ঋষি পঞ্চমী হৈছে চান্দ্ৰ কেলেণ্ডাৰৰ পঞ্চম মাহ ভাদ্ৰপদৰ পঞ্চমটো দিনত এই উৎসৱ পালন কৰা হয়। ই গণেশ চতুৰ্থীৰ পিছৰটো দিন। এই উৎসৱৰ জৰিয়তে পৰম্পৰাগত ভাৱে সপ্ত ঋষি ক্ৰমে কাশ্যপ, অত্ৰী, ভৰদ্বাজ, বিশ্বামিত্ৰ, গৌতম মহৰ্ষি, জমদগ্নি আৰু ঋষি বশিষ্ঠ। কেৰালাৰ কোনো অংশত এইদিনটো বিশ্বকৰ্মা পূজা হিচাপে পালন কৰা হয়।১২
এই ব্ৰতৰ দিনা ভক্ত সকলে এই মহান ঋষি সকলে সমাজ কল্যাণৰ প্ৰতি কৰা নিজৰ জীৱন উৎসৰ্গাৰ বাবে তেওঁলোকৰ প্ৰতি ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। মহিলা সকলে উক্ত দিনটো উপবাসে কটায়।
কোনো কোনো অঞ্চলত ঋষি পঞ্চমীৰ দিনটো ব্ৰাহ্মণ, অগৰৱালা, মহেশ্বৰী সমূদায়ৰ লোক সকলে ৰাখীবন্ধনৰ দিন হিচাপেও পালন কৰা দেখা যায়। উক্ত দিনা বায়েক ভনীয়েকে ককায়েক ভায়েকৰ হাতত ৰাখী বা মাংগলীক সূতা বান্ধি ইজনে আনজনৰ মংগল কামনা কৰে আৰু বিপদত সুৰক্ষা প্ৰদানৰ কথা দিয়ে।
ৰীতি
ঋষি পঞ্চমীৰ দিনা পবিত্ৰ নদী, পুখুৰী আদিত ৰীতিগত ভাৱে গা ধোৱা হয়। এই দিনটোত গণেশ, নৱগ্ৰহ, সপ্তৰ্ষি, আৰু অৰুন্ধতীৰ পূজা কৰা হয়। মহিলা সকলে দিনটো উপবাসে থাকি ভগৱান প্ৰসাদ অৰ্পণ কৰে আৰু নিজৰ স্বামীৰ ভৰি ধুৱাই দিয়ে।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋষি পঞ্চমী” প্ৰবন্ধৰ সংশোধন ৪০৩২১০ (২২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।