অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুক্সাৰ ঢিল্লোন

ৰুক্সাৰ ঢিল্লোন (জন্ম: ১২ অক্টোবৰ ১৯৯৩) এজন ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ লণ্ডনত জন্মগ্ৰহণ কৰে আৰু ভাৰতত ডাঙৰ হয়। ২০১৬ চনত কন্নড় চলচ্চিত্ৰ ৰান এণ্টনিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভ কৰে।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰুক্সাৰ ঢিল্লোন (জন্ম: ১২ অক্টোবৰ ১৯৯৩) এজন ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু ভাষা চলচ্চিত্ৰত অভিনয় কৰে।১ তেওঁ লণ্ডনত জন্মগ্ৰহণ কৰে আৰু ভাৰতত ডাঙৰ হয়। ২০১৬ চনত কন্নড় ভাষা চলচ্চিত্ৰ ৰান এণ্টনিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভ কৰে। তাৰ পিছত তেওঁ তেলুগু চলচ্চিত্ৰ যেনে আকাটায়ি, কৃষ্ণাৰ্জুন যুদ্ধম আৰু এবিচিডি: আমেৰিকান বৰ্ন কনফিউজড দেশীত অভিনয় কৰে। ২০২০ চনত তেওঁ হিন্দী ভাষা চলচ্চিত্ৰ ভাংগ্ৰা পা লেত অভিনয় কৰে।২

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

ৰুক্সাৰ ঢিল্লোন লণ্ডনত জন্মগ্ৰহণ কৰে আৰু তেওঁ পঞ্জাবী ভাষা বংশোদ্ভূত।৩ তেওঁ গোৱাত ডাঙৰ-দীঘল হয় আৰু পিছলৈ তেওঁৰ পৰিয়াল বেংগালুৰুত স্থায়ী হয়। তেওঁ ফেশ্বন ডিজাইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৪

তেওঁ বিভিন্ন ভাষাৰ ছবিত সফলতা অৰ্জন কৰিছে। তেওঁৰ প্ৰথম চলচ্চিত্ৰ ৰান এণ্টনি (২০১৬)ত তেওঁ বিনয় ৰাজকুমাৰৰ বিপৰীতে অভিনয় কৰে। ছবিখন এখন ৰোমাণ্টিক-থ্ৰিলাৰ আছিল। দ্য টাইম্‌ছ অৱ ইণ্ডিয়াই লিখিছিল যে, “Rukshar excels in her role”.৫

২০১৮ চনত তেওঁ তেলুগু চলচ্চিত্ৰ কৃষ্ণাৰ্জুন যুদ্ধমত অভিনেতা নানীৰ বিপৰীতে অভিনয় কৰে। দ্য টাইমছ অৱ ইণ্ডিয়াই তেওঁক “adorable in her role” বুলি উল্লেখ কৰে।৬

২০২০ চনত তেওঁ ভাংগ্ৰা পা লে চলচ্চিত্ৰৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত অভিষেক কৰে। দ্য টাইমছ অৱ ইণ্ডিয়াই লিখিছিল যে তেওঁ “confidence personified”।৭ ফিল্মফেয়াৰে উল্লেখ কৰে যে, তেওঁ প্ৰথম হিন্দী ছবিত ভাল অভিনয় কৰে।৮

ফিল্মোগ্ৰাফী

চলচ্চিত্ৰ তালিকা

বছৰচলচ্চিত্ৰচৰিত্ৰভাষা
২০১৬ৰান অ্যান্টনিইয়াশুকন্নড় ভাষা
২০১৭আকাটায়িঅনঘাতেলুগু ভাষা
২০১৮কৃষ্ণাৰ্জুন যুদ্ধমৰিয়াতেলুগু
২০১৯এবিচিডি: আমেৰিকান বৰ্ন কনফিউজড দেশীনেহাতেলুগু
২০২০ভাংগ্ৰা পা লেসিমি কোহলিহিন্দী ভাষা
২০২২অশোকা বনমলো অৰ্জুন কল্যাণমপাসুপুলেটি মাধৱীতেলুগু
২০২২জাদুগৰইচ্ছাহিন্দী
২০২৩ৰোড কিংমানসাকন্নড়
২০২৩স্পাৰ্ক লাইফঅনন্যাতেলুগু
২০২৩তুফাংদীপপঞ্জাবী ভাষা
২০২৪না সামি ৰাঙাকুমাৰীতেলুগু
২০২৫দিলৰুবাঅঞ্জলিতেলুগু

টেলিভিছন

বছৰশীৰ্ষকচৰিত্ৰভাষা
২০২২জুগাড়িস্তানৰুহি সদাহিন্দী ভাষা

তথ্যসূত্ৰ

  1. ↑ Yerasala, Ikyatha. (12 February 2017). Showtime for Rukshar. Deccan Chronicle
  2. ↑ Sunny Kaushal, Rukshar Dhillon's Bhangra Paa Le to release on September 13, 2019. Times Now
  3. ↑ (25 December 2023). Christmas feels familiar to me, quite like Diwali; Says Actress Rukshar Dhillon. The Times of India
  4. ↑ Tanmayi, Bhawana. Rukshar Dhillon, a wannabe chef who ended up an actor. Telangana Today
  5. ↑ Run Antony Review. The Times of India
  6. ↑ Krishnarjuna Yudham Movie Review. The Times of India
  7. ↑ Bhangra Paa Le Movie Review. The Times of India
  8. ↑ Movie review - Bhangra Paa Le. Filmfare

সম্পৰ্কিত শ্ৰেণী

তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুক্সাৰ ঢিল্লোন” প্ৰবন্ধৰ সংশোধন ৫৭৬৪৯০ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।