অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
কাৰ্বি লোকসাহিত্য
কাৰ্বি লোকসাহিত্যৰ পথাৰখন অতি বহল, সীমাহীন। কাৰ্বিসকল পুনৰ্জন্মত বিশ্বাসী। এনে লোকবিশ্বাসৰ মতে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু ঘটিলে মৃতকজনে পুনৰ সেই পৰিয়ালৰে সদস্য হৈ জন্মগ্ৰহণ কৰে। সেয়ে কাৰ্বি সংস্কৃতি ইমানেই ব্যাপক যে ই জনজীৱনৰ এটা জন্মৰ পৰা মৃত্যুলৈকেই নহয় মৃত্যুৰ পৰা আন এটা জন্মলৈকে বিস্তৃত।
-
কিউপিড আৰু ছাইকী
কিউপিড আৰু ছাইকী হেম বৰুৱাৰ এখন গ্ৰন্থ। হেম বৰুৱাই প্ৰেম কাহিনীৰ আলমত লিখিছে। কিউপিড আৰু ছাইকী অমৰ প্ৰেম কাহিনীৰ এই অনুবাদ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৫৯ চনত|
-
কিন্চুমানৗ আচিন্
কিন্চুমানৗ আচিন্ (অবুজন মন) ওঁম প্ৰডাকশ্বন ফিল্ম ডিভিজনৰ দ্বাৰা নিৰ্মীয়মান এখন মিচিং ভাষাৰ কথাছবি। চাপৰিৰ ম'হ গুৱালৰ সন্তান ঔচাৰ আৰু অভিজাত পৰিয়ালৰ কন্যা দেৰমীৰ প্ৰেম, ভাল-পোৱা, সংঘাটৰ কাহিনী দৰ্শোৱা এই ছবিখনৰ পৰিচালক যদু তায়েব, প্ৰযোজক ৰক্তিম পেগু। ছবিখনৰ কাহিনীকাৰ মোহন মিলি।
-
কিশোৰ দাস
কিশোৰ দাস (Kishor Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। তেওঁ বহুকেইটা অসমীয়া মিউজিক ভিডিঅ’, ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল৷ তেওঁ গুৱাহাটীস্থিত আঞ্চলিক টেলিভিচন চেনেলত প্ৰচাৰিত বিধাতা, বান্ধোন, নেদেখা ফাগুনৰ দৰে জনপ্ৰিয় অসমীয়া টেলিভিছন অনুষ্ঠানবোৰত কৰা অভিনয়ৰ বাবে অধিক পৰিচিত আছিল।
-
কিৰণময়ী তামূলী
ডা° কিৰণময়ী তামূলী (Kironmoyee Tamuli; ১৯৫২-২০২১) এগৰাকী চিকিৎসক আৰু শিশু সাহিত্যিক আছিল। শিশু আলোচনী মৌচাক আৰু নতুন আৱিষ্কাৰৰ লগত বিশেষভাৱে জড়িত।
-
কীৰ্তন ঘোষা সংকলন
শংকৰদেৱ ৰচিত কীৰ্তন ঘোষা পুথিখন এখন সংকলন পুথি আৰু ই শংকৰদেৱৰ মৃত্যুৰ পিছত সংকলয়িত হৈছিল৷ শংকৰদেৱে ভাগৱত পুৰাণৰ কাহিনীৰ আলমতে তেওঁ সৰহভাগ কীৰ্তন লিখিছিল যদিও ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ আৰু বৃহন্নাৰদীয় পুৰাণৰ পৰাও তেওঁ তিনিটা খণ্ডৰ কীৰ্তন লিখিছিল৷ কীৰ্তনৰ প্ৰতিটো খণ্ডত বেলেগ বেলেগ কাহিনীৰ অৱতাৰণা কৰা…
-
কীৰ্তি কমল ভূঞা
কীৰ্তি কমল ভূঞা একাধাৰে এজন গীতিকাৰ, কবি, নাট্যকাৰ, অনুবাদক, আবৃত্তিকাৰ, সম্পাদক আৰু সাংবাদিক৷ তেখতে ২০০৪ চনত সম্পূৰ্ণ ৩৮ বছৰ কাৰ্য্যনিৰ্বাহৰ পাছত ৩০ এপ্ৰিলত আকাশবাণীৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ তেখেতে ২০১৫ চনত অসম চৰকাৰৰ দ্বাৰা শিল্পী বঁটা লাভ কৰে৷
-
কুঁৱৰী মেল
কুঁৱৰী মেল( Kunwari Mel) আহোম যুগত কুঁৱৰীসকলক ভোগ কৰিবলৈ দিয়া ৰাজকীয় মৰ্যাদা৷ আহোম শাসন কালত যিসকল ৰাজকোঁৱৰে প্ৰশাসনিক দায়িত্ব নাপাইছিল, তেওঁলোকক ৰাজকীয় মৰ্যাদাৰে জীৱন অতিবাহিত কৰাৰ সুযোগ দি একোখণ্ড মাটি দি তাত উৎপাদন কৰিবৰ বাবে ৰজাঘৰৰ পৰা পাইক আৰু বিষয়া নিযুক্ত কৰা হৈছিল৷ এই ভূমিখণ্ডক “মেল’’…
-
কুইন ওজা
কুইন ওজা (জন্ম ২৭ নৱেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্যৱসায়ী মহিলা। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্যা। ওজাই ২০১৯ চনৰ পৰা ২০২৪ চনলৈ গুৱাহাটী সমষ্টি প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। ১৯৯৬ চনৰ পৰা ১৯৯৭ চনলৈকে গুৱাহাটী পৌৰ নিগম মেয়ৰ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
কুকুৰনেচীয়া মানুহ
কুকুৰনেচীয়া মানুহ হৈছে অৰুণ শৰ্মাৰ এখন উল্লেখযোগ্য নাটক। এই নাটকখন প্ৰথমে ১৯৬৫ চনত হোমেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশিত 'নীলাচল' আলোচনীত প্ৰকাশ পাইছিল। ১৯৮২ চনত আকাশবাণীৰ সৰ্বভাৰতীয় নাট প্ৰতিযোগিতাত নাটকখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল।
-
কুতুব আহমেদ মজুমদাৰ
কুতুব আহমেদ মজুমদাৰ ( – ২৭ নবেম্বৰ ২০১৯) অসমৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
কুতুবুদ্দিন আহমেদ
কুতুবুদ্দিন আহমেদ (Kutubuddin Ahmed; ৩ জানুৱাৰী ১৯৪৮- ৪ এপ্ৰিল ২০২১) হ'ল এজন অসমীয়া লেখক, সমালোচক আৰু অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা। আহমেদৰ জন্ম হৈছিল যোৰহাটৰ পুলিবৰত ১৯৪৮ চনৰ ৩ জানুৱাৰীত মাহত |
-
কুমাৰ ভৱেশ
কুমাৰ ভৱেশ (ইংৰাজী: Kumar Bhabesh), প্ৰকৃত নাম: ভৱেশ কলিতা; জন্ম: মিৰ্জা, কামৰূপ গ্ৰাম্য) এগৰাকী অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ অসমীয়া সংগীতৰ লগতে বিভিন্ন ভাষাৰ গীততো কণ্ঠদান কৰিছে।
-
কুমুদ কলিতা
কুমুদ কলিতা; (জন্ম ১ এপ্ৰিল ১৯৬৪) এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমাজকৰ্মী, আৰু বিশেষভাৱে সক্ষম শিশু আৰু অনাথ শিশুৰ আশ্ৰয়স্থল তপোবনৰ প্ৰতিষ্ঠাপক। ১৯৮৮ চনত পাঠশালা মহাবিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত তেওঁ বিশেষকৈ শিশু কল্যাণ আৰু শাৰিৰীক অক্ষমতাৰ সহায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজ সেৱাৰ…
-
কুমুদ গোস্বামী
কুমুদ গোস্বামী এগৰাকী অসমীয়া গল্পকাৰ, সম্পাদক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব। ষাঠিৰ দশকত গল্প, কবিতা আৰু উপন্যাসেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা কুমুদ গোস্বামী শেষৰ ফালে গল্পকাৰ ৰূপে বিশেষ পৰিচিতি লাভ কৰে। ১৯৪৮ চনত কামৰূপ জিলাৰ পলাশবাৰীত কুমুদ গোস্বামীৰ জন্ম হৈছিল।
-
কুলচন্দ্ৰ বসুমতাৰী
কুলচন্দ্ৰ বসুমতাৰী (? - ১৯৬৩) এগৰাকী কৃষক নেতা আছিল। গুৱাহাটীৰ ফটাশিল অঞ্চলৰ মানুহ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদ্স্য হিচাপে জনজাতীয় কৃষকসকলক নিষ্পেষণৰ বিৰুদ্ধে সংগঠিত কৰিছিল। হেমাংগ বিশ্বাসৰ বিখ্যাত কবিতা 'কুল খুৰাৰ চোতাল'ৰ নাম এখেতৰ নামেৰেই ৰখা হৈছিল।
-
কৃপানাথ মল্লাহ
কৃপানাথ মল্লাহ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা সংসদ হিচাপে লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনীতি দলৰ এজন সদস্য।
-
কৃষক বনুৱা পঞ্চায়ত
কৃষক বনুৱা পঞ্চায়ত (Assam Peasant and Labour Party) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক সংগঠন আছিল। এই সংগঠনটোৱে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (Revolutionary Communist Party of India)ৰ মুক্ত গণ সংগঠন হিচাপে কাৰ্যকলাপ চলাইছিল। ১৯৪০ চনৰ ২ মে' তাৰিখে গুৱাহাটীত হোৱা এক সমাৰোহত এই দলটো গঠিত হৈছিল।
-
কৃষ্ণ কান্ত বৰা
কৃষ্ণ কান্ত বৰা বৰ্তমান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশ ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় বৰ্ষৰ প্ৰশিক্ষণ প্ৰাপ্ত বৰা দেৱক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিশেষ ভাবে চাত্ৰ সংগঠনৰ কামত নিয়োজন কৰিছে।
-
কৃষ্ণ বৰুৱা
কৃষ্ণ বৰুৱা (ইংৰাজী: Krishna Boruah) শিৱসাগৰ জিলাৰ বকতা মৌজাৰ বৃহত্তৰ পাৰিজাত অঞ্চলটোৰ এজন সব্যসাচী ব্যক্তি, একাধাৰে কবি, গীতিকাৰ, সুৰকাৰ, ঔপন্যাসিক, গল্পকাৰ, সমাজ সংগঠক। ‘এজাক ধুমুহাৰ প্ৰয়োজন’, ‘মৰহা ফুলৰ পাপৰি’ৰ দৰে বিখ্যাত উপন্যাসৰ স্ৰষ্টা বৰুৱাই অৰ্ধশতাধিক গীত ৰচনা কৰাৰ লগতে সুৰো কৰিছে।
-
কৃষ্ণ ভূঞা
কৃষ্ণ ভূঞা অসমৰ এগৰাকী গল্পকাৰ৷ তেখেত আৱাহন যুগৰ প্ৰধান গল্পকাৰসকলৰ মাজৰ এজন আছিল৷
-
কেলি গোপাল
কেলি গোপাল শংকৰদেৱ বিৰচিত এখনি অংকীয়া নাট৷ নাটখনি কীৰ্তন আৰু দশমত সন্নিৱিষ্ট ৰাসলীলাৰ কাহিনীৰেই ৰচিত হৈছে৷ শংকৰদেৱৰ অন্যান্য নাটৰ দৰে এই নাটখনি কাহিনীপ্ৰধান নহয়৷ ই গীত আৰু নৃত্য প্ৰধান নাট৷
-
কেষ্টাৰব্ৰিজৰ মেয়ৰ
কেষ্টাৰব্ৰিজৰ মেয়ৰ এখন বিশ্ববিখ্যাত ইংৰাজী উপন্যাস৷ মূল গ্ৰন্থৰ নাম-The mayor of Casterbridge. উপন্যাসখনৰ লেখক টমাছ হাৰ্ডি৷ ভিক্তোৰিয়ান যুগৰ প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু নাট্যকাৰ টমাছ হাৰ্ডিৰ জন্ম হয় ১৮৪০ খ্ৰীষ্টাব্দৰ ২ জুনত৷ জন্মস্থান ডৰছেটশ্বায়াৰ৷ ১৮৭১ চনত তেখেতৰ প্ৰথম উপন্যাস Desperate…
-
কোমোৰা খেল
কোমোৰা খেল অসমৰ অতি পুৰণি খেল। কোনো খেলৰ সামগ্ৰী নোহোৱাকৈ এই খেল খেলা হয়। সচৰাচৰ এই খেল গৰু চৰাবলৈ যোৱা গৰখীয়াৰ ল’ৰাৰ জাকে সময় পাৰ কৰিবলৈ খেলিছিল। এই খেলত যথেষ্ট ধৈৰ্য আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হয়।
-
কোহিৰাম দাস
কোহিৰাম দাস (Kuhiram Das) এজন শিক্ষাবিদ, সমাজসেৱক, মুক্তি যুঁজাৰু, লিখক আৰু অভিধান প্ৰণেতা আছিল।
-
ক্লক টাৱাৰ, ৰঙিয়া
ক্লক টাৱাৰ ৰঙিয়া হৈছে ভাৰতৰ অসম ৰাজ্যৰ ৰঙিয়াত অৱস্থিত এটা ক্লক টাৱাৰ। টাৱাৰৰ বিভিন্ন দিশত চাৰিটা ঘড়ী আছে। ই বৰলীয়া নদীৰ ওচৰত অৱস্থিত। চহৰখনৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ৰঙিয়া পৌৰসভাই এই টাৱাৰটো নিৰ্মাণ কৰিছে। ই অসমৰ আটাইতকৈ ওখ ঘড়ী স্তম্ভ। টাৱাৰটোৱে দিনটোৰ প্ৰতিটো ঘণ্টাত এটা ঘণ্টা বাজে।
-
ক্ষীৰেন ৰয়
ক্ষীৰেন ৰয় অসমৰ পৰা প্ৰকাশিত কিছুমান ইংৰাজী আৰু অসমীয়া দৈনিক কাকতৰ প্ৰবীণ সাংবাদিক আৰু সম্পাদক আছিল। তেওঁ অসমৰ গোৱালপাৰা জিলাৰ মাটিয়াৰ এখন গাঁৱত জন্ম লাভ কৰে।
-
ক্ষেমৰাজ নেপাল
ক্ষেমৰাজ নেপাল এগৰাকী সাহিত্যিক,অনুবাদক আৰু গৱেষক। সাহিত্য অকাডেমী অনুবাদ বঁটা বিজয়ী ক্ষেমৰাজ নেপালে অসমীয়া, নেপালী আৰু সংস্কৃত ভাষাত ভালে সংখ্যক গ্ৰন্থ ৰচনা কৰিছে। জন্ম ঃ ১৯৫৭ চন
-
কৱচ-কাপোৰ
কৱচ-কাপোৰ ( Kavas-Kapor)হৈছে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি,পাঁজি কাটি, সূতা কাটি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিওৱা এক কাপোৰ বিশেষ। এনেধৰণে প্ৰস্তুত কৰা কাপোৰ পিন্ধি যুঁজলৈ গ'লে সেই যুদ্ধত জয়লাভ কৰে বুলি আহোম ৰজাসকলৰ দিনত বিশ্বাস প্ৰচলিত আছিল।
-
খগেন্দ্ৰ নাথ পাঠক
খগেন্দ্ৰ নাথ পাঠক (Khagendra nath Pathak)ৰ জন্ম হয় ১৯৩৬ চনত বৰপেটাৰ পাটবাউসীত। পিতৃ অমৃতৰাম পাঠক পাটবাউসী সত্ৰৰ মূল পাঠক আছিল। পিতৃৰ মৃত্যুৰ পিছত বংশ পৰম্পৰা ৰক্ষা কৰি খগেন্দ্ৰ নাথ পাঠকে ১৯৪৮ চনত পাটবাউসী সত্ৰৰ পাঠকৰ দায়িত্ব গ্ৰহণ কৰে।