হিন্দুধৰ্মৰ উৎসৱসমূহ
৭৪ প্ৰবন্ধ
-
হোলিকা দহন
হোলিকা দহন (Holika Dahan) অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।
-
তীজ
তীজ (Teej) হৈছে ভাৰতৰ বহুতো প্ৰান্তত (মুখ্যতঃ উত্তৰ আৰু মধ্য ভাৰতত) আৰু নেপালত বিবাহিতা মহিলাসকলে উদযাপন কৰা হিন্দু উৎসৱ। তীজ শ্ৰাৱণ মাহৰ (জুলাই-আগষ্ট) তৃতীয় আৰু চতুৰ্থ দিন উদযাপন কৰা হয়। তীজ মহিলাসকলৰ বাবে দেৱী পাৰ্বতীৰ উপাসনা কৰাৰ দিন। মহিলাসকলে প্ৰায়ে তীজ উদযাপনত উপবাস কৰে।
-
চেটি চান্দ
চেটি চান্দ (Cheti Chand) ভাৰত আৰু পাকিস্তানৰ হিন্দু সিন্ধী সকলে পালন কৰা উৎসৱ। এই উৎসৱে সিন্ধী হিন্দুসকলৰ বাবে চন্দ্ৰ হিন্দু নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে। এই উৎসৱৰ তাৰিখ চন্দ্ৰসৌৰ হিন্দু কেলেণ্ডাৰৰ চন্দ্ৰমাহৰ ওপৰত আধাৰিত। চেটি চান্দ সিন্ধী সকলৰ নৱবৰ্ষৰ দিন।
-
চৰক পূজা
চৰক পূজা (Charak Puja) পশ্চিমবঙ্গ, বাংলাদেশ আৰু অসমৰ বঙালী অধ্যুষিত অঞ্চলক এক গুৰুত্বপূৰ্ণ লোকোৎসৱ। চ’ত মাহৰ শেষৰ দিনা এই পূজা অনুষ্ঠিত হয় আৰু বহাগৰ দুই তিনিদিন ব্যাপি চৰক পূজাৰ উৎসৱ চলে। ই চ’ত মাহত পালিত শিৱৰ গাজন উৎসৱৰ এক অংশবিশেষ।
-
কন্যা পূজা
কন্যা পূজা বা কুমাৰী পূজা হৈছে হিন্দুসকলৰ এক পবিত্ৰ অনুষ্ঠান, বিশেষকৈ নৱৰাত্ৰি উৎসৱৰ অষ্টমী (অষ্টম দিন) আৰু নৱমী (নৱম দিন)ত এই পূজা কৰা হয়। এই অনুষ্ঠানত মূলতঃ ন গৰাকী ছোৱালীক পূজা কৰা হয়, যিয়ে দেৱী দুৰ্গা ( নৱদুৰ্গা ) নটা ৰূপক প্ৰতিনিধিত্ব কৰে।
-
জগদ্ধাত্ৰী
জগদ্ধাত্ৰী বা জগতধাত্ৰী বা জগধত্ৰী (Jagadhatri) (জগত ধাৰণ কৰ্তা) হৈছে হিন্দু দেৱী পাৰ্বতীৰ এটা ৰূপ। এই গৰাকী দেৱীৰ জনপ্ৰিয়তা বিশেষকৈ ভাৰতৰ পশ্চিম বংগ আৰু উৰিষ্যাত বেছি। দুয়োখন ৰাজ্যত দেৱীৰ পূজা কৰা হয়।
-
তুলসী পূজন দিৱস
তুলসী পূজন দিৱস (Tulsi Pujan Diwas) হৈছে এক ভাৰতীয় উৎসৱ। প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনা এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ দিনা তুলসী গছ ৰোপণ কৰি ইয়াৰ পূজা-অৰ্চনা কৰা হয়। এই উৎসৱ পোনপ্ৰথনে আশাৰাম বাপুৱে আৰম্ভ কৰিছিল। হিন্দুধৰ্ম অনুযায়ী তুলসীক ঔষধি আৰু আধ্যাত্মিক, এই দুইধৰণে ব্যৱহাৰ কৰা হয়।
-
তুলসী বিবাহ
তুলসী বিবাহ (Tulsi Vivah) হৈছে হিন্দুসকলৰ এক পৰম্পৰাগত উৎসৱ য'ত তুলসী পুলিটোক ঈশ্বৰৰ অংশ বুলি ভবা হয়। এই উৎসৱত তুলসীৰ সৈতে শালেগ্ৰাম বা বিষ্ণু বা তেওঁৰ অৱতাৰ কৃষ্ণৰ বিবাহ অনুষ্ঠিত কৰা হয়। তুলসী বিবাহে হিন্দু ধৰ্ম্মত বৰ্ষাৰ অন্ত আৰু বিবাহৰ ঋতুৰ আগমণ সূচায়।
-
ধনতেৰাচ
ধনতেৰাচ (Dhanteras, হিন্দী: धनतेरस), যাক ধনত্ৰয়োদশী বুলিও কোৱা হয়, ভাৰত আৰু নেপালৰ বেছিভাগ অঞ্চলতে দীপাৱলী বা তিহাৰ উৎসৱৰ প্ৰথম দিনত পালন কৰা হয়। হিন্দু পঞ্জিকাৰ আহিন মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশ চন্দ্ৰদিনত (কৃষ্ণ পক্ষ)ত ইয়াক পালন কৰা হয়।
-
শিগমো
শিগমো বা শিশিৰোৎসৱ (Shigmo) গোৱাৰ হিন্দু সম্প্ৰদায়ে উদযাপন কৰা এটা প্ৰধান বসন্তোৎসৱ। এই উৎসৱ কোংকণীসকলেও উদযাপন কৰে আৰু হোলী উৎসৱৰ অংশবিশেষ। শিগমো এটা কোংকণী শব্দ। ই প্ৰাকৃত ভাষাৰ ‘সুগিমাহো’ আৰু সংস্কৃত ভাষাৰ ‘সুগ্ৰীস্মক’ শব্দৰ পৰা উদ্ভৱ হৈছে।
-
সাবিত্ৰী ব্ৰত
সাবিত্ৰী ব্ৰত বা সাবিত্ৰী আমাৱস্যা হৈছে জেঠ মাহৰ আমাৱস্যা তিথিত ভাৰতীয় হিন্দু বিবাহিত মহিলাৰ এক উপাবাসৰ দিন। ভাৰতৰ উৰিষ্যা, বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালত এই ব্ৰত পালন কৰা হয়।
-
ঋষি পঞ্চমী
ঋষি পঞ্চমী হৈছে চান্দ্ৰ কেলেণ্ডাৰৰ পঞ্চম মাহ ভাদ্ৰপদৰ পঞ্চমটো দিনত এই উৎসৱ পালন কৰা হয়। ই গণেশ চতুৰ্থীৰ পিছৰটো দিন। এই উৎসৱৰ জৰিয়তে পৰম্পৰাগত ভাৱে সপ্ত ঋষি ক্ৰমে কাশ্যপ, অত্ৰী, ভৰদ্বাজ, বিশ্বামিত্ৰ, গৌতম মহৰ্ষি, জমদগ্নি আৰু ঋষি বশিষ্ঠ। কেৰালাৰ কোনো অংশত এইদিনটো বিশ্বকৰ্মা পূজা হিচাপে পালন কৰা হয়।
-
কেঁচাইখাঁতী পূজা
কেঁচাইখাঁতী পূজা হ'ল নানা ধৰ্মীয় নিয়ম-নীতিৰে কেঁচাইখাঁতী গোঁসানীক বলিৰ তেজ দি উপাসনা কৰা এক পৰম্পৰাগত প্ৰথা। ভাৰতীয় শক্তি ৰূপৰ মূল আধাৰ আদ্যা শক্তিয়ে হ'ল কেঁচাইখাঁতী গোসাঁনী। জাগ্ৰত গোসাঁনীয়ে কেঁচাই তেজ খায় বুলি বিশ্বাস। সেয়ে গোসাঁনীৰ সন্তোষৰ অৰ্থে পূৰ্বে নৰ বলি দিয়াৰো ৰীতি আছিল।
-
কৰৱা চৌথ
কৰৱা চৌথ (Karva Chauth) কাৰ্তিক মাহৰ পূৰ্ণিমাৰ পিছত চতুৰ্থ দিনা ভাৰতীয় উপমহাদেশৰ হিন্দু মহিলাসকলে উদযাপন কৰা এক উৎসৱ। বহুতো হিন্দু উৎসৱৰ দৰে, হিন্দু বৰ্ষপঞ্জিকাৰ আধাৰত কৰৱা চৌথ চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি উদযাপন কৰা হয়। বৰ্ষপঞ্জি অনুসৰি, ই অক্টোবৰত আহে।
-
গঙ্গা পূজা
গঙ্গা পূজা (Ganga Puja) উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য ত্ৰিপুৰাত পালন কৰা এক ধৰ্মীয় উৎসৱ। ত্ৰিপুৰী জনজাতিৰ লোকসকলে নদীৰ দেৱীক পূজা কৰে আৰু মহামাৰীৰ পৰা যাতে বচাই ৰাখে তথা গৰ্ভৱতী মহিলাসকলৰ কুশল-মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰে। নদী বা জানৰ মাজত বাঁহেৰে মন্দিৰ সাজি এই পূজা অনুষ্ঠিত কৰা হয়।
-
জীৱিতপুত্ৰিকা
জীৱিতপুত্ৰিকা (Jivitputrika, জীতিয়া বুলিও কোৱা হয়) হৈছে হিন্দুসকলৰ এটি তিনিদিনীয়া উৎসৱ। আহিন মাহৰ কৃষ্ণ পক্ষৰ সপ্তমীৰ পৰা নৱমীলৈকে এই উৎসৱটি পালন কৰা হয়। মৈথেলী, মাগধী, ভোজপুৰীভাষী অঞ্চলত এই উৎসৱটি সাধাৰণতে পালন কৰা হয়। বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ লগতে নেপালতো ইয়াক পালন কৰা দেখা যায়।
-
নাৰিকল পূৰ্ণিমা
নাৰিকল পূৰ্ণিমা হৈছে মহাৰাষ্ট্ৰ ৰ বিশেষকৈ মুম্বাই আৰু কংকা তীৰৰ হিন্দু মাছমৰিয়া সমাজে পালন কৰা এক উৎসৱ। হিন্দু ভাৰতীয় বৰ্ষপঞ্জী অনুসৰি শাওন মাহৰ পূৰ্ণিমা তিথিত (ইংৰাজী মাহ জুলাই আৰু আগষ্ট)ত এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ পালনৰ বাবে ফুল, চাউল, নাৰিকল আদি নৈবেদ্য হিচাপে উৎসৰ্গা কৰা হয়।
-
ভাতৃ দ্বিতীয়া
ভাতৃ দ্বিতীয়া, ভাই দূজ, ভাও বীজ, ভাই টীকা, ভাই ফোঁটা হৈছে হিন্দু সকলৰ দ্বাৰা পালিত এক উৎসৱ। বিক্ৰম সংবৎ হিন্দু কেলেণ্ডাৰ মতে দ্বিতীয় শুক্ল পক্ষৰ দ্বিতীয়টো সৌৰ দিনত এই উৎসৱ পালন কৰা হয়। সাধাৰণতে দ্বীপান্বিতা, তিহাৰ উৎসৱ আৰু ফাকুৱাৰ সময়ত ভাই দূজ পালন কৰা দেখা যায়।
-
মেষ সংক্ৰান্তি
মেষ সংক্ৰান্তি (Mesha Sankranti) সৌৰ চক্ৰ বৰ্ষৰ প্ৰথম দিন আৰু হিন্দু চন্দ্ৰ-সৌৰ দিনপঞ্জী সমূহৰ সৌৰ নৱবৰ্ষ। হিন্দু দিনপঞ্জীত এক চন্দ্ৰ নৱবৰ্ষও উদযাপন কৰা হয় আৰু ই ধৰ্মীয়ভাৱে অধিক গুৰুত্বপূৰ্ণ।
-
য়াওশং
য়াওশং (Yaosang) বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ এটা উৎসৱ। মেইটেই কেলেণ্ডাৰৰ ‘লমটা’ মাহৰ (ফেব্ৰুৱাৰী-মাৰ্চ) পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হোৱা যাওচাং মেইটেই জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ইয়াক মণিপুৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি বিবেচনা কৰা হয়।
-
লাঠমাৰ হোলী
লাঠমাৰ হোলী (Lathmar Holi) অৰ্থাৎ লাঠিৰে খেলা হোলী যঁজা চহৰ হিচাপে জনাজাত বৰছানা আৰু নন্দগাঁৱত পালন কৰা এক হিন্দু ধৰ্মীয় উৎসৱ; এই দুই চহৰক ক্ৰমে ৰাধা আৰু কৃষ্ণ নগৰ বুলিও জনা যায়। প্ৰতি বছৰে হোলীৰ সময়ছোৱাত হাজাৰ হাজাৰ ভক্ত আৰু পৰ্যটক এই চহৰদুখনলৈ গৈ এই উৎসৱ উদযাপন কৰে।
-
শংকৰ জন্মোৎসৱ
শংকৰ জন্মোৎসৱ হ'ল বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিৱস। অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে ইয়াক উৎসৱ ৰূপে পালন কৰে। সাধাৰণতে আহিন মাহৰ বিজয়া দশমীৰ দিনা শংকৰ জন্মোৎসৱ হয়। প্ৰতিবছৰে অসম চৰকাৰে এই দিনটো স্থানীয় বন্ধৰ দিন ৰূপে ঘোষনা কৰে।
-
অনন্ত চতুৰ্দশী
অনন্ত চতুৰ্দশী (अनंतचतुर्दशी) হিন্দুধৰ্মাৱলম্বী লোকসকলৰদ্বাৰা উদ্যাপিত, ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত এটি উৎসৱ। এই উৎসৱ হিন্দু ভাদ্ৰপদ মাহৰ শুক্লপক্ষত চতুৰ্দশী তিথিত পালন কৰা হয়। অগ্নি পুৰাণৰ মতে, অনুগামীসকলক পাপৰপৰা মুক্ত কৰিবলৈ এই উপলক্ষ্যে বিষ্ণুৰ অনন্ত (শেশ; ঐশ্বৰিক নাগ) প্ৰকাশক পূজা কৰা হয়।
-
অশোকাষ্টমী
অশোকাষ্টমী বা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে।
-
কামদা একাদশী
কামদা একাদশী হৈছে হিন্দু সকলৰ এক উৎসৱ। চান্দ্ৰ মাহ চৈত্ৰা (মাৰ্চ-এপ্ৰিল) একাদশীত এই উৎসৱ পালন কৰা হয়। নৱবৰ্ষ আৰম্ভৰ পিছত এইটো প্ৰথমটো একাদশী। কামদা নামে সকলো আকাংক্ষা পূৰণ কৰাটো বুজায়।
-
কাৱঁড় যাত্ৰা
কাৱঁড় যাত্ৰা শিৱভক্ত সকলৰ বছেৰেকীয়া তীৰ্থযাত্ৰা। এই তীৰ্থযাত্ৰী সকলক কাৱঁড়ীয়া বা ভোলে বোলে। তেওঁলোকে উত্তৰাখণ্ডৰ হৰিদ্বাৰ, গৌমুখ, গংগোত্ৰী আৰু বিহাৰৰ চুলতানগঞ্জলৈ পৱিত্ৰ গংগা নদীৰ পানী আনিবলৈ যায়।
-
কুকুৰ তিহাৰ (উৎসৱ)
কুকুৰ তিহাৰ বা নেপালী ভাষাত নৰক চতুৰ্দশী এক বাৰ্ষিক হিন্দু উৎসৱ, যাৰ উৎপত্তি নেপালত আৰু তিহাৰ উৎসৱৰ দ্বিতীয় দিনা (অক্টোবৰ বা নৱেম্বৰৰ আশে-পাশে) পালন কৰা হয়। তিহাৰৰ দ্বিতীয় দিনটো কুকুৰ উৎসৱ নামেৰে জনাজাত আৰু কুকুৰ পূজাৰ বাবে উছৰ্গা কৰা হয়।
-
কৰদৈয়ান ননবু
কৰদৈয়ান ননবু (ইংৰাজী: Karadaiyan Nonbu) তামিল হিন্দু সম্প্ৰদায়ৰ মহিলাসকলে স্বামীৰ লগতে হ’বলগীয়া স্বামীৰ কল্যাণৰ বাবে পালন কৰা এক উৎসৱ। এই উৎসৱৰ সৈতে সবিত্ৰীয়ে নিজৰ স্বামীক যমধৰ্ম ৰজাৰ পৰা ৰক্ষা কৰা আখ্যানৰ সৈতে সম্পৰ্ক আছে। দক্ষিণ ভাৰতীয় পঞ্জিকাৰ পাংগুনী মাহৰ প্ৰথম দিনটোত এই উৎসৱ পালন কৰা হয়।
-
চাম্বা দশমী
চাম্বা দশমী (Samba Dashami) হৈছে উৰিষ্যা, ভাৰতৰ এটি বাছকবনীয়া উৎসৱ। পুহ মাহৰ (ডিচেম্বৰ-জানুৱাৰী) শুক্ল পক্ষৰ দশম দিনা এই উৎসৱ পালন কৰা হয়। নতুবা পুহ মাহত চন্দ্ৰৰ বৰ্ধনকালত এই উৎসৱ উদযাপিত হয়। উৎসৱটিয়ে স্থানীয় উৰিয়া বৰ্ষপুঞ্জী অনুসৰণ কৰে। উৰিষ্যাৰ পূব অঞ্চলত সাধাৰণতে এই উৎসৱ পালিত হয়।
-
ঝুলন যাত্ৰা
ঝুলন যাত্ৰা বা ঝুলন পূৰ্ণিমা ভাৰতৰ বৈষ্ণৱ সম্প্ৰদায় সকলে শ্ৰাৱনী পূৰ্ণিমা তিথিত পালন কৰা উৎসৱ। হোলী আৰু জন্মাষ্টমীৰ পিছতেই কৃষ্ণপন্থী বৈষ্ণৱ সকলৰ ই অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু দিনপঞ্জী মতে ঝুলন যাত্ৰা শ্ৰাৱণ মাহৰ শুক্লা দশমী তিথিত আৰম্ভ হৈ শ্ৰাৱনী পূৰ্ণিমাত শেষ হয়।