বীৰেন সিংহ অসমৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী তথা চিত্ৰ পৰিচালক৷১
প্ৰাৰম্ভিক জীৱন
বীৰেন সিংহৰ জন্ম হয় ১৯৫১ চনৰ ১৩ এপ্ৰিলত অবিভক্ত কামৰূপ জিলাৰ ছয়গাঁৱত৷ তেওঁৰ পিতৃয়ে শিলভঙা শ্ৰমিকৰূপে কাম কৰিছিল৷ আৰ্থিক অনাটনৰ বাবে পাঁচ বছৰ বয়সতে বীৰেন সিংহই উপাৰ্জনমুখী হ'ব লগাত পৰিছিল৷ ১৫ বছৰ বয়সত তেওঁ জীৱিকাৰ সন্ধানত গুৱাহাটীলৈ আহে৷ গুৱাহাটীত ৰিক্সা চলোৱা, চাইনবৰ্ড লিখাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কৰি তেওঁ জীৱন নিৰ্বাহ কৰিব লগাত পৰে৷
১৯৭৮ চনত তেওঁ কাৰ্বি আংলং জিলা জিলালৈ যায়৷ ইয়াতে তেওঁৰ চিত্ৰশিল্পীৰূপে আত্মপ্ৰকাশ ঘটে৷১
অৱদান
একক চিত্ৰ প্ৰদৰ্শনী
- ডিফু ক্লাব (১৯৮০)
- ডিফু চৰকাৰী মহাবিদ্যালয় (১৯৮৬)
- গুৱাহাটীৰ ৰাজ্যিক কলাবীথিকা (১৯৮০,১৯৮২,১৯৮৮)
- লিটল থিয়েটাৰ গেলাৰী, নতুন দিল্লী (১৯৮১)
- ত্ৰিবেণী আৰ্ট গেলাৰী, নতুন দিল্লী (১৯৮৮)
- একাডেমী অব ফাইন আৰ্টছ, কলিকতা (১৯৮২)
সমূহীয়া চিত্ৰ প্ৰদৰ্শনী
- গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ বাৰ্ষিক প্ৰদৰ্শনী
- কলকাতাৰ একাডেমী অৱ ফাইন আৰ্টছৰ বাৰ্ষিক প্ৰদৰ্শনীৰ সোণালী জয়ন্তী
- কলকাতা আৰু গুৱাহাটীৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আয়োজিত আছাম-বেংগল আৰ্ট এক্সপ'জিছন
- তেজপুৰত অনুষ্ঠিত উত্তৰ-পূব চিত্ৰ প্ৰদৰ্শনী
- নতুন দিল্লী আৰু কলকাতাত ভাৰতীয় বাণিজ্যিক মহাসংঘই আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিত্ৰ আৰু ভাস্কৰ্য প্ৰদৰ্শনী
কলা নিৰ্দেশনা
- কাৰ্বি চলচ্চিত্ৰ 'জিৰছং'
- ডিমাছা চলচ্চিত্ৰ 'দা আনট'ল্ড ষ্টৰী অৱ ব্লু হিলছ'
- অসমীয়া চলচ্চিত্ৰ 'পানী'
- ভালেসংখ্যক অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ
বঁটা আৰু সন্মান
- জাতীয় শিল্পী বঁটা (১৯৯৭)
- অসম সাহিত্য সভাৰ জয়ছিং হান্সে বঁটা (২০০০)
- প্ৰণৱ বৰুৱা শিল্পী বঁটা (২০০৯)
- অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা (২০১০)
- অসম সাংস্কৃতিক মহাসভাৰ 'চিত্ৰভানু উপাধি' সন্মান (২০১১)
- কাৰ্বি আংলং জিলা স্বায়ত্ত্বশাসিত পৰিষদৰ চেমছন ছিং ইংতি বঁটা (২০১২)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰেন সিংহ” প্ৰবন্ধৰ সংশোধন ৩৯৮০৬২ (১৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।