দাৰিউছ ফৌৰৌহাৰ (Dariush Forouhar) (জন্ম, ১৮ আগষ্ট ১৯২৮ – মৃত্যু,২২ নৱেম্বৰ ১৯৯৮) এজন ইৰাণী ৰাজনীতিবিদ, প্যান-ইৰানিষ্ট পাৰ্টিৰ প্ৰাৰম্ভিক সদস্য আৰু ইৰাণৰ নেচন পাৰ্টিৰ নেতা আছিল। ১৯৯৮ চনত তেওঁ আৰু তেওঁৰ পত্নী পৰ্বনেহ ফৌহৰক ঘৰতে ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল। ইৰাণৰ শৃংখলাবদ্ধ হত্যাকাণ্ডৰ বলি হোৱা লোকসকলৰ ভিতৰত তেওঁলোক আছিল অন্যতম।
প্ৰাৰম্ভিক জীৱন
১৯২৮ চনত এছফাহৰ ইছফাহানত জন্মগ্ৰহণ কৰা ফৌৰৌহাৰৰ পিতৃ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইৰানত এংলো-ছোভিয়েট আক্ৰমণৰ সময়ত সশস্ত্ৰ প্ৰতিৰোধৰ চেষ্টা চলোৱাৰ বাবে ব্ৰিটিছে গ্ৰেপ্তাৰ কৰা এজন সেনাবাহিনীৰ জেনেৰেল।
ৰাজনৈতিক জীৱন
হিজব-ই পান-ইৰানিষ্টত আলী ৰাজমুষৰে উল্লেশ কৰা মতে, মহচেন পেজেছকপুৰৰ সৈতে ১৯৫১ চনত ইৰাণৰ মূল জাতীয়তাবাদী পান-ইৰানিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল ফৌৰৌহৰ। পাহলৱী যুগত তেওঁ শ্বাহ বিৰোধী জাতীয়তাবাদী আন্দোলনত অতি সক্ৰিয় আছিল আৰু প্ৰধানমন্ত্ৰী মহম্মদ মোছাদ্দেগৰ প্ৰবল সমৰ্থক আৰু ঘনিষ্ঠ বন্ধু আছিেল। ১৯৭৯ চনত ইৰানৰ কুৰ্দিস্তানত বিপ্লৱৰ পিছৰ উত্তেজনাৰ মাজতে তেহৰানে কুৰ্দি ৰাজনৈতিক আৰু ধৰ্মীয় নেতাৰ সৈতে আলোচনা কৰিবলৈ পঠোৱা প্ৰতিনিধি দলৰ অংশ আছিল ফৌৰৌহৰ। যদিও প্ৰতিনিধি দলটোৰ পৰামৰ্শ কেতিয়াও কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা নাছিল আৰু কুৰ্দি বিদ্ৰোহৰ সৈতে কঠোৰভাৱে দমন কৰা হৈছিল, তথাপি কুৰ্দসকলৰ সৈতে শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে ফৌৰৌহাৰে কৰা প্ৰচেষ্টাই কুৰ্দসকলৰ মাজত তেওঁ সন্মান লাভ কৰিছিল।
ফৌৰোহৰে ১৯৭৯ চনত মেহদী বজাৰগানৰ অন্তৱৰ্তীকালীন চৰকাৰত শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১
মৃত্যু
ফৌৰৌহাৰ আৰু তেওঁৰ পত্নী পাৰভানেহে 'ভিলায়ত-ই-ফকিহ' (ধৰ্মীয় শাসন)ৰ বিষয়ে মুকলিকৈ বিৰোধিতা কৰিছিল আৰু তেওঁলোকৰ ওপৰত সেয়েহে অহৰহ চোৰাংচোৱাগিৰি হৈ আছিল। ১ ১৯৯৮ চনৰ ২১ নৱেম্বৰত দম্পতীহালক ঘৰতে ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডবোৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি ধাৰণা কৰা হৈছে আৰু এতিয়াও সমাধান হোৱা নাই; কিন্তু সাধাৰণ বিশ্বাস যে ইৰাণৰ চোৰাংচোৱা মন্ত্ৰ্যালয় জড়িত আছিল আৰু হত্যাৰ নিৰ্দেশ দিছিল। ২৩৪৫৬ ইৰাণত পাৰ্চী ভাষাৰ অনুষ্ঠান সম্প্ৰচাৰ কৰা পশ্চিমীয়া ৰেডিঅ’ ষ্টেচনসমূহৰ সৈতে হোৱা সাক্ষাৎকাৰত ইছলামিক ৰিপাব্লিকে মানৱ অধিকাৰ উলংঘাৰ সমালোচনা ফ’ৰৌহাৰে কৰা বুলি অনুমান কৰা হৈছে। এই সমালোচনাসমূহে ফৌৰৌহাৰ আৰু তেওঁৰ পত্নীক “ইৰাণৰ সৰ্বব্যাপী চোৰাংচোৱা সেৱাৰ ৰাডাৰৰ অধীনলৈ” আনিছিল।
জনসাধাৰণৰ হেঁচাত তদানীন্তন ইৰাণৰ ৰাষ্ট্ৰপতি মহম্মদ খাটামীয়ে বিষয়টোৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰি শেষত চোৰাংচোৱা মন্ত্ৰী ঘোৰবানালি দোৰী নাজাফাবাদীৰ পদত্যাগৰ দাবী জনায়। এই গোচৰৰ আঁৰৰ অন্যতম মূল ব্যক্তি ছাইদ ইমামীয়ে কাৰাগাৰত থকাৰ সময়তে আত্মহত্যা কৰা বুলি জানিব পৰা যায়।
ফৌৰৌহৰৰ আত্মীয়ৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা শ্বিৰিন এবাদীয়ে পাৰস্তুৰ উদ্ধৃতি দি কয় যে, "সকলো প্ৰমাণে দেখুৱাইছে যে মোৰ দেউতাই কাৰাগাৰলৈ যোৱাৰ সাজু হৈছিল, কাৰণ হত্যাৰ সময়ত তেওঁৰ জোতাৰ ফিতা নাছিল, তেওঁ হাতঘড়ী পিন্ধা নাছিল, আৰু তেওঁ টকাৰ বাহিৰে মানিবেগৰপৰা সকলো বস্তু আৰু কাগজ-পত্ৰ আঁতৰাই পেলাইছিল।"
ব্যক্তিগত জীৱন
ফৌৰৌহৰৰ দুটা সন্তান আছিল: এজন পুত্ৰ আৰাছ আৰু এগৰাকী কন্যা পৰষ্টৌ। দুয়োগৰাকী সন্তান ৰাজনৈতিকভাৱে সক্ৰিয় আৰু ইৰাণৰ ৰাজনৈতিক বিৰোধীৰ দুৰ্দশাৰ বিষয়ে সজাগতা অব্যাহত ৰাখিছে। ২০০৯ চনত বাহাইসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ সন্দৰ্ভত আন ২৬৬ জন ইৰাণী শিক্ষাবিদ, লেখক, শিল্পী আৰু সাংবাদিকৰ সৈতে ইৰাণী ডট কমত পোষ্ট কৰা এখন মুকলি ক্ষমাপ্ৰাৰ্থনা পত্ৰত স্বাক্ষৰ কৰে পাৰাষ্টৌৱে। ৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Alamdari, Kazem. (2005). The Power Structure of the Islamic Republic of Iran: transition from populism to clientelism, and militarization of the government. Third World Quarterly. পৃ. 1285–1301
- ↑ iranian.com
- ↑ Forouhar
- ↑ globalsecurity.org
- ↑ globalsecurity.org 1999
- ↑ iranian.com Forouhar 2002
- ↑ (4 February 2009). We are ashamed!. The Iranian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাৰিউছ ফৌৰৌহৰ” প্ৰবন্ধৰ সংশোধন ৬০৯১০৭ (২৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।