অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ডোছা (খাদ্য)

ডোছা হৈছে একপ্ৰকাৰ ভাৰতীয় খাদ্য। ইয়াক চাম্বাৰ আৰু চাটনীৰ সৈতে পৰিৱেশন কৰা হয়।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ২৯৬ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ডোছা হৈছে একপ্ৰকাৰ ভাৰতীয় খাদ্য। ইয়াক চাম্বাৰ আৰু চাটনীৰ সৈতে পৰিৱেশন কৰা হয়।

ইতিহাস

মচলাৰ সৈতে সাধাৰণ ডোছা
মচলাৰ সৈতে সাধাৰণ ডোছাছবি: Prakrutim · CC BY-SA 4.0

ৰ সৈতে]]

ডোছা দক্ষিণ ভাৰতত উদ্ভৱ হোৱা খাদ্য, যদিও ইয়াৰ সঠিক ভৌগোলিক উৎপত্তি অজ্ঞাত। খাদ্য ইতিহাসবিদ কে. টি. আচায়াৰ মতে, সংগম সাহিত্যত ডোছাৰ উল্লেখ পোৱা যায় আৰু ই খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ প্ৰাচীন তামিল দেশত প্ৰচলিত আছিল।১ আনহাতে, ইতিহাসবিদ পি. থংকাপ্পান নায়াৰৰ মতে, ডোছাৰ উৎপত্তি কৰ্ণাটকৰ উডুপীত হৈছিল।২

দ্বাদশ শতিকাৰ মানসোল্লাস নামৰ সংস্কৃত ভাষা গ্ৰন্থত ডোছাৰ প্ৰাৰম্ভিক উল্লেখ পোৱা যায়।৩

১৯৩০ চনত উডুপী ৰেষ্টুৰাঁ খোলাৰ লগে লগে ডোছা মুম্বাইত জনপ্ৰিয় হয়।৪ ভাৰতৰ স্বাধীনতাৰ পিছত, ডোছা উত্তৰ ভাৰতত বিখ্যাত হয়, বিশেষকৈ নতুন দিল্লীৰ মাদ্ৰাছ হোটেল (কানট প্লেচ)ত প্ৰথম দৰ্শন ঘটে।৫

শ্ৰীলংকাত দক্ষিণ ভাৰতৰ অভিবাসীসকলে ডোছা প্ৰচলন কৰিছিল, যি সময়ত ই দেশখনৰ এক বিশেষ খাদ্য হিচাপে পৰিণত হয়।৬ সেইদৰে, অষ্টদশ শতিকাৰ পৰা দক্ষিণ-পূব এছিয়া আৰু পশ্চিমীয়া দেশলৈ ডোছাই বিস্তাৰ লাভ কৰে।

নামসমূহ

চাটনী আৰু চাম্বাৰ সৈতে ডোছা, মাজত ভাজি আলু
চাটনী আৰু চাম্বাৰ সৈতে ডোছা, মাজত ভাজি আলুছবি: Balapp · CC BY-SA 4.0
ভাজি আলুৰ সৈতে পৰিবেশিত ডোছা
ভাজি আলুৰ সৈতে পৰিবেশিত ডোছাছবি: SteveR- · CC BY 2.0

ডোছা শব্দটো ইংৰাজীভুক্ত ৰূপ, যি দক্ষিণ ভাৰতৰ বিভিন্ন ভাষাৰ মূল নামৰ পৰা আহিছে। উদাহৰণস্বৰূপে, তামিল ভাষাত দোসাই, তুলু ভাষাত দোসৈ আৰু মালয়ালম ভাষাত দোশা বুলি কোৱা হয়।

বিভিন্ন দক্ষিণ ভাৰতীয় ভাষাত ডোছাৰ মানক লৈপ্যান্তৰণ আৰু উচ্চাৰণসমূহ:

+ ডোছাৰ ভাষাভিত্তিক নাম
ভাষামূল লিপিতৰোমান লিপ্যন্তৰমূল লিপিৰ ভাৰতীয় লিপ্যন্তৰউচ্চাৰণ
কন্নড় ভাষাದೋಸೆdōseদোসেদোসে
মালয়ালম ভাষাദോശdōśaদোশদোশো
তামিল ভাষাதோசைdōsaiতোচৈডোচৈ
তেলুগু ভাষাదోశdōsaদোশদোশো

পৰিবেশন

ডোছাৰ ভিতৰত শাক-পাচলি আদি দিয়া হয়। সাধাৰণতে ইয়াক তলত দিয়া সহঃ খাদ্যৰ লগত খোৱা হয়:

  • চাম্বাৰ
  • চাটনী
  • ইডলি প'ডি বা মিলগাইপ'ডি: মচলাযুক্ত দালিৰ গুড়ি, কেতিয়াবা শুকান নাৰিকল যুক্ত, যাক তিল তেল, বাদাম তেল বা ঘিউৰ সৈতে মিহলাই খোৱা হয়
  • ভাৰতীয় আচাৰ

পুষ্টিগুণ

ডোছাত উচ্চ পৰিমাণৰ শ্বেতসাৰ থাকে আৰু ইয়াত কোনো অতিৰিক্ত চেনী যোগ কৰা নহয়। ইয়াৰ মুখ্য উপাদানসমূহ চাউল আৰু ক'লা মটৰ হোৱাৰ বাবে, ই মাংসসাৰৰ ভাল উৎস।৭

গৃহত প্ৰস্তুত কৰা তেলবিহীন ডোছাত প্ৰায় ১১২ কেল'ৰী শক্তি থাকে, যাৰ ৮৪% শ্বেতসাৰ আৰু ১৬% মাংসসাৰ।৮

গৰম কৰা প্ৰক্ৰিয়াৰ ফলত ডোছাত ভিটামিন বি আৰু ভিটামিন চিৰ পৰিমাণ বৃদ্ধি পায়।৯

বিশ্ব অভিলেখ

২০১৪ চনৰ ১৬ নৱেম্বৰত ভাৰতৰ হাইদৰাবাদৰ হোটেল দস্পাল্লাত ২৯ জন চেফে ১৬.৬৮ মিটাৰ (৫৪.৭ ফুট) দীঘল আৰু ১৩.৬৯ কিলোগ্ৰাম (৩০.২ পাউণ্ড) ওজনৰ ডোছা সৃষ্টি কৰি আটাইতকৈ দীঘলীয়া ডোছাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰে।১০

তথ্যসূত্ৰ

  1. ↑ K. T. Achaya. (November 2003). The Story of Our Food. Universities Press. পৃ. 80. ISBN 81-7371-293-X
  2. ↑ P. Thankappan Nair. (2004). South Indians in Kolkata. Punthi Pustak. পৃ. 320. ISBN 81-86791-50-7
  3. ↑ K.T. Achaya. (2003). The Story of Our Food. Universities Press. পৃ. 85. ISBN 978-81-7371-293-7
  4. ↑ (31 May 2019). 8 oldest Udupi restaurants in Bombay. The Free Press Journal
  5. ↑ Bhaswati Bhattacharya. (2017). Much Ado Over Coffee. Routledge. ISBN 978-1-351-38315-8
  6. ↑ (2023). Microbial Fermentations in Nature and as Designed Processes. Wiley. ISBN 978-1-119-84999-5
  7. ↑ Restaurant style dosa recipe, Dosa recipe. (9 July 2023). Dosa recipe
  8. ↑ Calorie Chart, Nutrition Facts, Calories in Food. MyFitnessPal
  9. ↑ (2004). Nutrition and Dietetics - Higher Secondary - First Year. Directorate of School Education, Government of Tamil Nadu. পৃ. 31
  10. ↑ Longest Dosa. Guinness World Records

সম্পৰ্কিত শ্ৰেণী

খাদ্যদক্ষিণ ভাৰতৰ খাদ্যৰন্ধনপ্ৰণালীভাৰতৰ ৰন্ধনশৈলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডোছা (খাদ্য)” প্ৰবন্ধৰ সংশোধন ৫৪৯৭৯৭ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।