কন্যা পূজা বা কুমাৰী পূজা হৈছে হিন্দুসকলৰ এক পবিত্ৰ অনুষ্ঠান, বিশেষকৈ নৱৰাত্ৰি উৎসৱৰ অষ্টমী (অষ্টম দিন) আৰু নৱমী (নৱম দিন)ত এই পূজা কৰা হয়। ১ এই অনুষ্ঠানত মূলতঃ ন গৰাকী ছোৱালীক পূজা কৰা হয়, যিয়ে দেৱী দুৰ্গা ( নৱদুৰ্গা ) নটা ৰূপক প্ৰতিনিধিত্ব কৰে। ২ হিন্দু দৰ্শন অনুসৰি এই ছোৱালী বা কণ্যা সৃষ্টিৰ স্বাভাৱিক শক্তিৰ প্ৰকাশ বুলি গণ্য কৰা হয়। কিংবদন্তি অনুসৰি নৱৰাত্ৰিৰ নৱম দিনাই শক্তিয়ে দেৱী দুৰ্গাৰ ৰূপ ধাৰণ কৰিছিল, দেৱতাৰ অনুৰোধত মহিষাসুৰক বধ কৰিবলৈ।
ৰীতি-নীতি
দেৱীৰ প্ৰতি সন্মানৰ চিন স্বৰূপে এই নজনী কণমানি ছোৱালীৰ ভৰি ধুই চাফা কৰা আৰু ভক্তৰ দ্বাৰা উপহাৰ হিচাপে নতুন কাপোৰ আগবঢ়োৱাৰ নিয়ম। দেৱী পূজাৰ অংশ হিচাপে কন্যা পূজা হৈছে কন্যা সন্তানৰ ওপৰত নিহিত নাৰীসুলভ শক্তিক স্বীকৃতি দিয়া।
এই পূজাৰ বাবে নিৰ্বাচন কৰা ছোৱালী কেইগৰাকী কম বয়সৰ হ’ব লাগে। ইয়াৰোপৰি অনুষ্ঠানৰ সৈতে শুদ্ধিকৰণ আৰু মন্ত্ৰ জপ কৰা নিয়ম প্ৰচলিত। কণ্যা কেইগৰাকীক বিশেষ আসনত বহিবলৈ দিয়া হয়। প্ৰতিগৰাকীলৈ 'অক্ষত' (ধানৰ ঠোক) আগবঢ়াই আৰু ধূপ-ধূপ জ্বলাই পূজা কৰা হয়। কম বয়সৰ ছোৱালী এগৰাকীক নিৰ্দোষতাৰ বাবেই আটাইতকৈ বিশুদ্ধ বুলি গণ্য কৰা হয়।
তথ্যসূত্ৰ
- ↑ (2018-10-17). Durga Ashtami 2018: Significance and meaning of Kanya Pujan. Hindustan Times
- ↑ Navratri 2019: Shardiya Navratri 2019, Chaitra Navratri. www.durga-puja.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কন্যা পূজা” প্ৰবন্ধৰ সংশোধন ৪৩৬২২৫ (৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।