কুকুৰ তিহাৰ বা নেপালী ভাষাত নৰক চতুৰ্দশী এক বাৰ্ষিক হিন্দু উৎসৱ, যাৰ উৎপত্তি নেপালত আৰু তিহাৰ উৎসৱৰ দ্বিতীয় দিনা (অক্টোবৰ বা নৱেম্বৰৰ আশে-পাশে) পালন কৰা হয়। তিহাৰৰ দ্বিতীয় দিনটো কুকুৰ উৎসৱ নামেৰে জনাজাত আৰু কুকুৰ পূজাৰ বাবে উছৰ্গা কৰা হয়। এই দিনটোত মানুহে মৃত্যুৰ দেৱতা যমক সন্তুষ্ট কৰিবলৈ কুকুৰক পূজা কৰে, কিয়নো কুকুৰক তেওঁৰ দূত বুলি গণ্য কৰা হয়। কুকুৰক তিলক দিয়াৰ লগতে ডিঙিত ফুলৰ মালা পিন্ধোৱাৰ হয়। ভক্তসকলে কুকুৰক বিভিন্ন খাদ্য, যেনে- মাংস, গাখীৰ, কণী আদি আগবঢ়ায়। এই দিনটোত কুকুৰক অসন্মানজনক ব্যৱহাৰ কৰাটো পাপ বুলি গণ্য কৰা হয়।
বিশ্বৰ বিভিন্ন প্ৰান্তত নেপালী প্ৰব্ৰজনকাৰীয়েও কুকুৰ উৎসৱ পালন কৰে।
পটভূমি
, যাৰ সংগী হিচাপে শ্বৱান নামৰ কুকুৰ এটা আছে।]]
তিহাৰ নেপাল মূলৰ পাঁচদিনীয়া হিন্দু উৎসৱ; দশাইনৰ পিছত দেশৰ দ্বিতীয় বৃহত্তম উৎসৱ। ১ ২ তিহাৰৰ দ্বিতীয় দিনটোত কুকুৰ তিহাৰ উদযাপন কৰা হয়।৩ তিহাৰ উৎসৱৰ সময়ত গৰু, কাউৰীকে ধৰি বহুতো জীৱ-জন্তুৰ পূজাও কৰা হয়। ৪ ৫
প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতত, পাঁচজন পাণ্ডৱৰ লগত স্বৰ্গলৈ যোৱাৰ পথত এটা কুকুৰ আছিল। ৬ পাণ্ডৱসকলে পত্নী দ্ৰৌপদী আৰু ভাই-ভনীৰ সৈতে হিমালয় আৰোহণ কৰিছিল; যুধিষ্ঠিৰ আৰু সেই কুকুৰটো বাদে আটাইকেইজনৰে বাটতে মৃত্যু হৈছিল। তাৰ পিছত যুধিষ্ঠিৰে ইন্দ্ৰ দেৱতাক লগ পায়, যিয়ে তেওঁক স্বৰ্গলৈ আদৰি লৈ যায় যদিও কয় যে তেওঁ সেই কুকুৰটোৰ সৈতে স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰিব। কুকুৰটোক এৰিব লাগিব। ৭ যুধিষ্ঠিৰে সেই কুকুৰটো নোহোৱাকৈ স্বৰ্গত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰি পৃথিৱীলৈ ঘূৰি আহিম বুলি কয়।৮ ৯ তেনেতে কুকুৰটো নোহোৱা হৈ যায় আৰু ই মৃত্যুৰ দেৱতা যমৰ ৰূপ লয়; ইন্দ্ৰই তেওঁৰ কৰ্মত আপ্লুত হয় আৰু তেওঁৰ ধৰ্ম্মই যুধিষ্ঠিৰৰ বাবে স্বৰ্গৰ দুৱাৰ মুকলি কৰে।৭
হিন্দু পৌৰাণিক কাহিনী অনুসৰি যমৰ দুটা কুকুৰ আছে— শৰ্বৰ আৰু শ্যাম —যিসকলে নৰকৰ দুৱাৰ পহৰা কৰে। ১০ নেপালী হিন্দুসকলে বিশ্বাস কৰে যে কুকুৰক পূজা কৰিলেও তেওঁলোকে মৃত্যুক ইতিবাচকভাৱে গ্ৰহণ কৰিব পাৰে, কিয়নো তেওঁলোকৰ মৃত্যুৰ সময়তো কুকুৰে তেওঁলোকৰ অন্তিম যাত্ৰাত তেওঁলোকৰ পিছে পিছে যাব। ১১ তেওঁলোকে আশা কৰে যে কুকুৰবোৰে তেওঁলোকক নৰকৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিব। ১১ কুকুৰক যমৰ সংগী বুলি গণ্য কৰা হয় আৰু তেওঁক সন্তুষ্ট কৰিবলৈ পূজা কৰা হয়। ১২
এবিচি চাইন্সৰ মতে, কুকুৰক প্ৰথমে নেপাল আৰু মংগোলিয়াত পোহনীয়া কৰা হৈছিল।
উদযাপন
প্ৰতি বছৰে অক্টোবৰ বা নৱেম্বৰৰ আশে-পাশে তিহাৰ উদযাপন কৰা হয়। উৎসৱৰ সময়ত কুকুৰক পূজা কৰি গা ধুওৱা আৰু তিলক দিয়া হয়, যিটো সেন্দূৰ বা আবিৰ, চাউল আৰু দৈৰে তৈয়াৰ কৰা হয়। ১১ ১৩ ফুলৰ মালা পিন্ধাই মাংস, গাখীৰ, কণী, কুকুৰৰ খাদ্যকে ধৰি বিভিন্ন খাদ্য খুৱাই। আৰক্ষীৰ কুকুৰ আৰু ৰাজপথৰ কুকুৰকো সন্মান জনোৱা হয়। ১৪ কুকুৰ আৰু মানুহৰ মাজৰ সম্পৰ্কক উদযাপন কৰা হয়। ১৫
সঁহাৰি
আমেৰিকাত এতিয়া কুৰ উৎসৱ গ্ৰহণ কৰা হৈছে। ২০২৪ চনৰ ২৭ অক্টোবৰত ভিএৰ হেমাৰ্কেটৰ জেমছ লং পাৰ্কত প্ৰথম কুকুৰ তিহাৰ - কুকুৰ দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানৰ আয়োজক জুয়ান তিৱাৰীয়ে কয় যে তেওঁলোকে প্ৰতি বছৰে অক্টোবৰ মাহৰ শেষৰ দেওবাৰে আমেৰিকাত কুকুৰ তিহাৰ উদযাপন কৰিব। ২০১৫ চনৰ এপ্ৰিল মাহত নেপালত হোৱা ভূমিকম্পৰ পিছত, এনিমেল নেপালে এই উৎসৱৰ উপলক্ষে কুকুৰৰ গৃহহীনতাৰ বিষয়টোক প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰে। ১৪ কাঠমাণ্ডু পোষ্টৰ বাতৰি অনুসৰি মানুহে বিদেশী জাতৰ কুকুৰ কিনিবলৈ আৰম্ভ কৰে, যাৰ ফলত স্থানীয় কুকুৰক গৃহহীন কৰি তুলিছে। ১৬
২০১৬ চনত জীৱ-জন্তুক সন্মান জনোৱাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ মেক্সিকোত কুকুৰ উৎসৱ বিয়পি পৰে। ১৭ বিশেষ সম্প্ৰচাৰ সেৱাই প্ৰকাশ কৰা অনুসৰি অষ্ট্ৰেলিয়াৰ বহু নেপালী লোকে এই উৎসৱ উদযাপন কৰিছে। ১৮ ১৯ ২০০৮ চনত এছিয়ান আৰ্টে লণ্ডনত এই উৎসৱ উদযাপন কৰি এটা চেৰিটি ডগ ৱাক অনুষ্ঠান কৰিছিল। ২০ ২০১৬ চনত কাঠমাণ্ডু মেট্ৰ'পলিটান চিটি হিউমেন ছ'চাইটি ইণ্টাৰনেশ্যনেল আৰু জেন গুডল ইনষ্টিটিউট নেপালে "নগৰীয়া কুকুৰৰ জনসংখ্যা মানৱীয়ভাৱে পৰিচালনা"ৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰিছিল। ২১ আন্তঃৰাষ্ট্ৰীয় সহযোগী পশু ব্যৱস্থাপনা মিত্ৰজোঁটৰ (আইচিএএম মিত্ৰজোঁটৰ) এক শৈক্ষিক মূল্যায়নত দেখা গৈছে যে নেপালৰ ৰাজধানীত কুকুৰবোৰ “সাধাৰণতে সুস্থ আৰু সমাজে গ্ৰহণ কৰে”। ২২
২০১৮ চনত কুশল নামৰ এটা কুকুৰক এই উৎসৱ উপলক্ষে নেপাল আৰক্ষীয়ে "বছৰটোৰ শ্ৰেষ্ঠ কুকুৰ" হিচাপে নিৰ্বাচিত কৰিছিল, কাৰণ কুকুৰটোৱে ১০ বছৰীয়া এগৰাকী কিশোৰীৰ হত্যাকাৰীক বিচাৰি উলিওৱাত সহায় কৰিছিল। ২৩
তথ্যসূত্ৰ
- ↑ (9 November 2020). Market in border area bustling. The Himalayan Times
- ↑ Prasain, Krishana. (21 October 2020). Nepal's biggest festival Dashain fails to lift the market mood, buyers and sellers say. The Kathmandu Post
- ↑ Devleesschauwer, Brecht. (12 February 2016). Epidemiology, Impact and Control of Rabies in Nepal: A Systematic Review. পৃ. e0004461
- ↑ Kelly, Erin. (5 October 2015). In Nepal, Every Dog Has Its Day. Literally.. All That's Interesting
- ↑ Devkota, Mahima. (3 November 2021). Why do we worship crows and dogs?. The Rising Nepal
- ↑ Shahani, Shradha. (22 October 2019). In Nepal, Diwali is a time to worship the dogs. Condé Nast Traveller
- ↑ Singh, Sudeshna. (8 April 2020). Interested in the Mahabharata? Know how the Pandavas died. Times Now
- ↑ Das, Gitanjali. (6 September 2020). Explained: After Modi's push, a look at the several dog breeds native to India. The Indian Express
- ↑ (7 November 2018). Day of the Dog: A day before Diwali, Nepal celebrates 'dog puja festival' with fervour – See pics. Times Now
- ↑ (10 November 2015). Dogs worshipped on Kukur Tihar. The Kathmandu Post
- ↑ Marak, Queenbala; Chaudhuri, Sarit K. (28 February 2020). The Cultural Heritage of Meghalaya. Routledge. ISBN 978-1-000-07182-5
- ↑ (28 October 2019). Kukur Tihar, Laxmi Puja observed; Bhai Tika tomorrow. The Himalayan Times
- ↑ (18 October 2017). Did you know there is a dog puja festival in Nepal on Choti Diwali day?. The Indian Express
- ↑ (30 October 2016). Dogs in Nepal enjoy treats, affection. Gulf Times
- ↑ Whitehead, Joanna. (8 November 2018). This Nepalese festival has an entire day devoted to celebrating dogs. The i
- ↑ Kukur Puja for rescued dogs. The Kathmandu Post
- ↑ (12 November 2018). Mexico adopts Kukur Tihar. Nepali Times
- ↑ Every dog has its 'favourite' day in Nepal. SBS
- ↑ "Happy Dog Day": Nepalis in Australia celebrate their favorite companion for a Hindu festival. SBS
- ↑ Moore, Susan. (1 November 2008). Asian art market: Asian Art in London offers up an extraordinary range of works from every corner of the continent. Susan Moore selects some highlights. পৃ. 108–110
- ↑ (20 April 2016). Nepal's First Metropolitan Dog Management Program – "Manumitra" – Launched in Kathmandu. Humane Society International
- ↑ Kartal, Tamara. (29 July 2019). Manu Mitra: an example of community engagement in Kathmandu, Nepal. ICAM
- ↑ 'Special 78' sniff out murderers for Nepal Police. The Kathmandu Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুকুৰ তিহাৰ (উৎসৱ)” প্ৰবন্ধৰ সংশোধন ৪৯১০৭৩ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।