অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সপ্তমী গৌড়া

সপ্তমী গৌড়া (Sapthami Gowda; জন্ম: ৮ জুন ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০২০ চনত তেওঁ দুনিয়া সূৰীৰ পৰিচালনাত নিৰ্মিত পপকৰ্ণ মাংকি টাইগাৰ ছবিত অভিনয়েৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ৩ নৱেম্বৰ ২০২৫ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সপ্তমী গৌড়া (Sapthami Gowda; জন্ম: ৮ জুন ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০২০ চনত তেওঁ দুনিয়া সূৰীৰ পৰিচালনাত নিৰ্মিত পপকৰ্ণ মাংকি টাইগাৰ ছবিত অভিনয়েৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০২২ চনত ঋষব শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত কান্তাৰা ছবিখনত লীলাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুপৰিচিত। তেওঁ এটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু দুটা চাইমা বঁটা লাভ কৰিছে।

প্ৰাৰম্ভিক জীৱন

কৰ্ণাটকৰ বেংগালুৰু চহৰত১ ইন্সপেক্টৰ এছ. কে. উমেশ গৌড়া আৰু শান্তা গৌড়াৰ ঘৰত সপ্তমীৰ জন্ম হৈছিল।২ তেওঁ বাল্ডউইন গাৰ্লছ হাইস্কুল আৰু বেংগালুৰুৰ শ্ৰীকুমাৰ কম্পোজিট জুনিয়ৰ কলেজত অধ্যয়ন কৰিছিল।৩ তাৰ পিছত তেওঁ বাংগালুৰু ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা চিভিল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৪ তেওঁ এগৰাকী প্ৰশিক্ষিত সাঁতোৰবিদ আৰু তেওঁ কেইবাটাও পদকো লাভ কৰিছে।৫

কৰ্মজীৱন

২০২০ চনত সহ-অভিনেতা ধনঞ্জয়ৰ বিপৰীতে, দুনিয়া ছুৰীৰ দ্বাৰা পৰিচালিত কন্নড় ছবি পপকৰ্ণ মাংকি টাইগাৰত অভিনয়েৰে গৌড়াই অভিনয়ৰ ক্ষেত্ৰত অভিষেক ঘটায়। ছবিখন দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনাৰ সন্মুখীন হয়। ইয়াৰ পিছত তেওঁক ব্লকবাষ্টাৰ চিনেমা কান্তাৰাত লীলাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল যিয়ে তেওঁক লাইমলাইটলৈ আনিছিল আৰু গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে তেওঁৰ প্ৰশংসা কৰা হৈছিল।৬ ইয়াৰ পিছত তেওঁক সন্তোষ আনন্দ্দ্ৰমৰ দ্বাৰা পৰিচালিত যুৱ নামৰ ছবিখনত দেখা গৈছিল যʼত অভিনয় কৰিছিল নৱাগত অভিনেতা যুৱ ৰাজকুমাৰে (ৰাঘবেন্দ্ৰ ৰাজকুমাৰৰ পুত্ৰ)।৭ এক চলি থকা আলোচনা অনুসৰি অভিষেক আম্বৰীশৰ বিপৰীতে এছ কৃষ্ণৰ পৰিচালনাত নিৰ্মিত আগন্তুক ছবি 'কালি'ত তেওঁ এগৰাকী সম্ভাৱ্য নায়িকা হ'ব পাৰে।৮

২০২৩ চনত বিবেক অগ্নিহোত্ৰীৰ পৰিচালনাত নিৰ্মিত দ্য ভেকচিন ৱাৰ ছবিত অভিনয়েৰে বলীউডত অভিষেক ঘটায়৷ চিনেমাখন মিশ্ৰিত সমালোচনাৰ বাবে মুকলি হৈছিল আৰু তেওঁৰ ভূমিকাৰ পৰিসৰ নূন্যতম আছিল যদিও তথাপিও তেওঁক উপযুক্ত প্ৰশংসা দিয়া হৈছিল।৯ ভেনু শ্ৰীৰামৰ পৰিচালনাত নিৰ্মিত থামুডু ছবিত অভিনেতা নিতিনৰ বিপৰীতে সপ্তমীয়ে তেলুগু চিনেমাত অভিষেক ঘটাব।১০

অন্যান্য কৰ্মৰাজি

তেওঁ কৰ্ণাটক চৰকাৰৰ "নান্না মৈত্ৰী" আঁচনিৰ এম্বেচেডৰ হিচাপে নিযুক্তি লাভ কৰিছে। এই আচঁনিৰ সহায়ত সমগ্ৰ কৰ্ণাটকতে কিশোৰী ছোৱালীসকলক ঋতুস্ৰাৱৰ কাপ বিতৰণ কৰা হয়।১১ বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণৰ বাবে কাম কৰা অলাভজনক সংস্থা সমৰ্থনম্ ট্ৰাষ্ট ফৰ ব্লাইণ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা ব্লাইণ্ড ক্ৰিকেট ২০২২ৰ তৃতীয় টি-২০ বিশ্বকাপ সংস্কৰণৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপেও তেওঁক নিযুক্তি দিয়া হয়।১২১৩

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

  • সকলো ছবি কানাড়া ভাষাতেই, অন্যথা উল্লেখ কৰা হৈছে।
বৰ্ষশিৰোনামভূমিকাভাষাটোকা
২০২০পপকৰ্ণ মাংকি টাইগাৰগিৰিজাকন্নড় ভাষাপ্ৰথম চলচ্চিত্ৰ১৪
২০২২কান্তাৰালীলা১৫
২০২৩ভেকচিন ৱাৰডাঃ শ্ৰীলক্ষ্মী মহনদাসহিন্দীপ্ৰথম হিন্দী চলচ্চিত্ৰ১৬ ১৭
২০২৪যুৱছিৰিকন্নড় ভাষা১৮
২০২৫থাম্মুডুৰত্নাতেলুগুপ্ৰথম তেলুগু চলচ্চিত্ৰ
শোধাকন্নড় ভাষাৱেব ছিৰিজ১৯
অম্বিকা২০

বঁটা আৰু মনোনয়ন

বৰ্ষপুৰস্কাৰশিতানচলচ্চিত্ৰফলাফল
২০২০দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – কন্নড়পপকৰ্ণ মাংকি টাইগাৰ২১
২০২৩শ্ৰেষ্ঠ অভিনেত্ৰী – কন্নড়কান্তাৰা২২
সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী – কন্নড়
২০২৩ফিল্মফেয়াৰ বঁটা দক্ষিণসমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী – কন্নড়২৩
শ্ৰেষ্ঠ অভিনেত্ৰী - কন্নড়

তথ্যসূত্ৰ

  1. ↑ Provoke Lifestyle
  2. ↑ Sapthami Gowda: ತಂದೆಯ ಜೊತೆ ಸಪ್ತಮಿಗೌಡ. ಎಸ್‌.ಕೆ. ಉಮೇಶ್‌ ಯಾರು ಗೊತ್ತಾ.?. Zeenews
  3. ↑ Provoke Lifestyle
  4. ↑ Provoke Lifestyle
  5. ↑ Did you know Kantara girl Sapthami Gowda is a National gold medalist in swimming?. OTTPlay
  6. ↑ (12 October 2022). Kantara Movie Review: Rishab Shetty offers a brilliant experience that should not be missed in theatres. India Today
  7. ↑ (2023-03-09). Kantara Actress Sapthami Gowda Joins The Cast Of Film Yuva, Has This To Say. News18
  8. ↑ (19 November 2022). Sapthami Gowda to star alongside Abhishek Ambareesh in Krishna's 'Kaali'. The New Indian Express
  9. ↑ (28 September 2023). The Vaccine War Review: Vivek Agnihotri's film is relevant but not without flaws. India Today
  10. ↑ Sharma, Bhavana. (2023-09-13). Nithiin's "Thammudu" reveals star-studded cast: Sapthami Gowda and Laya in key roles. www.ibtimes.co.in
  11. ↑ J A, Naina. 15,000 menstrual cups to be distributed under Shuchi–'Nanna Maithri' on Sept 11. Deccan Herald
  12. ↑ Reddy, Y Maheswara. (November 18, 2022). Walk for visually impaired cricketers. Bangalore Mirror
  13. ↑ Telugu360. (2023-11-27). Kantara girl in Nithiin's Next. Telugu360.com
  14. ↑ (7 March 2023). 'I am preparing to give my hundred per cent for Yuva'. The New Indian Express
  15. ↑ (24 September 2022). 'It was a matter of pride to play a forest guard': Sapthami Gowda. The New Indian Express
  16. ↑ (13 January 2023). 'Kantara'-fame Sapthami Gowda to debut in Hindi with 'The Vaccine War'. New Indian Express
  17. ↑ (2023-08-15). Vivek Ranjan Agnihotri's 'The Vaccine War' to release in September, teaser out
  18. ↑ (6 March 2023). 'Kantara' Actress Saptami Gowda Joins Cast Of Upcoming Hombale Film 'Yuva'. Outlook India
  19. ↑ (2025-08-20). "Shodha gave me the scope to go intense and truly perform," says, Pawan Kumar
  20. ↑ Sharadhaa, A. (2025-06-16). The Rise of Ashoka wraps filming. Cinema Express
  21. ↑ (20 September 2021). SIIMA Awards 2020: Dhananjay best actor and Love Mocktail best film among Kannada winners. TV9 Kannada
  22. ↑ SIIMA Awards 2023: RRR, 777 Charlie win big; Jr NTR, Yash named Best Actors; Sreeleela and Srinidhi Shetty are Best Actresses
  23. ↑ Nominations for the 68th Filmfare Awards South (Kannada) 2023 · Filmfare.com. www.filmfare.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা দক্ষিণ বিজয়ীদক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সপ্তমী গৌড়া” প্ৰবন্ধৰ সংশোধন ৫৪৭০৪৭ (৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।