অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কেঁচাইখাঁতী পূজা

কেঁচাইখাঁতী পূজা হ'ল নানা ধৰ্মীয় নিয়ম-নীতিৰে কেঁচাইখাঁতী গোঁসানীক বলিৰ তেজ দি উপাসনা কৰা এক পৰম্পৰাগত প্ৰথা। ভাৰতীয় শক্তি ৰূপৰ মূল আধাৰ আদ্যা শক্তিয়ে হ'ল কেঁচাইখাঁতী গোসাঁনী। জাগ্ৰত গোসাঁনীয়ে কেঁচাই তেজ খায় বুলি বিশ্বাস। সেয়ে গোসাঁনীৰ সন্তোষৰ অৰ্থে পূৰ্বে নৰ বলি দিয়াৰো ৰীতি আছিল।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কেঁচাইখাঁতী পূজা হ'ল নানা ধৰ্মীয় নিয়ম-নীতিৰে কেঁচাইখাঁতী গোঁসানীক বলিৰ তেজ দি উপাসনা কৰা এক পৰম্পৰাগত প্ৰথা। ভাৰতীয় শক্তি ৰূপৰ মূল আধাৰ আদ্যা শক্তিয়ে হ'ল কেঁচাইখাঁতী গোসাঁনী।১ জাগ্ৰত গোসাঁনীয়ে কেঁচাই তেজ খায় বুলি বিশ্বাস। সেয়ে গোসাঁনীৰ সন্তোষৰ অৰ্থে পূৰ্বে নৰ বলি দিয়াৰো ৰীতি আছিল। কেঁচাইখাঁতী গোসাঁনীক তাম্ৰেশ্বৰী দেৱীও বোলা হয়।১

পূজাৰ বিধি

তিনিচুকীয়া জিলাৰ শদিয়াৰ ওচৰৰ তাম্ৰেশ্বৰী মন্দিৰ এই পূজাৰ মূল স্থান১ যদিও অসমৰ আন আন মঠ-মন্দিৰতো এই পূজাৰ প্ৰচলন আছে।আগতে নৰ বলি দি কেঁচাইখাঁতী গোসাঁনীক পূজা - আর্চনা কৰা হৈছিল কিন্তু এই প্ৰথা আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই উঠাই দিছিল। আজিৰ তাৰিখত ম'হ,ছাগলী, হাঁহ-পাৰ আদি দেৱীলৈ উৰ্চগা কৰি বলি দিয়া হয়। গোসাঁনীৰ পূজা-অৰ্চনা কৰি ডিঙি কাটি কোনোবাটো জন্তুৰ তেজ দেৱীৰ চৰণত দিয়া হয় আৰু বলিৰ মঙহ ভক্তসকলৰ মাজত প্ৰসাদ ৰূপে বিতৰণ কৰা হয়। কেঁচাইখাঁতী প্ৰধানতঃ দেউৰী সকলৰ আৰাধ্য দেৱী।দেওধনী নৃত্য এই পূজাৰ অপৰিহাৰ্য অংগ।১

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা. (২০১৯). অসম ইয়েৰ বুক, ২০১৯. জ্যোতি প্ৰকাশন. পৃ. ১৭৩

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহঅসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেঁচাইখাঁতী পূজা” প্ৰবন্ধৰ সংশোধন ৪৪৮৩০২ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।