জিয়া মানেক (ইংৰাজী ভাষা: Giaa Manek; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী ভাষা দূৰদৰ্শন ধাৰাবাহিকত কাম কৰাৰ বাবে পৰিচিত।১ তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক সাথ নিভানা সাথিয়া, ছব টিভিৰ জিনী ঔৰ জুমজু২ আৰু ষ্টাৰ ভাৰতৰ তেৰা মেৰা সাথ ৰাহেত কৰা অভিনয়ৰ বাবে সৰ্বাধিক জনপ্ৰিয়।৩ ২০১২ চনত তেওঁ নৃত্যভিত্তিক বাস্তৱধৰ্মী অনুষ্ঠান ঝলক দিখলা যা ৫ত অংশগ্ৰহণ কৰিছিল।৪ ২০১৪ চনত তেওঁ বক্স ক্ৰিকেট লীগ ছিজন ১ৰো অংশ আছিল।
দূৰদৰ্শন জগতত ভৰি দিয়াৰ পূৰ্বে তেওঁ ২০১০ চনৰ হিন্দী হাস্যমধুৰ চলচ্চিত্ৰ না ঘৰ কে না ঘাট কেত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
মানেকৰ জন্ম ১৯৮৬ চনৰ ১৮ ফেব্ৰুৱাৰীত ভাৰতৰ গুজৰাটৰ আহমেদাবাদত হৈছিল।৫৬ তেওঁ এগৰাকী গুজৰাটী মূলৰ লোক।৭
কেৰিয়াৰ
মানেকে ২০১০ চনত সাথ নিভানা সাথিয়া ধাৰাবাহিকত গোপী চৰিত্ৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১২ চনত যেতিয়া তেওঁক কালৰ্ছ টিভিৰ নৃত্য বাস্তৱধৰ্মী অনুষ্ঠান ঝলক দিখলা যা ৫ত অংশ ল’বলৈ প্ৰস্তাৱ দিয়া হৈছিল, তেতিয়া তেওঁ সময়সূচীৰ খেলিমেলিৰ সন্মুখীন হৈছিল। নৃত্য অনুষ্ঠানটোৰ চাহিদা আৰু সাথ নিভানা সাথিয়াৰ চৰিত্ৰটোৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰিছিল, যাৰ ফলত তেওঁ ধাৰাবাহিকখন ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল।৮
২০১২ চনত তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান ঝলক দিখলা যা ৫ত অংশ লয় আৰু ইয়াৰ পিছত জিনী ঔৰ জুমজুত জিনী হিচাপে অভিনয় কৰে। ২০১৯ চনত তেওঁ জি টিভিৰ ধাৰাবাহিক মনমোহিনীত গোপিকা হিচাপে এটা চমু চৰিত্ৰত অভিনয় কৰিছিল।৯ ২০২১ চনৰ পৰা ২০২২ চনলৈকে তেওঁ সাথ নিভানা সাথিয়াৰ ৰিবুট ধাৰাবাহিক তেৰা মেৰা সাথ ৰাহেত গোপিকা মোডীৰ চৰিত্ৰত অভিনয় কৰিছিল।
তথ্যসূত্ৰ
- ↑ Wadhwa, Akash. (21 September 2011). Jia Manek's fan frenzy. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Pereira, Priyanka. (23 November 2012). Reloading The Actor. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ TV actors' rare and unseen teenage pictures. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Meet Jhalak Dikhhla Jaa Season 5 contestants. ইণ্ডিয়া টুডে
- ↑ Jambhekar, Shruti. (10 June 2014). I am very much single: Giaa Manek. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (18 February 2015). MUST WATCH: Birthday girl Giaa Manek aka Gopi bahu's never-seen-before avatar at a party. Daily Bhaskar
- ↑ Patel, Ano. (28 April 2014). Giaa Manek is enjoying her break. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (8 June 2012). Gopi bahu replaced overnight!. Times of India
- ↑ (24 October 2019). Giaa Manek makes way for Reyhnaa Pandit in Manmohini. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিয়া মানেক” প্ৰবন্ধৰ সংশোধন ৫৯৮৩৬০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।