ৰূপল পেটেল দত্ত (ইংৰাজী ভাষা: Rupal Patel; জন্ম: ১৯৬৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ভাৰতৰ অন্যতম দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াত (২০১০–২০১৭) কোকিলা মোডীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।১২ তেওঁৰ আন উল্লেখযোগ্য চৰিত্ৰসমূহৰ ভিতৰত য়ে ৰিস্তে হ্যায় প্যাৰ কেত মীনাক্ষী ৰাজবংশ আৰু তেৰা মেৰা সাথ ৰাহেত মিথিলা মোডী অন্যতম।
প্ৰাৰম্ভিক জীৱন
১৯৬৭ বা ১৯৬৮ চনত বোম্বাইত জন্মগ্ৰহণ কৰা পেটেল এগৰাকী গুজৰাটী লোক। বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী থকাৰ উপৰি তেওঁ নতুন দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামাত অভিনয়ৰ প্ৰশিক্ষণ লৈছিল।৩ তেওঁৰ 'পেনোৰামা আৰ্ট থিয়েটাৰ' নামৰ এখন থিয়েটাৰ গোট আছে, যি শিশু নাটৰ লগত জড়িত।১ তেওঁ অভিনেতা ৰাধাকৃষ্ণ দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪
অভিনয় জীৱন
কেৰিয়াৰৰ সংগ্ৰাম (১৯৯১–২০০৯)
পেটেলে প্ৰথমে বলিউডত নিজৰ ভাগ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিল আৰু ১৯৯১ চনৰ চলচ্চিত্ৰ অন্তৰ্ণাডত এটা সৰু চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ বলিউদৰ আন কিছুমান চলচ্চিত্ৰ যেনে সুৰজ কা সাতৱা ঘোঁড়া (১৯৯২), পপীহা (১৯৯৩), মাম্মো (১৯৯৪) আৰু সমৰ (১৯৯৯) আদিত অভিনয় কৰিছিল যদিও সেইসমূহ চৰিত্ৰই বিশেষ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল।৫ ইয়াৰে কেইখনমান চলচ্চিত্ৰ পৰিচালনা কৰিছিল শ্যাম বেনেগালে।৬
বলিউডত কাম কৰাৰ পাছত, পেটেলে ২০০১ চনত হিন্দী টেলিভিছন জগতত প্ৰৱেশ কৰে আৰু ষ্টাৰ প্লাছৰ জৰিনা মেহতাৰ ধাৰাবাহিক শগুনত লখী চৰিত্ৰত অভিনয় কৰে।৭ ২০০২ চনত তেওঁক সৌ দাদা শাশুনাত আশালতাৰ চৰিত্ৰত দেখা গৈছিল আৰু পিছলৈ ছনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ বিখ্যাত অপৰাধমূলক ধাৰাবাহিক ক্ৰাইম পেট্ৰ’লৰ কেইটামান খণ্ডত অভিনয় কৰিছিল।৩ তেওঁৰ অভিনয় জীৱনৰ সংগ্ৰাম অব্যাহত আছিল আৰু এক দীৰ্ঘ বিৰতিৰ পিছত, ২০০৯ চনত কালৰ্ছ টিভিত চিনেভিষ্টাছ লিমিটেডৰ প্ৰযোজনাৰ জানে ক্যা বাত হুইত বৃন্দাৰ চৰিত্ৰত অভিনয় কৰে।৪
আশানুৰূপ সফলতা (২০১০–বৰ্তমান)
২০১০ চনৰপৰা ২০১৭ চনলৈ পেটেলে ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক সাথ নিভানা সাথিয়াত কঠোৰ স্বভাৱৰ কোকিলা মোডীৰ আইকনিক চৰিত্ৰত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা আৰু প্ৰশংসা লাভ কৰে।৮৯
২০১৯ চনৰ জানুৱাৰী মাহত তেওঁ জি টিভিত প্ৰতীক শৰ্মাৰ ধাৰাবাহিক মনমোহিনীত উষা/কুবৰ্জা হিচাপে এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হয়।১০ ২০১৯ চনৰ মাৰ্চৰপৰা ২০২০ চনৰ অক্টোবৰলৈ তেওঁ ষ্টাৰ প্লাছত সম্প্ৰচাৰিত ডাইৰেক্টৰছ কুট প্ৰডাকচনৰ ধাৰাবাহিক য়ে ৰিস্তেই হেইন প্যাৰ কেত মীনাক্ষী ৰাজবংশ কাপাড়িয়াৰ ধূসৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।১১১২
২০২০ চনৰ অক্টোবৰত পেটেলে সাথ নিভানা সাথিয়াৰ দ্বিতীয় ছিজন সাথ নিভানা সাথিয়া ২ত পুনৰ কোকিলা মোডীৰ চৰিত্ৰত অভিনয় কৰে, যিখন ধাৰাবাহিকে য়ে ৰিস্তেই হেইন প্যাৰ কেৰ স্থান লৈছিল।১৩ যিহেতু এইটো এটা পৰিচয়মূলক অংশ আছিল, সেয়ে তেওঁক ধাৰাবাহিকখনৰ ৩১টা খণ্ডত দেখা গৈছিল।১৪ ইয়াৰ উপৰি তেওঁ গেংছ অৱ ফিল্মিস্তানত অতিথি হিচাপে উপস্থিত হৈছিল।১৫
অন্যান্য কাম
পেটেল স্বচ্ছ ভাৰত অভিযান প্ৰকল্পৰ এগৰাকী ৰাষ্ট্ৰদূত আৰু ইয়াৰ বাবে কাম কৰি আহিছে; তেওঁৰ কামৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰপৰা দুবাৰকৈ সন্মান লাভ কৰিছে। ইয়াৰে এটা সন্মান তেওঁ এখন পত্ৰৰ জৰিয়তে লাভ কৰিছিল।৬
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
- মেহক (১৯৮৫)
- অন্তৰ্ণাড (১৯৯১)
- সুৰজ কা সাতৱান ঘোঁড়া (১৯৯২)
- পপীহা (১৯৯৩)
- মাম্মো (১৯৯৪)
- সমৰ (১৯৯৯)
- জাগো (২০০৪) – কেমিঅ'
- পহচান: দ্য ফেচ অৱ ট্ৰুথ (২০০৫)
- চেম্বৰ চালচা (২০০৭) – কলা নিৰ্দেশক
দূৰদৰ্শন
| বছৰ | শীৰ্ষক | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ১৯৯৯-২০০০ | গুব্বাৰে | "মচলা মামী" খণ্ডত সিন্ধী মহিলা | |
| ২০০১ | শগুন | লখী | ৫ |
| ২০০২ | সৌ দাদা শাশুনা | আশালতা শেঠ | ৩ |
| ২০০৯ | জানে ক্যা বাত হুই | বৃন্দা | |
| ২০১০–২০১৭ | সাথ নিভানা সাথিয়া | কোকিলা দেশাই মোডী | ৯ |
| ২০১৯ | মনমোহিনী | কুবৰ্জা/উষা | কেমিঅ'১০ |
| ২০১৯–২০ | য়ে ৰিস্তে হ্যায় প্যাৰ কে | মীনাক্ষী ৰাজবংশ কাপাড়িয়া | ১১১২ |
| ২০২০ | সাথ নিভানা সাথিয়া ২ | কোকিলা দেশাই মোডী | ১-৩১ খণ্ড |
| গেংছ অৱ ফিল্মিস্তান | অতিথি১৫ | ||
| ২০২১–২০২২ | তেৰা মেৰা সাথ ৰাহে | মিথিলা মোডী | ১৬ |
| ২০২৪ | নাথ – ৰিস্তো কি অগ্নিপৰীক্ষা | কৈলাসী দেৱী প্ৰতাপসিং | |
| ২০২৫ | উড়নে কি আশা |
তথ্যসূত্ৰ
- ↑ (17 September 2020). Actress Rupal Patel, The Original Rasode Mein Kaun Tha Questioner: Feel Blessed To Touch People In Such A Way. Mid Day
- ↑ (28 August 2020). Saath Nibhana Saathiya Season 2 to launch in October. The Indian Express
- ↑ Das, Soumitra. (18 February 2012). Rupal Patel is different from reel life. The Times of India
- ↑ (26 April 2013). No place for men in TV soaps: Radhakrishna Dutta. The Times of India
- ↑ The 'me' in the Kokilaben meme. Ahemdabad Mirror
- ↑ (25 July 2019). Saath Nibhaana Saathiya actor Rupal Patel gets honour from PM Modi for special cause. The Asian Age
- ↑ (16 October 2020). Rupal Patel gives comedy a shot. The Times of India
- ↑ (4 November 2020). I am done with my journey of playing Kokila Modi in Saath Nibhaana Saathiya: Rupal Patel. The Times of India
- ↑ (13 February 2017). I am not quitting Saath Nibhana Saathiya, I'm too happy playing Kokila: Rupal Patel. The Indian Express
- ↑ (10 January 2019). saath-nibhaana-saathiya-actress-rupal-patel-returns-to-tv-with-manmohini. The Times of India
- ↑ (19 May 2019). Rupal Patel Says Kokila Modi and Meenakshi Rajvansh are like Twins. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Right in the act. The Tribune
- ↑ (28 August 2020). Saath Nibhaana Saathiya 2 Maker Confirms Return of Gopi Bahu and Kokilaben
- ↑ (28 August 2020). Saath Nibhana Saathiya Season 2 to launch in October
- ↑ Rupal Patel will make a guest appearance in the Gangs of Filmistan. The Tribune
- ↑ (21 July 2021). Rupal Patel to begin shooting for Tera Mera Saath Rahe. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপল পেটেল” প্ৰবন্ধৰ সংশোধন ৬০৩৬৯৩ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।