কাৱঁড় যাত্ৰা শিৱভক্ত সকলৰ বছেৰেকীয়া তীৰ্থযাত্ৰা। এই তীৰ্থযাত্ৰী সকলক কাৱঁড়ীয়া বা ভোলে বোলে। তেওঁলোকে উত্তৰাখণ্ডৰ হৰিদ্বাৰ, গৌমুখ, গংগোত্ৰী আৰু বিহাৰৰ চুলতানগঞ্জলৈ পৱিত্ৰ গঙ্গা নদীৰ পানী আনিবলৈ যায়। লাখ লাখ ভক্তয়ে গংগাৰ পৱিত্ৰ পানী বহু দূৰ কঢ়িয়াই স্থানীয় শিৱ মন্দিৰ বা বিশেষ মন্দিৰ যেনে মীৰটৰ পুৰা মহাদেৱ আৰু ঔঘৰনাথ আৰু কাশী বিশ্বনাথ, বৈদনাথ আৰু ঝাৰখণ্ডৰ দেওঘৰত জলাবিশেষ কৰে।
ধৰ্মীয় ৰীতিৰে পৱিত্ৰ উৎসৰ পানী কান্ধৰ ভাৰৰ দুয়োফালে ওলমাই যাত্ৰা কৰা সকলক কাৱঁড় বোলে।১ আৰম্ভণিতে এই যাত্ৰা সীমিত লোকৰ মাজত সীমাবদ্ধ আছিল। ১৯৮০ৰ দশকৰ শেষৰ ফালে এই যাত্ৰায়ে জনপ্ৰিয়তা অৰ্জন কৰে।২ বৰ্তমান হৰিদ্বাৰৰ কাৱঁড় যাত্ৰায়ে ভাৰতৰ অন্যতম বৃহৎ ভক্তৰ সমাগম হোৱা ঠাইত পৰিগণিত হৈছে। বৰ্তমান এই উৎসৱ গোটেই ভাৰততে জনপ্ৰিয় হৈ পৰিছে।৩
নামৰ উৎপত্তি
কাৱঁড় যাত্ৰাত কাৱঁড়ীয়াসকলে কান্ধত এক বিশেষ ধৰণৰ ভাৰ কঢ়িয়ায়। সাধাৰণতে বাঁহেৰে নিৰ্মিত এই ভাৰৰ দুয়োফালে পানী কঢ়িয়াই নিয়াৰ ব্যৱস্থা থাকে। এই ভাৰখনকে কাৱঁড় বোলে আৰু এই যাত্ৰাৰ নাম ইয়াৰ পৰায়ে আহিছে।৪
ইতিহাস

কাৱঁড় যাত্ৰা হিন্দু ধৰ্মগ্ৰন্থ পুৰাণত উল্লেখিত সমুদ্ৰ মন্থনৰ লগত জড়িত। সাগৰ মন্থনত প্ৰথমে অমৃতৰ সলনি হলাহলৰ অভিৰ্ভাৱ হৈছিল। এই বিষৰ ভয়ানক পৰিনামৰ পৰা জগতক উদ্ধাৰ কৰিবলৈ দেৱাহিদেৱ মহাদেৱে বিষপান কৰিছিল। কিন্তু হলাহলৰ ঋণাত্মক প্ৰভাৱৰ বাবে শিৱ কষ্ট পাই আছিল। ত্ৰেতা যুগত শিৱৰ পৰম ভক্ত ৰাৱণে কাৱঁড়ত পৱিত্ৰ গংগাৰ পানী আনি ৰামেশ্বৰ জ্যোতিৰ্লিংগত জলাভিষেক কৰিছিল আৰু ভগৱান শিৱয়ে হলাহলৰ ঋণাত্মক প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিছিল।
বোল বম

বোল বম বা বল বম ভাৰত আৰু নেপালৰ শিৱভক্ত সকলে শিৱৰ গুণ-গৰিমা গাই কৰা বছেৰেকীয়া তীৰ্থযাত্ৰা। এই উৎসৱ শ্ৰাৱন মাহ বা শাওন মাহত অনুষ্ঠিত হয়। ভক্তসকলে গংগা বা আন কোনো পৱিত্ৰ উৎসৰ পানী কাৱঁড়ত লৈ কান্ধত কঢ়িয়াই নিয়ে। এই যাত্ৰাত কাৱঁড়ীয়াসকলে গেৰুৱা বসন পৰিধান কৰি খালি ভৰিৰে শিৱ মন্দিৰত উপস্থিত হৈ জলাভিষেক কৰে। সাধাৰণতে এই যাত্ৰাত কাৱঁড়ীয়াসকলে সপৰিয়ালে, ইষ্ট কুটুম, ওচৰ চুবুৰীয়াৰ সৈতে যাত্ৰা কৰে। এই যাত্ৰাত তেওঁলোকে 'বোল বম' বা 'বল বম' অৰ্থাৎ শিৱৰ নাম উচ্চাৰণ কৰে। ইয়াৰ লগতে তেওঁলোকে ভজন স্তুতিমূলকগীত গাই ভগৱান শিৱৰ নাম লয়।
যাত্ৰা
শ্ৰাৱন বা শাওন মাহ ভগৱান শিৱৰ প্ৰতি উছৰ্গিত। ভক্তসকলৰ বেছিভাগেই শাওন মাহৰ সোমবাৰে ব্ৰত উপাসনা কৰে। তদুপৰি শাওন মাহ হিন্দু মান্যতা অনুসৰি পৱিত্ৰ চতুৰ্মাহ কালৰ অন্তৰ্ভুক্ত, সেয়ে এই মাহত তীৰ্থযাত্ৰা আৰু পৱিত্ৰ নদীত স্নান কৰা হয়। এই সময়ত হাজাৰ হাজাৰ ভক্তয়ে গেৰুৱা বসন পৰিধান কৰি হৰিদ্বাৰ, গংগোত্ৰী আৰু গৌমুখৰ গংগাৰ পানী আনিবলৈ যায়। ইয়াৰ লগতে আন আন পৱিত্ৰ স্থলৰ পৰা পানী আনি স্থানীয় বা প্ৰধান শিৱলিংগত অৰ্পণ কৰে।৫ এই যাত্ৰাত বেছি সংখ্যক পুৰুষে ভাগ লয় যদিও কিছুসংখ্যক মহিলায়েও ইয়াত অংশ গ্ৰহণ কৰে। এইযাত্ৰা বেছিভাগেই খালি ভৰিৰে যায় যদিও বেছি দূৰত্বৰ ঠাই সমূহলৈ বিভিন্ন বাহনৰৰ সহায়ত যোৱা হয়। বিভিন্ন সংগঠনে এই যাত্ৰাৰ যাত্ৰীসকলৰ সুবিধাৰ্থে ঠায়ে ঠায়ে কেম্পৰ আয়োজন কৰে।২ বৰ্তমান এই যাত্ৰা ভাৰতৰ সকলো ঠাইতে বিয়পি পৰিছে।৬ পৱিত্ৰ স্থলৰ পৰা পানী অনাৰ পিছত সেই পানী শাওন মাহৰ ত্ৰয়োদশী তিথিত বা মহা শিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ জলাভিষেক কৰে।
তথ্যসূত্ৰ
- ↑ Singh, Vikash,. (2017). Uprising of the fools: pilgrimage as moral protest in contemporary India. Stanford University Press. ISBN 978-1503601673
- ↑ (14 July 2004). Kanwarias flock highways. The Hindu
- ↑ (26 July 2007). Security stepped up at Delhi-Haridwar rail, road routes. The Hindu
- ↑ Largest Hindi to Hindi Dictionary — Current Hindi Word: कांवड़
- ↑ (23 July 2002). LUDHIANA: KANWAD YATRA:. The Tribune
- ↑ Choudhary, p. 29
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৱঁড় যাত্ৰা” প্ৰবন্ধৰ সংশোধন ৩৮০৪৫৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।