হিন্দুধৰ্মৰ উৎসৱসমূহ
৭৪ প্ৰবন্ধ
-
দহি-হাণ্ডী
দহি হাণ্ডী ( Dahi Handi ) কৃষ্ণ জন্মাষ্টমীৰ সৈতে জড়িত এক মনোৰঞ্জন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠান। ই কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা আগষ্ট বা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হয়। ইয়াৰ লগত জড়িত সম্প্ৰদায়সমূহে দৈ (দহি), মাখন বা আন গাখীৰ ভিত্তিক খাদ্যৰে ভৰা মাটিৰ পাত্ৰ এটা সুবিধাজনক বা ওখ উচ্চতাত ওলোমাই থোৱা থয়।
-
দেহাল পূজা
দেহাল পূজা বা দেওশাল পূজা কাৰ্বিসকলে পালন কৰা এটি লোক উৎসৱ। গাঁৱৰ উন্নতিৰ বাবে গাঁওবাসীয়ে এই পূজা আয়োজন কৰি দেৱ-দেৱীসকলক প্ৰাৰ্থনা কৰে।
-
দোল পূৰ্ণিমা
দোল পূৰ্ণিমা, জনপ্ৰিয়ভাৱে দোল যাত্ৰা, দৌল উৎসৱ বা দেউল বুলিও জনা যায়, ব্ৰজ অঞ্চল, ৰাজস্থান, গুজৰাট, ওড়িশা, অসম, ত্ৰিপুৰা আৰু বংগ অঞ্চলৰ হোলী উৎসৱৰ সময়ত পালন কৰা হিন্দু দোল উৎসৱ।
-
ধনু যাত্ৰা
ধনু যাত্ৰা (ଧନୁଯାତ୍ରା; Dhanu Jatra) উৰিষ্যাৰ বৰগড়ত অনুষ্ঠিত হোৱা মুক্তাঙ্গনত পৰিবেশিত নাট্যানুষ্ঠান। বৰগড়ৰ ৮ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ পৌৰ অঞ্চলত বিয়পি থকা ই পৃথিৱীৰ সৰ্ববৃহৎ মুক্তাঙ্গন থিয়েটাৰ আৰু ই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে।
-
নীৰ্জল একাদশী
নীৰ্জল একাদশী হৈছে এক হিন্দু ধৰ্মীয় উৎসৱ। চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি জ্যেষ্ঠ(মে/জুন) মাহৰ একাদশীত এই উৎসৱ পালন কৰা হয়। এই একাদশীৰ নাম পানীৰ অন্য নাম নীৰ আৰু জলৰ পৰা অহা(নীৰ-জল)। এই একাদশীত পানী বিহীন ভাবে ব্ৰত পালন কৰা হয়। ২৪টা একাদশীৰ ভিতৰত এই একাদশীৰ বিশেষত্ব অধিক। ই এক ধৰ্মীয় উৎসৱ।
-
নৱৰেহ (কাশ্মিৰী নৱবৰ্ষ)
নৱৰেহ বা কাশ্মীৰী নৱবৰ্ষ কাশ্মিৰী হিন্দুসকলে তথা কাশ্মীৰৰ হিন্দুসকলৰ ভিতৰৰ আটাইতকৈ বেছি কাশ্মীৰী পণ্ডিতসকলে পালন কৰা কাশ্মিৰী নৱবৰ্ষৰ প্ৰথম দিনটোৰ উদ্যাপন।
-
প'লা উৎসৱ
প'লা (Pola) হৈছে খেতিয়ক সকলৰ ষাঁড় আৰু বলধ গৰুক সন্মান জনাই মহাৰাষ্ট্ৰ, ছত্তীছগঢ়, মধ্য প্ৰদেশ, তেলঙ্গানা, কৰ্ণাটক আদি ৰাজ্যৰ খেতিয়ক সকলে পালন কৰা এক উৎসৱ। ইয়াৰ দ্বাৰা খেতিয়ক পৰিয়ালে তেওঁলোকৰ খেতিৰ কামত সহায় কৰা ষাঁড় আৰু বলধ গৰুক সন্মান জনাই আৰু ধন্যবাদ জ্ঞাপন কৰে।
-
পনা সংক্ৰান্তি
পনা সংক্ৰান্তি, (ପଣା ସଂକ୍ରାନ୍ତି) বা মহাবিষুৱ সংক্ৰান্তি (ମହା ବିଷୁବ ସଂକ୍ରାନ୍ତି), হৈছে ভাৰতৰ ওড়িয়া লোক সকলৰ দ্বাৰা উদযাপিত পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ। এই উৎসৱৰ তাৰিখ চান্দ্ৰ-সৌৰ কেলেণ্ডাৰ অনুসৰি সৌৰ চক্ৰৰ ওপৰত নিৰ্ভৰশীল।
-
পেৰুৱনম পূৰাম
পেৰুৱনম পূৰাম হ'ল দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ অন্যতম জনপ্ৰিয় মন্দিৰ উৎসৱ। থ্ৰিছুৰ জিলাৰ চেৰপুৰ পেৰুভানাম মন্দিৰত অনুষ্ঠিত হয়। ভগৱান শিৱ এই মন্দিৰৰ মুখ্য দেৱতা।
-
মৌনী অমাৱস্যা
মৌনী অমাৱস্যা (Mauni Amavasya) হৈছে হিন্দু ধৰ্মীয় অনুশীলনত পূৰ্বপুৰুষ বা পূৰ্বপুৰুষক সন্মান জনোৱাৰ বাবে পালন কৰা এক ঐশ্বৰিক অনুষ্ঠান। সংস্কৃতত মৌনী শব্দৰ অৰ্থ হৈছে মৌনতা, সেয়েহে দিনটো মৌনতাৰে পাৰ কৰা হয় আৰু এই দিনটোত বহুতো ধৰ্মীয় ৰীতি-নীতি কৰা হয়।
-
সংকষ্টী চতুৰ্থী
সংকষ্টী চতুৰ্থী (Sankashti Chaturthi) হʼল হিন্দু পঞ্জিকাৰ প্ৰতিটো চান্দ্ৰ মাহৰ এটা পৱিত্ৰ দিন। হিন্দু দেৱতা গণেশৰ প্ৰতি উৎসৰ্গিত এই অনুষ্ঠানটোক সংকটহৰ চতুৰ্থী আৰু সংকষ্টী নামেৰেও জনা যায়। এই দিনটো কৃষ্ণপক্ষৰ চতুৰ্থ দিনত পৰে।
-
হালধি কুমকুম
হালধি কুমকুম বা হালধি কুমকুম অনুষ্ঠান হৈছে ভাৰতৰ এক সামাজিক অনুষ্ঠান য'ত বিবাহিত মহিলাসকলে তেওঁলোকৰ বিবাহিত মৰ্যাদাৰ প্ৰতীক হিচাপে হালধি আৰু কুমকুম (ভাৰ্মিলিয়ন পাউডাৰ) বিনিময় কৰে আৰু তেওঁলোকৰ স্বামীসকলৰ দীৰ্ঘ জীৱন বিচাৰে।
-
ৰজপৰ্ব
ৰজ বা ৰজপৰ্ব (Raja parba) ওড়িশাৰ পৰম্পৰাগত উৎসৱ। এই উৎসৱ তিনিদিন ধৰি উদযাপন কৰা হয়। এই উৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ ৰজ সংক্ৰান্তি বা মিথুন সংক্ৰান্তিৰ পৰা হিন্দু সৌৰদিনপঞ্জী অনুসৰি মিথুন ৰাশিৰ মাহ আৰম্ভ হয় আৰু তাৰ পিছত বৰ্ষা ঋতু আৰম্ভ হয়।
-
ৰথ সপ্তমী
ৰথ সপ্তমী (Ratha Saptami, रथसप्तमी) হʼল হিন্দু মাহ, মাঘৰ শুক্ল পক্ষৰ সপ্তমী তিথিত পালন কৰা এটি গুৰুত্বপূৰ্ণ উৎসৱ। ইয়াক মাঘ সপ্তমী বুলিও কোৱা হয়। ইয়াৰদ্বাৰা প্ৰতীকীভাৱে বুজোৱা হয় যে সূৰ্য দেৱতাই তেওঁৰ সাতটা ঘোঁৰাই (যি সাতটা ৰঙক প্ৰতিনিধিত্ব কৰে) টনা ৰথখন উত্তৰ গোলাৰ্ধৰ দিশে অৰ্থাৎ উত্তৰ-পূব…