ৰাজনীতিবিদ
২৩২ প্ৰবন্ধ
-
জানেট অ'কালা
জেনেট অ'কালা(Janet Okala; ১৮৯৪–১৯৭১) আছিল নাইজেৰিয়াৰ এগৰাকী ৰাজনৈতিক নেত্ৰী আৰু সম্প্ৰদায়-সংগঠক। আবা মহিলা যুদ্ধৰ সময়ত তেওঁ প্ৰতিবাদৰ নেতৃত্ব দিছিল আৰু নাইজেৰিয়াৰ মহিলাৰ ৰাজনৈতিক ক্ষমতাৰ পোষকতা কৰিবলৈ স্থানীয় আৰু ৰাষ্ট্ৰীয়ভাৱে জড়িত সংগঠন গঠন কৰিছিল।
-
জাহানাৰা শ্বাহনৱাজ
বেগম জাহানাৰা শ্বাহনৱাজ (বা জেহান আৰা শ্বাহ নৱাজ, জন্ম: ৭ এপ্ৰিল ১৮৯৬ – মৃত্যু: ২৭ নৱেম্বৰ ১৯৭৯) ব্ৰিটিছ ভাৰতৰ, বৰ্তমানৰ পাকিস্তানৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ মিয়ান মহম্মদ শ্বাহনৱাজৰ পত্নী ছাৰ মহম্মদ শ্বাফীৰ কন্যা।
-
জাৰতাজ গুল
জাৰতাজ গুল ৱাজিৰ ( উৰ্দু: زرتاجگُل وزیر ) এজন পাকিস্তানী ৰাজনীতিবিদ যিয়ে জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ৫ অক্টোবৰৰ পৰা ২০২২ চনৰ ১০ এপ্ৰিললৈকে ইমৰান খানক অনাস্থা প্ৰস্তাৱৰ দ্বাৰা পদচ্যুত কৰা হৈছিল।
-
জিকো লুভেনি
জিকো ফাটাফেহি লুভেনি (প্ৰায় ১৯৪৬ – ২২ ডিচেম্বৰ ২০১৮) ফিজিৰ এজন ৰাজনীতিবিদ আৰু ফিজিৰ সংসদৰ অধ্যক্ষ আছিল। অধ্যক্ষৰ পদ গ্ৰহণৰ বাবে দলৰ সদস্যপদৰপৰা পদত্যাগ কৰাৰ পূৰ্বে ফিজিফাৰ্ষ্ট দলৰ সদস্য আছিল।
-
জিপি লিভনি
জিপি লিভনি (Tziporah Malka "Tzipi" Livni) (জন্ম: ৮ জুলাই ১৯৫৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, কূটনীতিবিদ আৰু উকীল৷ নেচেটৰ প্ৰাক্তন সদস্য আৰু কেন্দ্ৰ বাওঁপন্থী ৰাজনৈতিক শিবিৰৰ নেতা লিভনি এগৰাকী প্ৰাক্তন বৈদেশিক মন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, ন্যায় মন্ত্ৰী আৰু বিৰোধী-নেত্ৰী।
-
জুবেইদা জালাল
জুবেইদা জালাল খান (Zubaida Jalal) এগৰাকী পাকিস্তানী ৰাজনীতিবিদ, এগৰাকী শিক্ষক, মুক্তিবাদী আৰু সমাজ কৰ্মী যি ২০১৮ চনৰ আগষ্টৰ পৰা ২০২২ চনৰ এপ্ৰিল মাহলৈকে প্ৰতিৰক্ষা উৎপাদন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জেচিকা আলুপো
জেচিকা ৰোজ এপেল আলুপো (জন্ম ২৩ মে' ১৯৭৪) সাধাৰণতে জেচিকা আলুপো নামেৰে জনাজাত উগাণ্ডাৰ এগৰাকী ৰাজনীতিবিদ যি ২০২১ চনৰ পিছত উগাণ্ডাৰ নৱম আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি। তেওঁ এগৰাকী শিক্ষাবিদ, আৰু প্ৰাক্তন সামৰিক বিষয়াও।
-
জেনেট নেপোলিটানো
জেনেট এন নেপোলিটানো ( Janet Napolitano; জন্ম ২৯ নৱেম্বৰ, ১৯৫৭) এগৰাকী আমেৰিকান ৰাজনীতিবিদ আৰু উকীল। ২০১৫ চনৰ পৰা বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গোল্ডমেন স্কুল অৱ পাব্লিক পলিচিৰ অধ্যাপক হিচাপে কাম কৰি আহিছে।
-
জেহেভা গেলন
জেহেভা গেলন (Zeheva Galon; জন্ম: ৪ জানুৱাৰী ১৯৫৬), এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, গৱেষণা প্ৰতিষ্ঠান ZULAT for Equality and Human Rights-ৰ সভানেত্ৰী আৰু Meretz-ৰ প্ৰাক্তন নেত্ৰী।
-
টি.এছ. সৌন্দৰম ৰামচন্দ্ৰন
টি.এছ.সৌন্দৰম ৰামচন্দ্ৰন (T. S. Soundaram) (জন্ম: ১৮ আগষ্ট ১৯০৪ – মৃত্যু: ২১ অক্টোবৰ ১৯৮৪) এগৰাকী ভাৰতীয় চিকিৎসক, সমাজ সংস্কাৰক আৰু ৰাজনীতিবিদ আছিল আৰু ভাৰতৰ অন্যতম বৃহৎ ঔদ্যোগিক সংঘ টি ভি এছ গ্ৰুপ অৱ কোম্পানী বুলি জনাজাত জনপ্ৰিয় টি ভি সুন্দৰাম আয়েংগাৰ এণ্ড সন্স লিমিটেডৰ প্ৰতিষ্ঠাপক টি ভি…
-
তাৰানা হালিম
তাৰানা হালিম (ইংৰাজী: Tarana Halim; জন্ম: ১৬ আগষ্ট ১৯৬৬) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ, প্ৰাক্তন অধিবক্তা, দূৰদৰ্শন তথা চলচ্চিত্ৰ অভিনেত্ৰী আৰু নাট্যকাৰ। ২০১৮ চনৰ জানুৱাৰী মাহত তেওঁক তথ্য ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।
-
দানা দ্ৰাবোভা
দানা দ্ৰাবোভা (ইংৰাজী: Dana Drábová; ৩ জুন ১৯৬১ – ৬ অক্টোবৰ ২০২৫) এগৰাকী চেক পদাৰ্থ বিজ্ঞানী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০২৫ চনলৈকে ষ্টেট অফিচ ফৰ নিউক্লিয়েৰ চেফটিৰ অধ্যক্ষ আছিল আৰু ২০২৩ চনত কনভেনচন অন নিউক্লিয়েৰ চেফটিৰ সদস্য দেশসমূহৰ বৈঠকৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দাৰিউছ ফৌৰৌহৰ
দাৰিউছ ফৌৰৌহাৰ (Dariush Forouhar) (জন্ম, ১৮ আগষ্ট ১৯২৮ – মৃত্যু,২২ নৱেম্বৰ ১৯৯৮) এজন ইৰাণী ৰাজনীতিবিদ, প্যান-ইৰানিষ্ট পাৰ্টিৰ প্ৰাৰম্ভিক সদস্য আৰু ইৰাণৰ নেচন পাৰ্টিৰ নেতা আছিল। ১৯৯৮ চনত তেওঁ আৰু তেওঁৰ পত্নী পৰ্বনেহ ফৌহৰক ঘৰতে ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল।
-
দেৱী খড়কা
দেৱী খড়কা নেপালৰ দোলখা জিলাৰ এগৰাকী কমিউনিষ্ট ৰাজনীতিবিদ। তেওঁ বৰ্তমান নেপালৰ প্ৰতিনিধি পৰিষদৰ সদস্য।
-
নবাম টুকি
নাবাম টুকি (জন্ম ৭ জুলাই ১৯৬৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।তেওঁ ২০১১ ৰ পৰা ২০১৬ ৰ ভিতৰত দুবাৰ এই পদত অধিষ্ঠিত হৈছিল। তেওঁৰ প্ৰথম কাৰ্যকাল আছিল নৱেম্বৰ ২০১১ ৰ পৰা জানুৱাৰী ২০১৬ লৈ, আনহাতে দ্বিতীয় কাৰ্যকাল ২০১৬ চনৰ জুলাই মাহত মাত্ৰ ৩ দিন চলিছিল।
-
নমিতা
নমিতা ভাংকৱালা (ইংৰাজী: Namitha Vankawala; জন্ম: ১০ মে’, ১৯৮১) তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য। তেওঁ প্ৰথমাৱস্থাত এগৰাকী অভিনেত্ৰী আৰু মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
নাইচুলা লেছুডা
নাইচুলা জোচেফিন লেছুডা (Naisula Josephine Lesuuda,জন্ম: ৩০ এপ্ৰিল ১৯৮৪), এগৰাকী কেনিয়াৰ ৰাজনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ কেনিয়াৰ সংসদৰ সদস্য।
-
নাছৰোলা এণ্টেজাম
নাছৰোলা এণ্টেজাম (Nasrollah Entezam) পাৰ্চী ভাষাত নাছৰ-আল্লাহ এণ্টেজাম। (জন্ম,১৬ ফেব্ৰুৱাৰী ১৯০০ – মৃত্যু,১৯ ডিচেম্বৰ ১৯৮০) আছিল এগৰাকী কূটনীতিবিদ, ৰাজনীতিবিদ আৰু ইৰানৰ মন্ত্ৰী। তেওঁ আমেৰিকা আৰু ফ্ৰান্সত ইৰাণৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নামিৰেম্বে বিতামাজিৰে
জেৰাল্ডিন নামিৰেম্বে বিতামাজিৰে (১৭ জুলাই ১৯৪১ – ১৪ জানুৱাৰী ২০২৬) উগাণ্ডাৰ এগৰাকী শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। তেওঁ উগাণ্ডা মেনেজমেণ্ট ইনষ্টিটিউটৰ চ্যান্সেলৰ আছিল। ১৯৭৯ চনৰপৰা ১৯৮০ চনলৈ আৰু পুনৰ ২০০৫ চনৰপৰা ২০১১ চনলৈ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নিতিন নবীন
নিতিন নবীন (Nitin Nabin) ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী আৰু ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা। বৰ্তমান তেওঁ দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২৫ চনৰ ডিচেম্বৰ মাহত দলটোৰ সংসদীয় ব’ৰ্ডে তেওঁক এই পদত নিযুক্তি দিছিল।
-
নিয়াৰমালা বাদ্ৰিছিং
নিয়াৰমালা বাদ্ৰিছিং (জন্ম ৪ জুলাই ১৯৬২ চন) এগৰাকী চুৰিনামৰ মহিলা কূটনীতিবিদ আৰু ৰাজনীতিবিদ। তেওঁ ২০১৫ চনৰ ১২ আগষ্টৰপৰা ২০১৭ চনৰ ১ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাষ্ট্ৰপতি ডেচি বাউটাৰ্ছৰ মন্ত্ৰীসভাত চুৰিনামৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল।
-
নিহাৰ ৰঞ্জন দাস
নিহাৰ ৰঞ্জন দাস এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৪ চনৰপৰা অসম বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে ধলাই বিধানসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰি জয়লাভ কৰে।
-
নীলা কাদ্ৰী বালোছ
নীলা কাদ্ৰী বালোছ (Naela Quadri Baloch (জন্ম: ১৮ জুলাই, ১৯৬৫ চনত কুৱেটা, বেলুচিস্তান, পাকিস্তান) এগৰাকী বেলুচ ৰাজনীতিবিদ, নাৰী অধিকাৰৰ কৰ্মী, লেখিকা, কবি আৰু বেলুচ কাউম পৰস্তাৰ অধিকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বক্তৃতা প্ৰদান কৰা মহিলা।
-
নেন্সি পেলোচি
নেন্সি পেট্ৰিচিয়া পেলোচি ( Nancy Patricia Pelosi; জন্ম ২৬ মাৰ্চ, ১৯৪০) এগৰাকী আমেৰিকান ৰাজনীতিবিদ যিয়ে ২০০৭ চনৰ পৰা ২০১১ চনলৈকে আৰু পুনৰ ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে আমেৰিকাৰ প্ৰতিনিধি সদনৰ ৫২ সংখ্যক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে ২০০৩ চনৰ পৰা ২০২৩ চনলৈকে হাউছ ডেম'ক্ৰেট দলৰ নেতৃত্ব দিয়ে।
-
নেলী সেনগুপ্ত
নেলী সেনগুপ্ত ( Nellie Sengupta; জন্ম: এডিথ এলেন গ্ৰে; ১২ জানুৱাৰী ১৮৮৮- ২৩ অক্টোবৰ ১৯৭৩) ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া এগৰাকী ইংৰাজ মহিলা। প্ৰথম মহিলা এল্ডাৰমেন হিচাপে ১৯৩৩ চনত কলিকতাত অনুষ্ঠিত হোৱা ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী নিৰ্বাচিত হয়।
-
পি এচ নটৰাজ পিল্লাই
পি এছ নটৰাজ পিল্লাই ( P. S. Nataraja Pillai; মাৰ্চ, ১৮৯১ – ১৯৬৬)
-
পোনাকণ বৰুৱা
পোনকান বৰুৱা অসম গণ পৰিষদৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত চাবুৱা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল।
-
প্ৰমিলা জয়পাল
প্ৰমিলা জয়পাল (ইংৰাজী: Pramila Jayapal; জন্ম ২১ ছেপ্টেম্বৰ, ১৯৬৫) এগৰাকী আমেৰিকান ৰাজনীতিবিদ যিয়ে ২০১৭ চনৰপৰা ৱাশ্বিংটনৰ ৭ম কংগ্ৰেছ জিলাৰপৰা আমেৰিকাৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
প্ৰিয়ংকা চতুৰ্বেদী
প্ৰিয়ংকা বিক্ৰম চতুৰ্বেদী (Priyanka Vickram Chaturvedi) (জন্ম ১৯ নৱেম্বৰ ১৯৭৯) মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য আৰু শিৱসেনাৰ (ইউ বি টি) উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু অন্যতম ৰাষ্ট্ৰীয় মুখপাত্ৰ আছিল।
-
ফাংনন কন্যাক
এছ ফাংনন কন্যাক এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি, নাগালেণ্ড গোটৰ মহিলা মৰ্চাৰ সভাপতি। ২০২২ চনৰ মাৰ্চ মাহত, তেওঁ নাগালেণ্ডৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়।