হিন্দী টেলিভিছনৰ অভিনেত্ৰী
৩৬ প্ৰবন্ধ
-
গুল পানাগ
গুলকিৰাট কৌৰ পানাগ (Gul Panag; জন্ম: ৩ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভয়ছ আৰ্টিষ্ট আৰু মডেল। তেওঁ ১৯৯৯ চনত ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট পিন্ধে আৰু ১৯৯৯ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
নিতাংশী গ’য়েল
নিতাংশী গ’য়েল (Nitanshi Goel; জন্ম: ১২ জুন ২০০৭) এগৰাকী ভাৰতীয় কিশোৰী অভিনেত্ৰী। তেওঁ বিভিন্ন ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত থাপকি প্যাৰ কি (২০১৭), কৰ্মফল দাতা শনি (২০১৬), এম.এছ.
-
মন্দিৰা বেদী
মন্দিৰা বেদী (Mandira Bedi; জন্ম ১৫ এপ্ৰিল ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ফেশ্বন ডিজাইনাৰ, আৰু টেলিভিছনৰ উপস্থাপক৷ ১৯৯৪ চনত ভাৰতৰ ৰাষ্ট্ৰীয় চেনেল দূৰদৰ্শনত সম্প্ৰচাৰিত হোৱা শান্তি ত শীৰ্ষক চৰিত্ৰত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰিছিল। ২০১৯ চনত তেওঁ সাহো ছবিখনত এক নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল।
-
অশ্বিনী ভাৱে
অশ্বিনী ভাৱে (Ashwini Bhave; জন্ম: ৭ মেʼ ১৯৬৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ মাৰাঠী, হিন্দী, আৰু কন্নড় চলচ্চিত্ৰৰ লগতে হিন্দী টেলিভিছনত তেওঁৰ কামৰ বাবে পৰিচিত।
-
আইশা আহমেদ
আইছা আহমেদ এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনেত্ৰী ৰুখছাৰ ৰেহমানৰ কন্যা, আইশা এডালটিং (২০১৮) আৰু মাইনাছ ৱান (২০১৯)কে ধৰি কেইবাখনো জনপ্ৰিয় ষ্ট্ৰীমিং ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত থ্ৰিলাৰ থ্ৰি ষ্ট’ৰেজৰ জৰিয়তে তেওঁ ছবিজগতত প্ৰৱেশ কৰে।
-
চাবা সৌদাগৰ
চাবা সৌদাগৰ (Saba Saudagar) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। হিন্দী ভাষাৰ ৱেব-ছিৰিজত বুও সবকি ফাটেগী (২০১৯), ক্ৰেকডাউন (২০২০), আৰু গন্দী বাত (ছিজন ৪) (২০২০) আদিত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
জাৰা য়েছমিন
জাৰা য়েছমিন (Zaara Yesmin; জন্ম: ৮ জানুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ইউটিউবত প্ৰায় ২০ কোটি ভিউ লাভ কৰা "সব কি বাৰাতেইঁ" শীৰ্ষক গীতটোৰ সংগীত ভিডিঅʼত অভিনয় কৰাৰ বাবে তেওঁ সুপৰিচিত। তেওঁ টেলিভিছন বিজ্ঞাপনতো অভিনয় কৰিছে। ২০১৬ চনত, তেওঁ "ফেমিনা ষ্টাইল ডিভা ইষ্ট" খিতাপ লাভ কৰিছিলৰে।
-
ত্ৰিধা চৌধুৰী
ত্ৰিধা চৌধুৰী (Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।
-
নিকিতা দত্ত
নিকিতা দত্ত(Nikita Dutta; জন্ম:-১৩ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। ২০১২ চনৰ ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰাৰ পিছত ৰোমাণ্টিক-ড্ৰামা লেকৰ হম দীৱানা দিল (২০১৪)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
বাহবিজ দোৰাবজী
বাহবিজ দোৰাবজী (ইংৰাজী: Vahbbiz Dorabjee) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল।
-
মুনমুন দত্ত
মুনমুন দত্ত (Munmun Dutta; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী টেলিভিছন উদ্যোগত কাম কৰে। হিন্দী ভাষাৰ চিটকম তাৰক মেহতা কা উল্টা চশমাত ববিতা আয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
সুমনা দাস
সুমনা দাস গোৰাদিয়া (ইংৰাজী: Sumana Das Goradia) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। বেত্তাব দিল কী তামান্না হেঁইত শামলীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ডিজনী চেনেলৰ কিয়া মাষ্ট হেঁ লাইফ, ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰে আদি ধাৰাবাহিকতো ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে। সুমনা দাসৰ জন্ম হৈছিল অসমৰ ডিফুত।
-
সৌম্যা টেণ্ডন
সৌম্যা টেণ্ডন (Saumya Tandon; জন্ম: ৩ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপক। তেওঁ ভাভী জী ঘৰ পৰ হায়! নামৰ হিন্দী চিটকম টেলিভিছন ধাৰাবাহিকখনত অনিতা বিভূতি নাৰায়ণ মিশ্ৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
ৰশ্মি দেশাই
শিৱানী দেশাই (Rashami Desai; জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৮৬), পেছাগতভাৱে ৰশ্মি দেশাই নামে জনাজাত, এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ দুটা ইণ্ডিয়ান টেলিভিছন একাডেমি এৱাৰ্ড আৰু গোল্ড এৱাৰ্ডসহ বহু সন্মান লাভ কৰিছে।
-
ৰেশ্মী ঘোষ
ৰেশ্মী ঘোষ (Reshmi Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। কায়ামথ, মাতা কি চৌকী, বুদ্ধ আদি টেলিভিছন শ্ব’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত। পৌৰাণিক ধাৰাবাহিক শংকত মোচন মহাবলী হনুমানতো কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে।
-
উপাসনা সিং
উপাসনা সিং (ইংৰাজী: Upasana Singh; জন্ম ২৯ জুন ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী, পঞ্জাবী আৰু ৰাজস্থানী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। সিং ১৯৯৭ চনৰ ছবি জুদাইত এগৰাকী বধিৰ আৰু মুকবধিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
জয়শ্ৰী গড়কৰ
জয়শ্ৰী গড়কৰ (ইংৰাজী: Jayshree Gadkar; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৪২ – ২৯ আগষ্ট ২০০৮) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মাৰাঠী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁক মাৰাঠী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে গণ্য কৰা হয়।
-
জয়শ্ৰী টি.
জয়শ্ৰী তলপড়ে (ইংৰাজী: Jayshree Talpade) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ প্ৰডাকচন আৰু কেইটামান টেলিভিছন প্ৰডাকচনত কাম কৰে।
-
জিয়া মানেক
জিয়া মানেক (ইংৰাজী: Giaa Manek; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী দূৰদৰ্শন ধাৰাবাহিকত কাম কৰাৰ বাবে পৰিচিত। তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক সাথ নিভানা সাথিয়া, ছব টিভিৰ জিনী ঔৰ জুমজু আৰু ষ্টাৰ ভাৰতৰ তেৰা মেৰা সাথ ৰাহেত কৰা অভিনয়ৰ বাবে সৰ্বাধিক জনপ্ৰিয়।
-
নাথালিয়া কৌৰ
নাথালিয়া পিনহেইৰো ফেলিপ মাৰ্টিন্স (জন্ম: ১৫ আগষ্ট ১৯৯৩), যি নাথালিয়া কৌৰ নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰাজিলিয়ান মডেল আৰু অভিনেত্ৰী যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ বিশেষকৈ বলিউড আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত আইটেম চং আৰু অভিনয়ৰ বাবে পৰিচিত।
-
পাখী হেগড়ে
পাখী হেগড়ে (ইংৰাজী: Pakkhi Hegde; জন্ম: ৭ জুন ১৯৭০) মুম্বাইৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী ধাৰাবাহিকৰ লগতে, ভোজপুৰী, তুলু মাৰাঠী, হিন্দী, পঞ্জাবী আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে।
-
পূজা বেনাৰ্জী
পূজা বেনাৰ্জী (জন্ম ৬ ফেব্ৰুৱাৰী ১৯৮৭), যাক কেতিয়াবা পূজা বোস বা সৰলভাৱে পূজা বুলিও ক্ৰেডিট দিয়া হয়, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ বাংলা চলচ্চিত্ৰ আৰু হিন্দী দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰিছে।
-
বৰ্খা সিং
বৰ্খা সিং (Barkha Singh; জন্ম: ৩ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ হিন্দী ছবি আৰু ৱেব শ্ব'ত কাম কৰে। শিশু শিল্পী হিচাপে তেওঁ মুঝছে দস্তী কৰোগেৰ দৰে ছবিত কাম কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ সময়: ৱেন টাইম ষ্ট্ৰাইকছ (২০০৩) তো শিশুশিল্পী হিচাপে কাম কৰে।
-
মীনাক্ষী চৌধুৰী
মীনাক্ষী চৌধুৰী (Meenakshi Chaudhary; জন্ম: ৫ মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ প্ৰধানকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে।
-
য়ুৱিকা চৌধুৰী
য়ুৱিকা চৌধুৰী (ইংৰাজী: Yuvika Chaudhary; জন্ম: ২ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ওম্ শান্তি ঔম, চামাৰ ২০০৭ আৰু তো বাত পক্বী! ৰ দৰে হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৯ চনত তেওঁ কন্নড় ছবি মলেয়ালি জথেয়ালিত গণেশৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
শুভাংগী আত্ৰে
শুভাংগী আত্ৰে (জন্ম ১১ এপ্ৰিল ১৯৮১) এজন ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। আত্ৰে প্ৰথমবাৰ অভিনয় ক্ষেত্ৰত প্ৰৱেশ কৰে একতা কাপুৰৰ কছৌটি জিন্দেগী কে ধাৰাবাহিকৰ পালচিন্ন বসুৰ ৰূপত। তেওঁ কস্তুৰী (২০০৭–০৯) ধাৰাবাহিকত শীৰ্ষভূমিকাত অভিনয় কৰি ব্যাপক পৰিচিতি লাভ কৰে।
-
শ্বেতা তিৱাৰী
শ্বেতা তিৱাৰী (জন্ম: ৪ অক্টোবৰ ১৯৮০) (ইংৰাজী: Shweta Tiwari) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। টেলিভিছনৰ এগৰাকী সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰী তিৱাৰীয়ে কছৌটী জিন্দগী কে ধাৰাবাহিকত প্ৰেৰণা শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে ব্যাপকভাৱে পৰিচিত।
-
শ্ৰীতি ঝা
শ্ৰীতি ঝা (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ৰোমাণ্টিক কমেডীৰপৰা ক্ৰাইম ড্ৰামালৈকে বিভিন্ন ধাৰাত তেওঁৰ বহুমুখী অভিনয়ৰ বাবে পৰিচিত ঝাই দুটাকৈ ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ডছ, তিনিটা ইণ্ডিয়ান টেলি এৱাৰ্ডছ আৰু দুটা গোল্ড এৱাৰ্ডছ আদিকে ধৰি…
-
শ্ৰেয়া ধনন্তৰি
শ্ৰেয়া ধনন্তৰি ( Shreya Dhanwanthary; জন্ম: ২৯ আগষ্ট ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব'ত অভিনয় কৰে। ২০০৯ চনত তেলেগু ছবি জোছৰ সৈতে তেওঁ অভিষেক ঘটায়।
-
সম্ভাৱনা শেঠ
সম্ভাৱনা শেঠ (জন্ম: ১২ ডিচেম্বৰ ১৯৮০) (ইংৰাজী: Sambhavna Seth) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, নৃত্যশিল্পী আৰু ভ্লগাৰ। তেওঁ ভোজপুৰী আইটেম গীতত কৰা প্ৰদৰ্শনৰ বাবে সৰ্বাধিক পৰিচিত।