অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰমিলা জয়পাল

প্ৰমিলা জয়পাল (ইংৰাজী: Pramila Jayapal; জন্ম ২১ ছেপ্টেম্বৰ, ১৯৬৫) এগৰাকী আমেৰিকান ৰাজনীতিবিদ যিয়ে ২০১৭ চনৰপৰা ৱাশ্বিংটনৰ ৭ম কংগ্ৰেছ জিলাৰপৰা আমেৰিকাৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৬ ৪৬১ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰমিলা জয়পাল (ইংৰাজী ভাষা: Pramila Jayapal; জন্ম ২১ ছেপ্টেম্বৰ, ১৯৬৫)১ এগৰাকী আমেৰিকান ৰাজনীতিবিদ যিয়ে ২০১৭ চনৰপৰা ৱাশ্বিংটনৰ ৭ম কংগ্ৰেছ জিলাৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৫ চনৰপৰা ২০১৭ চনলৈকে ৱাশ্বিংটন ষ্টেটৰ চেনেটত ৩৭সংখ্যক বিধানসভা জিলাক প্ৰতিনিধিত্ব কৰা জয়পালে আমেৰিকাৰ প্ৰতিনিধি সদনত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী ভাৰতীয় আমেৰিকান মহিলা। জিলাখনৰ প্ৰথমগৰাকী মহিলা কংগ্ৰেছ সদস্য, তেওঁ ফেডাৰেল পৰ্যায়ত ৱাশ্বিংটনক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী এছিয়ান আমেৰিকান।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

জয়পালৰ জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৫ চনত ভাৰতৰ চেন্নাই চহৰত এটা মালয়ালি নায়াৰ পৰিয়ালত হৈছিল। তেওঁৰ মাতৃ মায়া জয়পাল এগৰাকী লেখিকা আৰু পিতৃ জয়পাল মেনন এজন বিপণন পেছাদাৰী আছিল।২৩ শৈশৱৰ অধিকাংশ সময় তেওঁ ইণ্ডোনেছিয়া আৰু ছিংগাপুৰত কটাইছিল।২ তেওঁ হিন্দী ভাষা ক’ব পাৰে যদিও মালয়ালম ভাষাত সম্পূৰ্ণ সাবলীল নহয়।৪

জয়পালে জাকাৰ্তা ইণ্টাৰকালচাৰেল স্কুলত অধ্যয়ন কৰিছিল।৫ ১৯৮২ চনত, ১৬ বছৰ বয়সত, তেওঁ উচ্চশিক্ষাৰ বাবে যুক্তৰাষ্ট্ৰলৈ যায়। তেওঁ জৰ্জটাউন বিশ্ববিদ্যালয়ৰপৰা কলা শাখাত স্নাতক (বি.এ.) ডিগ্ৰী আৰু নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ কেলগ স্কুল অৱ মেনেজমেণ্টৰপৰা ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ (এম.বি.এ.) ডিগ্ৰী অৰ্জন কৰে।৬

স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত জয়পালে পেইনৱেবাৰ সংস্থাত আৰ্থিক বিশ্লেষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তাত কৰ্মৰত অৱস্থাত তেওঁ চিকাগোৰপৰা থাইলেণ্ডলৈকে বিভিন্ন উন্নয়ন প্ৰকল্পত জড়িত আছিল। পিছলৈ তেওঁ এটা চিকিৎসা-সামগ্ৰী কোম্পানীত বিক্ৰী আৰু বিপণনত স্বল্পকাল কাম কৰে আৰু ১৯৯১ চনত ৰাজহুৱা খণ্ডলৈ আগবাঢ়ে।৭

ব্যক্তিগত জীৱন

জয়পাল পূৰ্বে এলান প্ৰেষ্টনৰ সৈতে বিবাহবন্ধনত আবদ্ধ হৈছিল।৮ ভাৰতত অকাল প্ৰসূতিৰ ফলত সন্তান জন্ম দিয়াৰ সময়ত তেওঁ সময়মতে যুক্তৰাষ্ট্ৰলৈ উভতি যাব নোৱাৰাত নিজৰ স্থায়ী বাসিন্দা মৰ্যাদা বজাই ৰাখিবলৈ অপাৰগ হয় আৰু সেই সময়ছোৱাত তেওঁৰ গ্ৰীণ কাৰ্ড বাতিল হয়।৯ তেওঁ ২০০০ চনত যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰে।

তেওঁৰ ৰচিত গ্ৰন্থ ‘পিলগ্ৰিমেজ: ৱান উমেনছ ৰিটাৰ্ন টু আ চেঞ্জিং ইণ্ডিয়া’ ২০০০ চনৰ মাৰ্চ মাহত প্ৰকাশ পায়।১০১১

বৰ্তমান তেওঁ স্বামী ষ্টিভেন আৰ. উইলিয়ামছনৰ সৈতে ছিয়েটল চহৰত বাস কৰে।১২ প্ৰেষ্টনৰ সৈতে পূৰ্ববিবাহৰপৰা তেওঁৰ কাশিকা নামৰ সন্তান আছে, যিয়ে নিজকে ট্ৰান্সজেণ্ডাৰ বুলি চিনাক্ত কৰে আৰু পূৰ্বতে নন-বাইনাৰী লিংগ হিচাপে পৰিচয় দিছিল।১৩১৪ তেওঁৰ মাইকেল নামৰ এজন সৎপুত্ৰও আছে।

২০১৯ চনত জয়পালে ৰাজহুৱাভাৱে উল্লেখ কৰে যে মাতৃ আৰু গৰ্ভস্থ শিশুৰ স্বাস্থ্যজনিত ঝুঁকিৰ বাবে তেওঁ এটা গৰ্ভপাতৰ সিদ্ধান্ত লৈছিল।১৫

তেওঁৰ জ্যেষ্ঠ ভগ্নী সুসীলা জয়পালে ২০১৯ চনৰপৰা মাল্টনোমা কাউণ্টি আয়োগত কাৰ্যনিৰ্বাহ কৰি আহিছে।১৬ ২০২৩ চনত আৰ্ল ব্লুমেনাউৰে ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ঘোষণা কৰাৰ পাছত সুসীলাই অ'ৰেগনৰ তৃতীয় কংগ্ৰেছ জিলাৰপৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে।১৭১৮১৯ অৱশেষত ডেম'ক্ৰেটিক প্ৰাথমিক নিৰ্বাচনত তেওঁ মেক্সিন ডেস্কটৰৰ হাতত পৰাস্ত হয়।২০

২০২১ চনৰ ১১ জানুৱাৰীত জয়পালৰ কোভিড-১৯ পজিটিভ ধৰা পৰে। ৰোগ নিৰ্ণয়ৰ পিছত প্ৰকাশ কৰা এক বিবৃতিত তেওঁ ২০২১ চনৰ যুক্তৰাষ্ট্ৰীয় কেপিটল আক্ৰমণৰ সময়ত কংগ্ৰেছ সদস্যসকলক লকডাউন অৱস্থাতো মুখাৱৰণ পিন্ধিবলৈ অস্বীকাৰ কৰা কিছুমান ৰিপাব্লিকান সহকৰ্মীক সমালোচনা কৰে।২১

২০২২ চনৰ ৯ জুলাইত ছিয়েটলৰ বাসিন্দা ব্ৰেট ফ'ৰচেলে জয়পালৰ ছিয়েটলস্থিত গৃহৰ সন্মুখত আহি অশালীন শব্দ আৰু হত্যাৰ হুমকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হয়।২২ অধিক প্ৰমাণ সংগ্ৰহৰ পিছত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয়।২৩ তেওঁ কেইবাবাৰো গৃহৰ সন্মুখেদি গাড়ী চলাই গৈ গালি-গালাজ কৰিছিল আৰু গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ হাতত এটা লোডেড পিষ্টল আছিল। তেওঁৰ বিৰুদ্ধে ফৌজদাৰী অনুসৰণ (ষ্টকিং)ৰ অভিযোগ আনি ১,৫০,০০০ ডলাৰৰ জামিনত মুকলি কৰা হয়।২৪ ২০২৩ চনৰ জুন মাহত ফ'ৰচেলে দোষ স্বীকাৰ কৰি ৩৬৪ দিন কাৰাদণ্ড আৰু তাৰ পিছত ২৪ মাহ পৰ্যন্ত পৰ্যবেক্ষণাধীন শাস্তি লাভ কৰে।২৫

তথ্যসূত্ৰ

  1. ↑ Office of the House Historian. Jayapal, Pramila. Biographical Directory of the United States Congress
  2. ↑ About. Pramila Jayapal
  3. ↑ (November 19, 2016). Indian American Congresswoman Pramila Jayapal's parents: 'She's interested in social justice'. Firstpost
  4. ↑ Lakshmi, Padma. (March 25, 2021). Congresswoman Pramila Jayapal and Padma Lakshmi on Politics, Policy, and Purpose. Interview
  5. ↑ (April 19, 2023). Jakarta Intercultural School proudly welcomes the return of one of their own
  6. ↑ Pramila Moves to West Seattle. Pramila Jayapal
  7. ↑ (December 3, 2012). About. Congresswoman Pramila Jayapal
  8. ↑ (June 25, 2001). Pramila Jayapal talks about her book 'Pilgrimage: One Woman's Return to a Changing India'. India Today
  9. ↑ (July 14, 2017). Rep. Pramila Jayapal Urges President Trump to Open Doors To Immigrants. News India Times
  10. ↑ Nonfiction Book Review: Pilgrimage: One Woman's Return to a Changing India by Pramila Jayapal. Publishers Weekly
  11. ↑ Stephen, David. (June 25, 2001). Pramila Jayapal talks about her book Pilgrimage: One Woman's Return to a Changing India. India Today
  12. ↑ Pramila Jayapal. Facebook
  13. ↑ About Me
  14. ↑ Watch: Rep. Jayapal tearfully reveals child came out as gender nonbinary. NBC News
  15. ↑ Jayapal, Pramila. (June 13, 2019). Opinion · Rep. Pramila Jayapal: The Story of My Abortion. The New York Times
  16. ↑ Nakamura, Beth; Hammond, Betsy. Jayapal sworn in as Oregon's first Indian American to hold elected county office. The Oregonian
  17. ↑ (November 1, 2023). Portland's Susheela Jayapal Is Ready To Join Her Sister In Congress. Yahoo News
  18. ↑ (October 31, 2023). Susheela Jayapal, sister of Pramila, will run for Congress, resign from Multnomah County Commission seat, sources say. The Seattle Times
  19. ↑ Azi Paybarah. (1 November 2023). Rep. Pramila Jayapal’s sister looks to join her in Congress. The Washington Post
  20. ↑ VanderHart, Dirk. (May 22, 2024). Maxine Dexter easily winning race to replace U.S. Rep. Earl Blumenauer. Oregon Public Broadcasting
  21. ↑ Traister, Rebecca. (January 11, 2021). Congresswoman Pramila Jayapal Has Tested Positive for Covid. The Cut
  22. ↑ (July 13, 2022). Man accused in threats to kill Rep. Pramila Jayapal released. Komo News
  23. ↑ (July 28, 2022). Man accused of threatening to kill Rep. Pramila Jayapal charged with felony stalking. Komo News
  24. ↑ Cramer, Ruby. (September 8, 2022). When a man with a pistol shows up outside a congresswoman's house: Rep. Pramila Jayapal (D-Wash.) recounts the night an armed man shouted at her and her husband outside their Seattle home — and how threats of political violence haunt and alter the lives of elected officials.. Washington Post
  25. ↑ (June 29, 2023). Man pleads guilty to stalking in case involving US Rep. Pramila Jayapal. King5

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিৰাজনীতিবিদভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰমিলা জয়পাল” প্ৰবন্ধৰ সংশোধন ৫৭৯২৫৯ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।