণৰ শৰালিৰ প্ৰজাতিতকৈ আকাৰত কিছু ডাঙৰ হয়৷ তাৰোপৰি দুয়োটা প্ৰজাতিৰ মাজত কিছু গঠনগত পাৰ্থক্যও দেখা পোৱা যায়৷
-
বৰহমথুৰি
বৰহমথুৰি (সংস্কৃত-ৱৰ্হণ, পাত+ অসমীয়া- থুৰি, পাতৰ চুপহি) বা বৰ্হমথুৰি, দীঘল দীঘল পাতেৰে থুৰি মেলা এবিধ আওকাঠী গছ৷ ইয়াৰ পাত চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায়। বিহুৰ সময়ত নাচনীবোৰৰ মাজত ইয়াৰ বৰ আদৰ। এইবিধ গছৰ থুৰি পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে।
-
বৰাইল অভয়াৰণ্য
বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।
-
ভক্ত প্ৰহ্লাদ (চলচ্চিত্ৰ)
ভক্ত প্ৰহ্লাদ (Bhakta Prahlad) পৌৰাণিক কাহিনীৰে নিৰ্মিত দ্বিতীয় অসমীয়া কথাছবি। ১৪ নবেম্বৰ ১৯৫৮ত মুক্তি পোৱা এই ছবিখন নিপ বৰুৱাই পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। অমলেন্দু বাগচীয়ে ছবিখনৰ কাহিনী যুগুত কৰিছিল।
-
ভগৱতী প্ৰসাদ বৰুৱা
ভগৱতী প্ৰসাদ বৰুৱা (Bhagawati Prasad Barua; জন্ম: ১৯০০ - মৃত্যু: ১৪ অক্টোবৰ, ১৯৩৩ )যাদুৰাম ডেকা বৰুৱাৰ আজো নাতি আৰু পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জেষ্ঠ ভাতৃ আছিল। তেওঁৰ নামেৰে অসম সাহিত্য সভাৰ গুৱাহাটীস্থ ‘ভগৱতী প্ৰসাদ বৰুৱা ভৱন’ নিৰ্মাণ কৰা হৈছিল।
-
ভটা-গুটি
ভটা গুটি বা টাং গুটি অসম তথা ভাৰতীয় উপমহাদেশত প্ৰচলিত এক পৰম্পৰাগত খেল। এই খেলক ঠাইভেদে গিলি দাণ্ডা, ভাটা খেল, দাণ্ডা খেল, ডাং গুটি আদি নামেৰেও জনা যায়। ভটা খেলৰ প্ৰধান সঁজুলি এডাল মাৰি আৰু এটা গুটি। মাৰি ডাল আৰ গুটিটো বাঁহ বা টান গছৰ ডালেৰে সজা হয়। এহাতমান দীঘল মাৰিডাল গোটা আৰু পোন।
-
ভদৰকলি
ভদৰকলি (great tit, বৈজ্ঞানিক নাম-Parus major) ‘’Paridae’’ পৰিয়ালৰ অন্তৰ্ভুক্ত এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ইউৰোপ, এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক সাধাৰণতে স্থানীয়ভাৱে দেখা পোৱা যায়৷ ভদৰকলিৰ আকাৰ সৰু৷ ইয়াৰ মূৰ আৰু ডিঙি অংশ ক’লা, মুখ বগা আৰু গাৰ তলৰ অংশ হালধীয়া হয়৷
-
ভাগ্য (চলচ্চিত্ৰ)
ভাগ্য (Bhagya) প্ৰথম অসমীয়া ডাবিং চলচ্চিত্ৰ। ১৯৬৭ত মুক্তি পোৱা ৰাজশ্ৰী প্ৰডাকচনৰ জনপ্ৰিয় হিন্দী ছবি তকদীৰক সাতটা ভাষাত ডাবিং কৰা হৈছিল। ভাগ্য শিৰোনামেৰ কৰা তকদীৰৰ অসমীয়া ডাবিং ১৯৬৮ চনৰ ১২ এপ্ৰিলত গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত মুক্তি পায়।ছবিখনৰ ডাবিঙত অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি কুলদা…
-
ভাটৌ ফুল
ভাটৌ ফুল হৈছে এক প্ৰজাতিৰ অৰ্কিড। দক্ষিণ-পূৱ এছিয়াত ইয়াৰ কেইবাটাও প্ৰকাৰভেদ পোৱা যায়। ইয়াক য়ুনান আৰু হিমালয়ৰ নিকতবৰ্তী অঞ্চলতো দেখা পোৱা যায়। ইয়াৰ এটা প্ৰকাৰ 'Andersonii'ৰ ভগ্নী প্ৰকাৰ Vanda 'Miss Joaquim' হৈছে চিংগাপুৰৰ ৰাষ্ট্ৰীয় ফুল।
-
ভাস্কৰ হাজৰিকা
ভাস্কৰ হাজৰিকা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অসমীয়া চলচ্চিত্ৰ পৰিচালক৷ তেওঁ পৰিচালনা কৰা চলচ্চিত্ৰসমূহ হ'ল – কথানদী (২০২৫), আমিষ (২০১৯), আৰু এমুঠি পুঠি (২০২২) (লেখক হিচাপে)। অন্ধকাৰ আৰু জটিল বিষয়বস্তুৰ সন্ধানৰ বাবে তেওঁৰ চলচ্চিত্ৰসমূহ পৰিচিত।
-
ভাৰীগান
ভাৰীগান হৈছে অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী ৰাভাসকলৰ এবিধ লোকনাট্য। ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ পাতিৰাভাসকলৰ মাজত এই ভাৰীগান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। এই নাট্যবিধৰ আৰম্ভণি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই। ভাৰীগান বোৰ কাহিনীৰ ৰূপত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে।
-
ভিতালী দাস
ভিতালী দাস (Vitali Das বা Bhitali Das; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১) এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ জুবিন গাৰ্গ আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গান গাইছিল।
-
ভুৱনেশ্বৰ বৰুৱা
ডা° ভুবনেশ্বৰ বৰুৱা (১৮৯৩- ২৫ ছেপ্টেম্বৰ, ১৯৫৬) অসমৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিক৷
-
ভূপেন্দ্ৰ সংগীত
ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলে। এজন গীতিকাৰ, সুৰকাৰ, গায়ক আৰু সংগীত পৰিচালক হিচাবে সংগীত জগতলৈ ড॰ ভূপেন হাজৰিকাই বিপুল অৱদান দি গৈছে।
-
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য (Bherjan-Borajan-Padumoni Wildlife Sanctuary ) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই প্ৰায় ৭.২২ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷
-
ভেদাই লতা
ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু) এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে 'skunkvine', 'stinkvine', বা 'Chinese fever vine' বুলি জনা যায়।
-
ভৈৰৱকুণ্ড
ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী। ঠাইখন অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত। ভৈৰৱকুণ্ডত শীতকালত বনভোজকাৰী দল আৰু পৰ্যটকৰ আগমন হয়।
-
ভোগেশ্বৰ বৰুৱা
ভোগেশ্বৰ বৰুৱা (Bhogeswar Baruah, জন্ম: ৩ ছেপ্টেম্বৰ ১৯৪০) ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক। তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। তেওঁৰ জন্ম হৈছিল ৩ ছেপ্তেম্বৰ ১৯৪০ চনত শিৱসাগৰত।