অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিপি লিভনি

জিপি লিভনি (Tziporah Malka "Tzipi" Livni) (জন্ম: ৮ জুলাই ১৯৫৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, কূটনীতিবিদ আৰু উকীল৷ নেচেটৰ প্ৰাক্তন সদস্য আৰু কেন্দ্ৰ বাওঁপন্থী ৰাজনৈতিক শিবিৰৰ নেতা লিভনি এগৰাকী প্ৰাক্তন বৈদেশিক মন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, ন্যায় মন্ত্ৰী আৰু বিৰোধী-নেত্ৰী।

হালনাগাদ: ১০ জুন ২০২৬ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

জিপি লিভনি (Tziporah Malka "Tzipi" Livni) (জন্ম: ৮ জুলাই ১৯৫৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, কূটনীতিবিদ আৰু উকীল৷ নেচেটৰ প্ৰাক্তন সদস্য আৰু কেন্দ্ৰ বাওঁপন্থী ৰাজনৈতিক শিবিৰৰ নেতা লিভনি এগৰাকী প্ৰাক্তন বৈদেশিক মন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, ন্যায় মন্ত্ৰী আৰু বিৰোধী-নেত্ৰী। ইজৰাইল-পেলেষ্টাইন সংঘাত সমাধানৰ দিশত আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে তেওঁ পৰিচিত।১২

গোল্ডা মেইৰৰ পিছত ইজৰাইলৰ আটাইতকৈ শক্তিশালী মহিলা বুলি লিভনিক বহুলভাৱে গণ্য কৰা হয়৷৩১ তেওঁৰ সমগ্ৰ কেৰিয়াৰত আঠটা ভিন্ন কেবিনেট পদত কাৰ্যনিৰ্বাহ কৰি এগৰাকী ইজৰাইলী মহিলাই গ্ৰহণ কৰা বেছিভাগ চৰকাৰী ভূমিকাৰ অভিলেখ গঢ়িছে।৪তেওঁ ইজৰাইলৰ প্ৰথমগৰাকী মহিলা উপ-প্ৰধানমন্ত্ৰী, ন্যায় মন্ত্ৰী, কৃষি মন্ত্ৰী, আৰু গৃহ নিৰ্মাণ মন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এটা বিশিষ্ট সোঁপন্থী, সংশোধনীবাদী জিয়নিষ্ট পৰিয়ালত জন্মগ্ৰহণ কৰা লিভনি দুখন ৰাষ্ট্ৰৰ সমাধানৰ সমৰ্থনত ইজৰাইলৰ অন্যতম আগশাৰীৰ কণ্ঠস্বৰ হৈ পৰিছে—যিটোৱে ইজৰাইলৰ নিৰাপত্তা আৰু ইহুদী আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে পৰিচয় নিশ্চিত কৰে। ইজৰাইল আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁৰ সমৰ্থকসকলৰ ভিতৰত লিভনীক "সৎ ৰাজনীতিবিদ" হিচাপে তেওঁৰ ভাবমূৰ্তিৰ বাবে "মিচেছ ক্লিন" বুলি নাম দিয়া হৈছিল।"৫৬৭৮৯১০

২০০১ চনৰ পৰা ২০০৯ চনলৈকে লিভনীয়ে এৰিয়েল শ্বেৰন আৰু ইহুদ অলমাৰ্টৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ বিশেষকৈ বৈদেশিক মন্ত্ৰী হিচাপে, এই সময়ছোৱাত তেওঁ পেলেষ্টাইনীসকলৰ সৈতে একাধিকবাৰ শান্তি আলোচনাৰ নেতৃত্ব দিছিল। ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত লিভনিয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছিল যদিও দেশৰ ৰাজনৈতিক অৱস্থাৰ বাবে তেওঁ চৰকাৰ গঠনত বাধাৰ সৃষ্টি কৰিছিল। পিছৰ বছৰত তেওঁ নিজৰ দলটোক নেতৃত্ব দি নেচেটত বহুসংখ্যক আসন লাভ কৰে যদিও নেচেটত সোঁপন্থী দলসমূহৰ সংখ্যাগৰিষ্ঠতাৰ বাবে পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰা বাধা দিয়া হয়। ফলস্বৰূপে ২০০৯ চনৰ পৰা ২০১২ চনত নেচেটৰ পৰা পদত্যাগ নকৰালৈকে তেওঁ বিৰোধী-নেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।১১

সেই বছৰৰ শেষৰ ফালে লিভনিয়ে ২০১৩ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হাটনুৱাহ,১২নামৰ এটা নতুন দল প্ৰতিষ্ঠা কৰে, তাৰ পিছত ইজৰাইলৰ চৰকাৰৰ ন্যায় মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে৷ তেওঁ পুনৰ ইজৰাইল-পেলেষ্টাইনৰ শান্তি আলোচনাৰ নেতৃত্ব দিয়ে। ২০১৪ চনৰ ডিচেম্বৰ মাহত চৰকাৰৰ ভিতৰত কেইবাটাও নীতিগত বিবাদৰ ফলত বেঞ্জামিন নেতানিয়াহুৱে লিভনিক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰি নতুন নিৰ্বাচন আহ্বান কৰে। ২০১৫ চনৰ নিৰ্বাচনত লিভনিয়ে লেবাৰ পাৰ্টিৰ নেতা আইজাক হাৰ্জগৰ সৈতে মিলি তেওঁলোকৰ দুটা দলৰ এক ঐক্যবদ্ধ ব্লক জায়নিষ্ট ইউনিয়ন গঠন কৰে। ২০১৯ চনৰ জানুৱাৰী মাহত আভি গাবাই ঘোষণা কৰিছিল যে ২০১৯ চনৰ এপ্ৰিল মাহৰ ইজৰাইলৰ বিধানসভা নিৰ্বাচনত হাটনুৱাৰ সৈতে লেবাৰে নিৰ্বাচনত অৱতীৰ্ণ নহয়। ২০১৯ চনৰ ১৮ ফেব্ৰুৱাৰীত কেইবা সপ্তাহ ধৰি নিৰ্বাচনৰ ফলাফল বেয়া হোৱাৰ পিছত লিভনিয়ে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ লগতে হাটনুৱে নিৰ্বাচনৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰে।১৩

তথ্যসূত্ৰ

  1. ↑ Senor, Daniel Senor; Livni, Tziporah Malka. (5 June 2024). The last Israeli to negotiate with the Palestinians - with Tzipi Livni (Part 1). Call Me Back - with Dan Senor
  2. ↑ If the previous footnote (linking to a URL that may have worked OK at some time in the past ... a URL at the domain name "music.youtube.com") does not seem to work [now] [/"for you"] (as in ... if it is [now] [/"for you"] a ""), then this one (from Apple Podcasts, instead of from YouTube Music) might work better: Senor, Daniel Samuel; Livni, Tziporah Malka. (4 June 2024). Episode 231 -- The last Israeli to negotiate with the Palestinians - with Tzipi Livni (Part 1). Call Me Back - with Dan Senor
  3. ↑ (1 August 2008). Israel's foreign minister has edge in party race. Reuters
  4. ↑ Knesset Member, Tzipi Livni. Knesset.gov.il
  5. ↑ (2009-02-26). חדשות 2 – תכנית הילדים החדשה של ציפי לבני. Mako.co.il
  6. ↑ Benny Morris. (14 December 2008). Israel's crisis of leadership. Los Angeles Times
  7. ↑ Westcott, Kathryn. (2 May 2007). Tzipi Livni: Israel's 'Mrs Clean'. BBC News
  8. ↑ (24 April 2009). Livni, don't give in. Haaretz
  9. ↑ McGirk, Tim. (5 June 2008). Israel's Mrs. Clean. Time
  10. ↑ Isabel Kershner. (26 October 2008). As Israeli Elections Are Called, Livni Is Assessed. The New York Times
  11. ↑ Seventeenth Knesset: Government 31. Knesset.gov.il
  12. ↑ (14 March 2015). Israel election: Who are the key candidates?. BBC News
  13. ↑ Wootliff, Raoul; staff, T. O. I. Leaving politics, Livni warns this election may be last gasp of democracy. www.timesofisrael.com

সম্পৰ্কিত শ্ৰেণী

ইজৰাইলৰ নাৰী অধিকাৰ কৰ্মীইজৰাইলৰ ব্যক্তিমহিলা ৰাজনীতিবিদসমাজকৰ্মীৰাজনীতিবিদকুৰি শতিকাৰ ব্যক্তিঅধিবক্তাকূটনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিপি লিভনি” প্ৰবন্ধৰ সংশোধন ৬১১৭০৮ (১০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।