অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কীৰ্তি কমল ভূঞা

কীৰ্তি কমল ভূঞা একাধাৰে এজন গীতিকাৰ, কবি, নাট্যকাৰ, অনুবাদক, আবৃত্তিকাৰ, সম্পাদক আৰু সাংবাদিক৷ তেখতে ২০০৪ চনত সম্পূৰ্ণ ৩৮ বছৰ কাৰ্য্যনিৰ্বাহৰ পাছত ৩০ এপ্ৰিলত আকাশবাণীৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ তেখেতে ২০১৫ চনত অসম চৰকাৰৰ দ্বাৰা শিল্পী বঁটা লাভ কৰে৷

হালনাগাদ: ১৬ মাৰ্চ ২০২৫ ৮৪৭ শব্দ · ৫ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

কীৰ্তি কমল ভূঞা একাধাৰে এজন গীতিকাৰ, কবি, নাট্যকাৰ, অনুবাদক, আবৃত্তিকাৰ, সম্পাদক আৰু সাংবাদিক৷১ তেখতে ২০০৪ চনত সম্পূৰ্ণ ৩৮ বছৰ কাৰ্য্যনিৰ্বাহৰ পাছত ৩০ এপ্ৰিলত আকাশবাণীৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ তেখেতে ২০১৫ চনত অসম চৰকাৰৰ দ্বাৰা শিল্পী বঁটা লাভ কৰে৷

জন্ম

তেখেতৰ ১৯৪২ চনৰ ২২ ডিচেম্বৰত জন্ম হয়৷ (প্ৰমাণ-পত্ৰানুসাৰে ১ মে’, ১৯৪৪)৷ অবিভক্ত শিৱসাগৰ এতিয়াৰ গোলাঘাট জিলাৰ গোলাঘাট চহৰৰপৰা ৮ কিলোমিটাৰ দক্ষিণ-পূবৰ কছাৰীহাট কাকতি গাঁৱত৷ পিতৃৰ নাম মহেন্দ্ৰ নাথ ভূঞা আৰু মাতৃৰ নাম নুমলী ভূঞা৷১

শিক্ষা

১৯৫৪ঃ গোলাঘাটৰ কছাৰীহাট কাকতি গাঁও প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা সম্পন্ন৷১ ১৯৫৭ঃ সপ্তম শ্ৰেণীৰ ছাত্ৰাৱস্থাত কমাৰবন্ধা হাইস্কুলৰ বাৰ্ষিক মুখপত্ৰত প্ৰথমটো কবিতা ‘কোন তুমি?’ৰ প্ৰকাশ৷ ১৯৫৮ঃ কমাৰবন্ধা হাইস্কুলত অষ্টমমানত পঢ়ি থাকোঁতে প্ৰথমটো গীত ‘অ’ মোৰ কেঁচা সোণ অ’ই’ৰ ৰচনা৷ ১৯৬১ঃ গোলাঘাটৰ কমাৰবন্ধা হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ৷ ১৯৬২ঃ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰপৰা প্ৰাক-বিশ্ববিদ্যালয় (কলা) পৰীক্ষাত উত্তীৰ্ণ৷ ১৯৬৩-৬৪ঃ তিনিবছৰীয়া স্নাতক (কলা) পাঠ্যক্ৰমৰ বাবে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি আৰু প্ৰথম খণ্ডত উত্তীৰ্ণ৷ ১৯৬৫ঃ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰপৰা স্নাতক দ্বিতীয় খণ্ড তথা চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ৷ নগালেণ্ডৰ ৱাক্‌চিং চৰকাৰী হাইস্কুলত প্ৰায় এবছৰৰ বাবে শিক্ষকতা৷১ ১৯৬৬ঃ ৱাক্‌চিং চৰকাৰী হাইস্কুলৰ শিক্ষকতাৰ পদ ইস্তফা৷ গোলাঘাটৰ তৰফাট হাইস্কুলত শিক্ষক হিচাপে যোগদান (জানুৱাৰীত)৷ পহিলা ছেপ্টেম্বৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰত ঘোষকৰ পদত যোগদান৷ ১৯৬৮ঃ গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি; শিক্ষা অসমাপ্ত৷

সামাজিক জীৱন

তেখেতে ১৯৭৪ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বাবে জীৱনৰ প্ৰথমখন সংগীতালেখ্য বৰদিনৰ ৰচনা আৰু সম্প্ৰচাৰ কৰে৷১ ১৯৭৫ চনত প্ৰথমখন অনূদিত নাটক উইলিয়াম শ্বেইক্সপিয়েৰৰ কিং লীয়েৰৰ অসমীয়া অনাতাঁৰ অভিযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে সম্প্ৰচাৰিত৷ ১৯৭৬ চনত আকাশবাণীৰ গীতিকাৰ হিচাপে স্বীকৃতি লাভ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে সংগীত সংৰচক হেমেন হাজৰিকাৰ সুৰ আৰু শিল্পী ভৱেশ ঠাকুৰৰ গায়কীৰে প্ৰথমটো গীত ‘খবৰ পালোঁ মনৰ বনত ফাগুন আহিল বুলি’ৰ সম্প্ৰচাৰ৷ আকাশবাণীৰ বিশ্ব নাট শিতানত প্ৰচাৰৰ বাবে গ্ৰীক নাট্যকাৰ এস্কাইলাছৰ প্ৰমিথিয়াছ বাউণ্ড (ইংৰাজী অনুবাদ, Prometheus Bound)ৰ পৰা বন্দী প্ৰমিথিয়াছ শিৰোনামেৰে অসমীয়ালৈ অনুবাদ আৰু আকাশবাণীযোগে সম্প্ৰচাৰ৷ ১৯৭৯ চনত সংগীত সংৰচক, শিল্পী মৃণাল কুমাৰ চৌধুৰীৰ সুৰ আৰু শিল্পী অণিমা চৌধুৰীৰ গায়কীৰে প্ৰথমখন ই পি (Extended Play) ৰেকৰ্ডৰ প্ৰকাশ৷ বাণীবন্ধিত গীত দুটা আছিল– ‘মনে কুটেকুটায়/দেহা ৰমেৰমায়’ আৰু ‘কিয়নো আহিলি ফাগুন’৷১ ১৯৮২ চনত কলকাতাৰপৰা স্থানান্তৰিত হৈ গুৱাহাটীৰপৰা প্ৰকাশ আৰম্ভ হোৱা আকাশবাণীৰ অসমীয়া অনাতাঁৰ অনুষ্ঠানসূচীৰ পষেকীয়া বাৰ্তালোচনী আকাশীৰ উপ সম্পাদক হিচাপে যোগদান৷ (প্ৰায় চাৰে চাৰি বছৰ কাৰ্য্যনিৰ্বাহ৷) ১৯৮৩ চনত চলচ্ছিত্ৰৰ বাবে প্ৰথম গীত ৰচনা৷ ছবিৰ নাম নিজৰা (১৯৮৬ত মুক্তি)৷ ১৯৮৪ চনত আকাশবাণীৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমৰ বাবে দিল্লী কেন্দ্ৰৰ উদ্যোগত ইংৰাজী ভাষাত আলেখ্য Assam-ৰ ৰচনা আৰু সম্প্ৰচাৰ৷ একেটা বছৰতে আকাশবাণীৰ জয়পুৰ কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম ‘মে’ অউৰ মেৰী ধৰতী’যোগে আলেখ্য ‘অসম’ৰ হিন্দী ৰূপান্তৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ৷১ শ্ৰব্য সঁফুৰা (কেছেট)ৰ বাবে প্ৰথম গীত ৰচনা৷ এলবামৰ নাম লতা চানেকীয়া, শিল্পীঃ সংগীতা বৰঠাকুৰ৷ ১৯৮৫ চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰদ্বাৰা সম্প্ৰচাৰিত প্ৰথমখন তথ্যচিত্ৰ (বিহু সম্বন্ধীয়) বিহুৰে বিৰিণা পাতৰ চিত্ৰনাট্য ৰচনা আৰু সম্প্ৰচাৰ৷ ১৯৯৪ চনত আকাশবাণীৰ নাট্যানুষ্ঠানৰ বাবে অনূদিত উইলিয়াম শ্বেইক্সপিয়েৰৰ মূল ইংৰাজী নাটৰ অসমীয়া ভাষান্তৰ ডে’নমাৰ্কৰ ৰাজকোঁৱৰ হেম্‌লে’ট কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ পৰিচালনাত ১১টা খণ্ডত আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে সম্প্ৰচাৰ৷১ ২০০১ চনত দুলাল ৰয়ৰ পৰিচালনাত কেৰালাৰ কাছাড়গোড়ত ‘নাট্যভাৰতীঃ ২০০১’ নাট মহোৎসৱত Shakespeare on stage শিতানত ডে’নমাৰ্কৰ ৰাজকোঁৱৰ হেম্‌লে’ট মঞ্চনাটৰূপে পৰিৱেশিত৷ ২০০২ চনত দুলাল ৰয়ৰ পৰিচালনাত দিল্লীত অনুষ্ঠিত ভাৰত ৰংগ মহোৎসৱত ডে’নমাৰ্কৰ ৰাজকোঁৱৰ হেম্‌লে’ট মঞ্চস্থ৷ ২০০৪ চনত সম্পূৰ্ণ ৩৮ বছৰ কাৰ্য্যনিৰ্বাহৰ পাছত ৩০ এপ্ৰিলত আকাশবাণীৰপৰা অৱসৰ গ্ৰহণ৷ ২০১২-২১ চনত অসম সাংস্কৃতিক ন্যাসৰ সাংস্কৃতিক উপ-সমিতিৰ অধ্যক্ষ আৰু ন্যাসৰ সহযোগী সংগঠন প্ৰাগ্‌জ্যোতি সাংস্কৃতিক সমাজৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ৷ ২০১৫ চনত অসম চৰকাৰৰ দ্বাৰা শিল্পী বঁটা প্ৰদান৷ অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থা আদিৰ দ্বাৰা সম্বৰ্ধনা৷১

বৈবাহিক জীৱন

১৯৮৮ চনত যোৰহাটৰ জীয়াৰী আৰাধনা বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়৷ ১৯৮৯ চনত একমাত্ৰ সন্তান কন্যা কুকি (মৈথিলী ভূঞা)ৰ জন্ম৷১

প্ৰকাশিত গ্ৰন্থসম্ভাৰ

গীত

  • গানে গানে; নিৰ্বাচিত গীত সংকলন, ২০০৫, আৰ বি কন্‌ছালটেণ্টছ, গুৱাহাটী১

কবিতা

  • ছৈ হেঙুলীয়া নাও; ২০১০, গ্ৰেজুৱেট ষ্ট’ৰ্‌ছ, যোৰহাট
  • নষ্টাল্‌জিক (অসমীয়া-ইংৰাজী দ্বিভাষিক); ২০২৩, এন এল পাব্লিকেচন্‌ছ, গুৱাহাটী

শিশু-সাহিত্য

  • পদ্যত জীৱ-জন্তু; ২০১০, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী

প্ৰবন্ধ

  • অসমীয়া আধুনিক গীতৰ বিকাশত আকাশবাণীৰ ভূমিকা; ২০১৮, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী১

অনুবাদ

  • হেম্‌লেট; মূলঃ উইলিয়াম শ্বেইক্সপিয়েৰ (ইংৰাজী), ২০০৫, বাণী মন্দিৰ, গুৱাহাটী
  • বন্দী প্ৰমিথিয়াছ; মূলঃ এস্কাইলাছ (গ্ৰীক), (ই এইচ প্লাম্পট্ৰেৰ প্ৰমিথিয়াছ বাউণ্ড আৰু জে এছ ব্লেকীৰ দ্য লিৰিকেল ড্ৰামাজ অব্‌ এস্কাইলাছৰ ইংৰাজী অনুবাদৰপৰা), ২০১২, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী১
  • বিভিন্ন দেশৰ শ্ৰেষ্ঠ গল্প; ২০০৫, ২০১৯, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী
  • বিভিন্ন দেশৰ সাধু; ২০০৭, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী

সম্পাদনা

  • ৰাসায়নিক উদ্যোগৰ বাটকটীয়া সিদ্ধিনাথ কলিতা; ২০০৮, গ্ৰেজুৱেট ষ্ট’ৰ্‌ছ, যোৰহাট
  • জীৱন নামৰ কিবা এটা (নিৰুপমা বৰগোহাঞিৰ নিৰ্বাচিত সানমিহলি ৰচনা); ২০১০, গ্ৰেজুৱেট ষ্ট’ৰ্‌ছ, যোৰহাট
  • আকাশী (আকাশবাণীৰ অনুষ্ঠান সূচীৰ অসমীয়া পষেকীয়া, উপ সম্পাদক), ১৯৮২-৮৬, আকাশবাণী, গুৱাহাটী১

শ্ৰব্য সঁফুৰা (আবৃত্তি)

  • এনেকৈয়ে দিন-ৰাতি; ২০১৬, কুনু-কুকি প্ৰকাশন, গুৱাহাটী

বিভিন্ন সা-সন্মান

বঁটা

  • শিল্পী বঁটা, সাংস্কৃতিক সঞ্চালকালয়, অসম চৰকাৰ, ২০১৫১
  • এনাজৰী বঁটা, সামাজিক-সাংস্কৃতিক সংস্থা ‘এনাজৰী’, গুৱাহাটী, ২০২১

সন্মান

  • গানে গানে আজি কওঁ, কীৰ্তি কমল ভূঞা ৰচিত গীতৰ এসন্ধ্যা (আয়োজকঃ সাংস্কৃতিক গোষ্ঠী ‘অন্বেষণ’, সহযোগঃ সাংস্কৃতিক সঞ্চালকালয়, অসম চৰকাৰ, ৰবীন্দ্ৰ ভৱন, ২২ ডিচেম্বৰ, ২০১৪)১

সম্বৰ্ধনা

  • পুৰণি দিনৰ সোঁৱৰণ (সাংস্কৃতিক অনুষ্ঠান), সাহিত্য-সাংস্কৃতিক গোষ্ঠী ‘উদ্যম’ আৰু ৰামধেনু প্ৰকাশন, তলাতল ঘৰৰ বাকৰি, শিৱসাগৰ, ২০০২১
  • গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থা, ২০১৫
  • জ্যোতিৰূপা নাট সমাৰোহ, ৰবীন্দ্ৰ ভৱন, ২০১৮১
  • অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ২০১৯
  • পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশন, অসম সাহিত্য সভা, ২০২০
  • ২১ সংখ্যক নৱবৰ্ষ মহোৎসৱ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, ২০২১
  • ভাষা ছহিদ দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস, সহঃ উচ্ছায়ুক্ত, বাংলাদেশ (গুৱাহাটী কাৰ্য্যালয়), ২০২১
  • মহাৰজত জয়ন্তী, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় (প্ৰাক্তন ছাত্ৰ হিচাপে), ২০২২
  • ৰূপালী জয়ন্তী, চিৰন্তন সাহিত্যৰ দিন, ২০২২১
  • ষট্‌অষ্টতিতম ৰঙালী বিহু, পশ্চিম গুৱাহাটী বিহু সন্মিলন (ভৰলুমুখ), ২০২২
  • ষষ্ঠচত্বাৰিংশতম প্ৰতিষ্ঠা দিৱস, গুৱাহাটী আৰ্টিষ্টছ্‌ গীল্ড, ২০২২
  • মহাৰজত জয়ন্তী, আকাশবাণী গুৱাহাটী, ২০২৩
  • ৰামকৃষ্ণ পৰমহংসৰ একশত অষ্টঅষ্টতিতম জন্মদিৱস, ৰামকৃষ্ণ মিছন আশ্ৰম, গুৱাহাটী, ২০২৩
  • সোণালী জয়ন্তী, পূব গুৱাহাটী উচ্ছ বিদ্যালয়, গুৱাহাটী, ২০২৩
  • নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি দিৱস, নটসূৰ্য্য, কটন এলাম্‌নাই হল, গুৱাহাটী, ২০২৪
  • শিল্পী দিৱস উপলক্ষে সামাজিক-সাংস্কৃতিক অনুষ্ঠান প্ৰাগজ্যোতিকালয়ৰ সম্বৰ্ধনা, ২০২৫১

তথ্যসূত্ৰ

  1. ↑ কুশল দত্ত. (২৭ জানুৱাৰী, ২০২৫). কীৰ্তি কমল স্মাৰক গ্ৰন্থ. এন এল পাব্লিকেশ্বনছ্

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কীৰ্তি কমল ভূঞা” প্ৰবন্ধৰ সংশোধন ৪৯২৮৩২ (১৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।