নাৰিকল পূৰ্ণিমা হৈছে মহাৰাষ্ট্ৰ ৰ বিশেষকৈ মুম্বাই আৰু কংকা তীৰৰ হিন্দু মাছমৰিয়া সমাজে পালন কৰা এক উৎসৱ। হিন্দু ভাৰতীয় বৰ্ষপঞ্জী অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিত (ইংৰাজী মাহ জুলাই আৰু আগষ্ট)ত এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ পালনৰ বাবে ফুল, চাউল, নাৰিকল আদি নৈবেদ্য হিচাপে উৎসৰ্গা কৰা হয়। ইয়াৰোপৰি মহিলা সকলে তেওঁলোকৰ ভায়েক বা ককায়েকৰ হাতত ৰাখী পিন্ধাই।১
উদযাপন
ইউনাইটেড নেচন ইকনমিক এণ্ড চচিয়েল কমিচন ফৰ এচিয়া এণ্ড দ্য পেচিফিক (UN-ESCAP)য়ে ঘোষণা কৰা বিশ্ব নাৰিকল দিৱস সমগ্ৰ বিশ্বত ২ ছেপ্টেম্বৰত পালন কৰা হয়।২৩ মুম্বাইত এই মহোৎসৱত পূৰ্বতে মালাবাৰ পৰ্বত আৰু কোলাবা ৰ মাজৰ সমুদ্ৰ তীৰত নাৰিকল আৰু পুষ্প সজ্জাৰে সৈতে বৃহৎ সংখ্যক লোক একত্ৰিত হৈ পালন কৰিছিল। বাৰিষাৰ শেষৰ ফালে পূৰ্ণিমা তিথিত এই উৎসৱ উদযাপন কৰা হয়। ইয়াৰ দ্বাৰা বছৰটোলৈ শান্ত সাগৰ আৰু সুৰক্ষিত সমুদ্ৰ পথৰ কামনা কৰা হয়।৪৫
তথ্যসূত্ৰ
- ↑ Gupte, B.A. (1919). Hindu holidays and ceremonials with dissertations on origin, folklore and symbols. Thacker, Spink and Co. পৃ. 178
- ↑ World Coconut Day. Tubelight Talks
- ↑ World Coconut Day 2020: Theme, Significance of the Occasion and Benefits of Fruit. News18
- ↑ Newell, H.A. (1912). Bombay. A guide to Places of Interest with Map.. পৃ. 112
- ↑ Villiers, Allan. (1952). Monsoon Seas The Story Of The Indian Ocean. পৃ. 111-112
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰিকল পূৰ্ণিমা” প্ৰবন্ধৰ সংশোধন ২৫৩২০৮ (৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।