জেহেভা গেলন (Zeheva Galon; জন্ম: ৪ জানুৱাৰী ১৯৫৬), এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, গৱেষণা প্ৰতিষ্ঠান ZULAT for Equality and Human Rights-ৰ সভানেত্ৰী আৰু Meretz-ৰ প্ৰাক্তন নেত্ৰী। তেওঁ ১৯৯৯ চনৰ পৰা ২০১৭ চনলৈকে নেচেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ গেলনে ২০২২ চনৰ ইজৰাইলৰ বিধানসভা নিৰ্বাচনত মেৰেটজৰ নেতা হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচনী সীমা অতিক্ৰম কৰিব নোৱাৰিলে।
জীৱনী
১৯৫৬ চনত ছোভিয়েট ইউনিয়নৰ ভিলনিয়াছত (বৰ্তমান লিথুৱেনিয়াত) গেলনে জন্মগ্ৰহণ কৰিছিল। ১৯৬০ চনত চাৰি বছৰ বয়সতে পিতৃ-মাতৃৰ সৈতে তেওঁ ইজৰাইললৈ প্ৰব্ৰজন কৰে৷ তেওঁৰ পিতৃ আৰিয়েহ (জন্ম ৩০ ডিচেম্বৰ ১৯২৫), ছ’লেল ব’নেহৰ (এটা নিৰ্মাণ কোম্পানী) সহযোগী প্ৰতিষ্ঠানৰ প্লাম্বাৰ, আৰু মাতৃ ইয়াফা (১৯ ফেব্ৰুৱাৰী ১৯২৩ – ১০ মাৰ্চ) এগৰাকী শিক্ষয়িত্ৰী। তেওঁলোকে মা'আবাৰা ট্ৰেনজিট কেম্পত বাস কৰিছিল আৰু শেষত পেটাহ টিকভাৰ এটা গৃহ নিৰ্মাণ প্ৰকল্পলৈ গুচি যায়।১ ইজৰাইল প্ৰতিৰক্ষা বাহিনীত সেৱা আগবঢ়োৱাৰ সময়ছোৱাত গেলনে পেৰাট্ৰুপাৰছ ব্ৰিগেডত কেৰাণী হিচাপে কাম কৰিছিল। বেইট বাৰ্ল কলেজৰ পৰা বিশেষ শিক্ষাত তেওঁ বিএড ডিগ্ৰী, হিব্ৰু বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা দৰ্শনত এম এ আৰু বাৰ-ইলান বিশ্ববিদ্যালয়ত লিংগ অধ্যয়নত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰে৷ (গৱেষণা পত্ৰ দাখিল নকৰাকৈ)।২
পৰিয়াল
১৯৫৩ চনৰ ৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰা পেছাহৰ সৈতে গেলনৰ বিবাহ হয়।
তেওঁলোকৰ দুজন পুত্ৰ আছে।৩
ৰাজনৈতিক কেৰিয়াৰ
১৯৯৬ চনৰ ইজৰাইলৰ বিধানসভা নিৰ্বাচনত গেলনক প্ৰথমবাৰৰ বাবে মেৰেট্জ তালিকাৰ ১১ নম্বৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও মেৰেটজে মাত্ৰ ৯খন আসনহে লাভ কৰিছিল।৪ ১৯৯৯ চনত নেচেটলৈ নিৰ্বাচিত হোৱা গেলন নেচেটৰ অন্যতম উল্লেখযোগ্য সদস্য আছিল৷ তেওঁ সক্ৰিয় আৰু সমগ্ৰ সদনত অতিশয় সন্মানীয়। নেচেটত মেৰেট্জ ফৈদৰ মুৰব্বী হিচাপে এদশক ধৰি কাৰ্যনিৰ্বাহ কৰিছিল আৰু মূল সমিতি, বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা সমিতি আৰু বিত্ত সমিতিৰ সদস্য আছিল। গেলনে মহিলা সৰবৰাহৰ ওপৰত তদন্ত সমিতি প্ৰতিষ্ঠা কৰি সাত বছৰ ধৰি মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
নেচেটৰ বাহিৰত (১৯৮০–১৯৯০ৰ দশক)
১৯৮০ চনত গেলনে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল৷ তেখেতে পেটাহ টিকভাত ধৰ্মীয় জোৰ-জবৰদস্তিৰ বিৰুদ্ধে সফল সংগ্ৰামৰ নেতৃত্ব দিছিল৷ তেওঁ ৰাটজ দলৰ মহাসচিব আছিল৷ তেওঁ ভূখণ্ডত ইজৰাইলী তথ্য কেন্দ্ৰ B'Tselem-ৰ মানৱ অধিকাৰৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰথম কাৰ্যবাহী সঞ্চালিকা হৈছিল। ১৯৯০ চনত গেলনে মেৰেটজৰ অন্যতম সহ-সচিব মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ গেলনে টেল আভিভস্থিত মধ্যপ্ৰাচ্যৰ শান্তিৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ (আইচিপিএমই)ৰ কাৰ্যবাহী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।
অন্যান্য কৰ্ম
২০২০ চনত গেলনে সমতা আৰু মানৱ অধিকাৰৰ বাবে জুলাট নামৰ এন জি অ'টো স্থাপন কৰে আৰু তেওঁ সংস্থাটোৰ সভানেত্ৰী হিচাপে কাম কৰে।৫
ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত গেলন উদাৰবাদী হাৰেট্জ দৈনিক কাকতৰ নিয়মীয়া স্তম্ভলেখক হৈ পৰে।৬
ৰাজনৈতিক অৱসৰৰ পৰা ওলাই আহি গালনে ২০২২ চনৰ ১৯ জুলাইত ঘোষণা কৰে যে তেওঁ ২৩ আগষ্টত অনুষ্ঠিত হ'বলগীয়া মেৰেট্জ নেতৃত্বৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।৭ য়াইৰ গোলানক পৰাস্ত কৰি গেলন নিৰ্বাচিত হয়।৮ নৱেম্বৰ মাহত গেলনে মেৰেট্জক বিধানসভাৰ নিৰ্বাচনলৈ যায়, য’ত দলটোৱে নিৰ্বাচনী সীমা অতিক্ৰম কৰিব নোৱাৰিলে, ফলত কোনো আসন লাভ কৰিব নোৱাৰিলে। ২০২২ চনৰ ১৭ নৱেম্বৰত গেলনে দলৰ নেত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেখেতে হাৰেট্জত স্তম্ভলেখক হিচাপে পুনৰ যোগদান কৰে।৯
তথ্যসূত্ৰ
- ↑ "Meretz leader Zahava Gal-On is not looking to be loved", haaretz.com; accessed 22 July 2014
- ↑ Galon, Zehava, Knesset
- ↑ מפלגת מרצ-יחד - Zehava Galon
- ↑ www.idi.org.il/media/6693/%D7%9B%D7%A0%D7%A1%D7%
- ↑ Zulat for Equality and Human Rights (NGO): Position Holders. GuideStar NGO register website
- ↑ (13 February 2023). Zehava Galon – Haaretz Com
- ↑ Carrie Keller-Lynn. (19 July 2022). Zehava Galon announces political comeback in bid to recapture Meretz leadership. The Times of Israel
- ↑ Kotev, Adam. (2022-07-06). יאיר גולן יתמודד על ראשות מרצ: "לבנות שמאל ציוני חזק וגאה". Ynet
- ↑ Segal, Amit; Liel, Daphna. (2022-11-17). לאחר מפלת מרצ בבחירות: זהבה גלאון מתפטרת. N12
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেহেভা গেলন” প্ৰবন্ধৰ সংশোধন ৬১১৭১৭ (১০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।