চেটি চান্দ (Cheti Chand) ভাৰত আৰু পাকিস্তানৰ হিন্দু সিন্ধী সকলে পালন কৰা উৎসৱ। এই উৎসৱে সিন্ধী হিন্দুসকলৰ বাবে চন্দ্ৰ হিন্দু নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে।১ এই উৎসৱৰ তাৰিখ চন্দ্ৰসৌৰ হিন্দু কেলেণ্ডাৰৰ চন্দ্ৰমাহৰ ওপৰত আধাৰিত। চেটি চান্দ সিন্ধী সকলৰ নৱবৰ্ষৰ দিন। সিন্ধি মাহ চেটৰ (চৈত্ৰ) প্ৰথম দিনা এই উৎসৱ পালন কৰা হয়। ই সাধাৰণতে গ্ৰেগৰীয়ান দিনপঞ্জীৰ মাৰ্চৰ শেষ ভাগত বা এপ্ৰিলৰ আৰম্ভণিত পৰে। চেটি চান্দৰ দিনা মহাৰাষ্ট্ৰৰ গুড়ি পড়ৱা আৰু দক্ষিণ ভাৰতত উগাদি পালন কৰা হয়।
ইতিহাস
চেটি চান্দ উৎসৱে বসন্ত আৰু শস্যৰ আগমন চিহ্নিত কৰে। ১০০৭ চনত এই দিনতে সিন্ধী সম্প্ৰদায়সকলৰ ইষ্ট দেৱতা উদেৰোলাল না ঝুলেলালৰ জন্ম হৈছিল। সেইময়ত সিন্ধী সকলে সিন্ধু নদীৰ পাৰৰ হিন্দু দেৱতা বৰুণ দেৱক তেওঁলোকক অত্যাচাৰী মুছলমান শাসক মিৰ্খশ্বাহৰ উৎপীড়নৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰিছিল।১২৩ বৰুণ দেৱে এজন যোদ্ধা আৰু বৃদ্ধ ব্যক্তিলৈ ৰূপান্তৰিত হৈছিল আৰু মিৰ্খশ্বাহক গৰিহণা দি বুজাইছিল যে মুছলমান আৰু হিন্দুসকলে একে ধৰ্মীয় স্বাধীনতাৰ যোগ্য। তেওঁ ঝুলেলাল হিচাপে দুয়ো ধৰ্মৰে সিন্ধী লোকসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।১ চুফী মুছলিম অনুসৰণকাৰীসকলৰ ভিতৰত ঝুলেলালক "খাজা খিজিৰ" বা "শ্বেখ তাহিত" বুলি কোৱা হয়। কিংবদন্তি অনুসৰি সিন্ধী সকলে নতুন বছৰটো উধেৰোলালৰ জন্মদিন হিচাপে উদযাপন কৰে।১২
চেটি চান্দ উদযাপন পৰম্পৰা সম্ভৱতঃ দৰিয়াপন্থী সকলৰ মাজত আৰম্ভ হৈছিল। ব্ৰিটিছ ঔপনিবেশিক শাসন কালত উদেৰোলাল আৰু জিন্দাপীৰত (পাকিস্তানৰ হায়দৰাবাদৰ ওচৰত) মুখ্য বাৰ্ষিক মেলা অনুষ্ঠিত হৈছিল।৪
উদযাপন
সমসাময়িক সময়ত সিন্ধী সম্প্ৰদায়ে চেটি চান্দ উৎসৱ মুখ্য মেলা, ৰাজহুৱা ভোজ, ঝুলেলাল আৰু অন্যান্য হিন্দু দেৱতাৰ ঝাল্কীৰ সৈতে শোভাযাত্ৰা আৰু সামাজিক নৃত্যৰ সৈতে উদযাপন কৰা হয়। এই দিনটোতে বহুতো সিন্ধী লোকে ঝুলেলালৰ প্ৰতিনিধিত্ব কৰা বাহাৰানা চাহিবক ওচৰৰ নদী বা হ্ৰদলৈ লৈ যায়। বাহৰানা চাহিবে হৈছে জৌত বা তেলৰ চাকি, মিচিৰি, ফোটা বা ইলাচী, ফল আৰু আখা থাকে। পিছফালে পানীৰে পূৰ্ণ এটা কলহ আৰু ইয়াত এটা নাৰিকল, কাপোৰ, ফুল আৰু পাতৰে সৈতে মাংগলিক কলহ সজোৱা হয়। ইয়াত পূজ্য ঝুলেলাল দেৱতাৰ এটা মূৰ্তি প্ৰতিষ্ঠা কৰা হয়। চেটি চান্দ ভাৰত আৰু পাকিস্তানৰ সিন্ধী হিন্দুসকলৰ এক মুখ্য উৎসৱ আৰু ইয়াক বিশ্বৰ হিন্দু সিন্ধী প্ৰবাসী সকলেও উদযাপন কৰে।৩
চেটি চান্দত ঝুলেলালৰ পূজা-অৰ্চনা কৰা হয় আৰু টেহৰী (মিঠা ভাত) আৰু শাই ভাজা (দাইলত দিয়া পালেং শাক) প্ৰস্তুত কৰা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ S. Ramey. (2008). Hindu, Sufi, or Sikh: Contested Practices and Identifications of Sindhi Hindus in India and Beyond. Palgrave Macmillan. পৃ. 8, 36. ISBN 978-0-230-61622-6
- ↑ Mark-Anthony Falzon. (2004). Cosmopolitan Connections: The Sindhi Diaspora, 1860–2000. BRILL. পৃ. 58-60. ISBN 90-04-14008-5
- ↑ P. Pratap Kumar. (2014). Contemporary Hinduism. Routledge. পৃ. 120–124. ISBN 978-1-317-54636-8
- ↑ Mark-Anthony Falzon. (2004). Cosmopolitan Connections: The Sindhi Diaspora, 1860–2000. BRILL. পৃ. 60. ISBN 90-04-14008-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেটি চান্দ” প্ৰবন্ধৰ সংশোধন ৪৬৮৬৮৭ (৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।