কিন্চুমানৗ আচিন্ (অবুজন মন) ওঁম প্ৰডাকশ্বন ফিল্ম ডিভিজনৰ দ্বাৰা নিৰ্মীয়মান এখন মিচিং ভাষাৰ কথাছবি। চাপৰিৰ ম'হ গুৱালৰ সন্তান ঔচাৰ আৰু অভিজাত পৰিয়ালৰ কন্যা দেৰমীৰ প্ৰেম, ভাল-পোৱা, সংঘাটৰ কাহিনী দৰ্শোৱা এই ছবিখনৰ পৰিচালক যদু তায়েব, প্ৰযোজক ৰক্তিম পেগু। ছবিখনৰ কাহিনীকাৰ মোহন মিলি। অভিনয় কৰিছে সোৱান সিং য়েইন, হৰকান্ত য়েইন, ইভালিনা দলে, দধি উপাধ্যায়, মোহন মিলি, ধীৰেন মিলি ইত্যাদিয়ে। ছবিখনৰ ছুটিঙৰ কাম সমাপ্ত হৈছে আৰু চলিত বৰ্ষৰ শেহৰফালে মুক্তি লাভৰ সম্ভাৱনা আছে।১
তথ্যসূত্ৰ
- ↑ মুক্তিৰ অপেক্ষাত মিচিং কথাছবি 'কিন্চুমানৗ আচিন্', আমাৰ অসম, ২ মে ২০১৫, সাপ্তাহান্তিক পৰিপূৰিকা, পৃ. ৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিন্চুমানৗ আচিন্” প্ৰবন্ধৰ সংশোধন ২৪৫৯৮৫ (১৫ ছেপ্তেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।