অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাগ্য (চলচ্চিত্ৰ)

ভাগ্য (Bhagya) প্ৰথম অসমীয়া ডাবিং চলচ্চিত্ৰ। ১৯৬৭ত মুক্তি পোৱা ৰাজশ্ৰী প্ৰডাকচনৰ জনপ্ৰিয় হিন্দী ছবি তকদীৰক সাতটা ভাষাত ডাবিং কৰা হৈছিল। ভাগ্য শিৰোনামেৰ কৰা তকদীৰৰ অসমীয়া ডাবিং ১৯৬৮ চনৰ ১২ এপ্ৰিলত গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত মুক্তি পায়।ছবিখনৰ ডাবিঙত অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি কুলদা…

হালনাগাদ: ১৬ এপ্ৰিল ২০২৫ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ভাগ্য (Bhagya) প্ৰথম অসমীয়া ডাবিং চলচ্চিত্ৰ। ১৯৬৭ত মুক্তি পোৱা ৰাজশ্ৰী প্ৰডাকচনৰ জনপ্ৰিয় হিন্দী ছবি তকদীৰক সাতটা ভাষাত ডাবিং কৰা হৈছিল।১ ভাগ্য শিৰোনামেৰ কৰা তকদীৰৰ অসমীয়া ডাবিং ১৯৬৮ চনৰ ১২ এপ্ৰিলত গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত মুক্তি পায়।ছবিখনৰ ডাবিঙত অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি কুলদা কুমাৰ ভট্টাচাৰ্য, পুলক গগৈ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, প্ৰফুল্ল বৰুৱা আদি জড়িত আছিল। আনন্দ বক্সীয়ে ৰচনা কৰা তকদীৰৰ গীতবোৰ ভুপেন হাজৰিকাই অসমীয়ালৈ ভাষান্তৰ কৰিছে।২

প্ৰেক্ষাপট

১৯৬৬ চনত নিৰমন (Nirmon) নামৰ কোংকণী ভাষাৰ ছবি এখন মুক্তি পাইছিল। নিৰমন শব্দৰ অৰ্থ হ’ল ভাগ্য। এই ছবিখনৰ অনুপ্ৰেৰণা আছিল ইংৰাজ কবি লৰ্ড টেনিচনৰ Enoch Arden নামৰ এটা বৰ্ণনামূলক কবিতা। প্ৰভূত জনপ্ৰিয়তা লাভ কৰা নিৰমন ছবিখনে ১৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মাৰাঠী শিতানত চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।৩

১৯৬৭ চনত ৰাজশ্ৰী প্ৰডাকচনে এই ছবিখনকে তকদীৰ নামেৰে পুনৰ্নিমাণ কৰে। তকদীৰে শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।৪ নিৰমনৰ পৰিচালক এ. চালামেই তকদীৰ পৰিচালনা কৰিছিল। নিৰমনৰ নায়িকা শালিনীয়ে এইখন ছবিতো মূল ভূমিকাত অভিনয় কৰিছিল। তকদীৰক সাতটা ভাষাত ডাব কৰা হৈছিল, যাৰ ভিতৰত এটা আছিল অসমীয়া ভাষা।

তকদীৰৰ অসমীয়া ডাবিঙত ভূপেন হাজৰিকাই এক গুৰুত্বূপূৰ্ণ ভূমিকা লৈছিল। হাজৰিকাৰ সৈতে হোৱা ঘনিষ্ঠতাৰ বাবে চিকমিক বিজুলী (১৯৬৯) ৰাজশ্ৰী প্ৰডাকচন আৰু ভূপেন হাজৰিকাৰ কামৰূপ চিত্ৰই যৌথভাবে প্ৰযোজন কৰিছিল।

কাহিনীৰ সাৰাংশ

গোপাল আৰু সাৰদা গোৱাত বসবাস কৰা এহাল সুখী দম্পতী; তেওঁলোকৰ দুজনী ছোৱালী- মালা আৰু গীতা, আৰু এজন পুত্ৰ- সুশীল। সংগীতৰ টিউচন কৰি জীৱন-নিৰ্বাহ কৰা গোপালৰ আৰ্থিক অৱস্থা সিমান ভাল নহয়। সেয়েহে জাহাজৰ চাকৰি লৈ তেওঁ দূৰণিৰ ঠাইলৈ গুছি যায়। কিন্তু ধুমুহাত জাহাজ ডুব যায়। অসংখ্য লোকৰ মৃ্ত্যু হয়। কোনো শুং-সুত্ৰ নোপোৱাত গোপালকো মৃত বুলি বিশ্বাস কৰি নিঃস্ব অৱস্থা দিন কটোৱা সাৰদাই সন্তান কেইটাৰ মংগলৰ বাবে চহকী লোক বিজয়ক অনিচ্ছা সত্বেও বিয়া কৰায়।

ইফালে গোপালে ভাগ্যক্ৰমে জাহাজ দুৰ্ঘটনাত বাচি যায় যদিও স্মৃতি শক্তি হেৰুৱাই পেলায়। বহু বছৰ মূৰত তেওঁ সুস্থ হয় আৰু গোৱাৰ ঘৰলৈ উভতি আহে। কিন্তু তেওঁৰ পৰিয়ালটোৰ এই ৰূপান্তৰত তেওঁ হস্তক্ষেপ কৰিব নিবিচাৰে। বিজয়ে গোপালৰ বিষয়ে জানিব পাৰি ভাবুকি অনুভৱ কৰে। বিজয়ে গোপালৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰে, যাতে তেওঁ অধিগ্ৰহণ কৰা পৰিয়ালটোৰ মাজত কোনেও সোমাব নোৱাৰে।৪

অভিনয় শিল্পী

;অভিনেতা-অভিনেত্ৰী * ভাৰত ভূষণ (গোপাল) *শালিনী মাৰ্দোলকৰ (সাৰদা) *কমল কাপুৰ (বিজয়) *ফৰিদা জালাল (গীতা) *জনী ৱাকাৰ৫;ডাবিং শিল্পী *কুলদা কুমাৰ ভট্টাচাৰ্য *প্ৰফুল্ল বৰুৱা *পুলক গগৈ *ৰেণু গগৈ * ভূপেন হাজৰিকা * জয়ন্ত হাজৰিকা * ৰত্ন ওজা২

সংগীত

ছবিখনত ৬টা গীত আছে। মূল হিন্দী ছবিখনৰ গীতবোৰ আনন্দ বক্সীয়ে লিখিছিল। ডাবিং ছবিখনত গীতবোৰ অসমীয়ালৈ ভাষান্তৰ কৰিছে ভূপেন হাজৰিকাই। সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।৬২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Archived copy
  2. ↑ Bhagya ভাগ্য (1968). enajori.com
  3. ↑ Recipients of State Awards for Films 1965. Directorate of Film Festivals, GOI
  4. ↑ Taqdeer (1967). Rajshri Production Official Site
  5. ↑ Taqdeer - Full Length Hindi Movie - Bharat Bhooshan & Shalini. Youtube
  6. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 445

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাগ্য (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৩৭৩১ (১৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।