অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেচেল হোৱাইট

ৰেচেল হোৱাইট (ইংৰাজী: Rachel White) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, গীত ৰচনাৰ সৈতে জড়িত সংগীত শিল্পী আৰু কলাকাৰ যিয়ে মূলতঃ হিন্দী আৰু বাংলা ছবিত কাম কৰে। তেওঁ বলীউডৰ ছবি উংলী (২০১৪) আৰু বাংলা ছবি হৰ হৰ ব্যোমকেশ (২০১৫), দেৱী (২০১৭) আৰু ৱান (২০১৭)-ত অভিনয় কৰিছে।

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ৰেচেল হোৱাইট (ইংৰাজী ভাষা: Rachel White) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, গীত ৰচনাৰ সৈতে জড়িত সংগীত শিল্পী আৰু কলাকাৰ যিয়ে মূলতঃ হিন্দী ভাষা আৰু বঙালী ভাষা ছবিত কাম কৰে।১ তেওঁ বলীউডৰ ছবি উংলী (২০১৪) আৰু বাংলা ছবি হৰ হৰ ব্যোমকেশ (২০১৫), দেৱী (২০১৭) আৰু ৱান (২০১৭)-ত অভিনয় কৰিছে।২৩৪৫৬

প্ৰাৰম্ভিক জীৱন

ভাৰতৰ কলিকতাত জন্মগ্ৰহণ কৰা ৰেচেলে কলকাতাৰ লৰেটো কনভেণ্ট স্কুলৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু পৰৱৰ্তী সময়ত কলকাতা বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী (অনাৰ্চ) ডিগ্ৰী লাভ কৰে।৩

কেৰিয়াৰ

২০১৪ চনত ৰেচেল হোৱাইটে ইমৰান হাছমী, সঞ্জয় দত্ত, কংগনা ৰাণাৱত আৰু নেহা ধুপীয়াৰ সৈতে বলিউডত উংলী ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰে য’ত তেওঁ ইমৰান হাছমীৰ বিপৰীতে অভিনয় কৰিছিল। তেওঁ বাংলা ছবি হৰ হৰ ব্যোমকেশ (২০১৫), দেৱী (২০১৭) আৰু ৱান (২০১৭)-ত অভিনয় কৰিছে।২৩ হোৱাইটে পণ্ডছ, গাৰ্ণিয়াৰ, এমআৰএফ টায়াৰ্ছ, এক্সিছ বেংক, এয়াৰটেল, কোটাক মহিন্দ্ৰা আৰু আইচিআইচিআই বেংকৰ দৰে ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছে। জিনত আমান, জাৰিনা ৱাহাব, ডলী ঠাকুৰ আৰু সুশান্ত দিৱগিকাৰ অভিনীত লাভ, লাইফ এণ্ড স্ক্ৰু আপছ নামৰ চিটকম ৱেব ধাৰাবাহিকত তেওঁ সোণালী ৰাউটক প্ৰতিষ্ঠাপন কৰিছিল।৭ ৰেচেলে আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক ফেশ্বন ব্ৰেণ্ড 'যোগ দ্য লেবেল'ৰ সৈতে কাম কৰিছিল। ইয়াত তেওঁৰ ফটো সম্বলিত সামগ্ৰীবোৰ আমেৰিকা আৰু ইউৰোপত নিৰ্মাণ কৰি সমগ্ৰ বিশ্বতে বিক্ৰী কৰা হৈছিল।৮

মি টু সক্ৰিয়তা

২০১৮ চনৰ ১২ অক্টোবৰত ৰেচেলে বলীউডৰ মিটু আন্দোলনৰ অংশ হিচাপে চলচ্চিত্ৰ পৰিচালক সাজিদ খানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।৯ আন এগৰাকী অভিনেত্ৰী চেলোনি চোপ্ৰা আৰু ৰেচেল হোৱাইটৰ অভিযোগে খানক হাউচফুল ৪ ছবিৰ পৰিচালনাৰপৰা আঁতৰি আহিবলৈ বাধ্য কৰাইছিল।১০১১ লগতে একাধিক যৌন নিৰ্যাতনৰ অভিযোগৰ বাবে ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন ডাইৰেক্টৰ এছ’চিয়েচনৰ (IFTDA) পৰা তেওঁক এবছৰৰ বাবে নিলম্বন কৰা হৈছিল।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (3 July 2013). Rachel White is going places. The Times of India
  2. ↑ Ganguly, Ruman. (12 January 2017). Rachel to scare screen with Paoli Devi. Times India
  3. ↑ Roy, Atanu. (1 September 2017). Watch: 'Ungli' actor Rachel White flaunts her assets in a bikini. Merinews
  4. ↑ (12 January 2017). In pictures: Rachel's Greek holiday diary is gorgeous!. The Times of India
  5. ↑ Sarmmah, Surupasree. (19 September 2017). 'It's patience that makes me go '. Deccan Herald
  6. ↑ (17 January 2016). ৰবি - বিশেষ. Ebella
  7. ↑ Khan, Rahim. (30 August 2017). Ungli Actress Rachel White Replaced Sonali Raut In The Sit Com Web Series "Love, Life And Screw Ups". ViralBollywood
  8. ↑ Rachel White - Yog The Label
  9. ↑ (12 October 2018). Rachel White Sajid Khan: I had met the creepiest man my entire life.. Express
  10. ↑ (13 October 2018). #MeToo: After Akshay Kumar cancels shoot, Sajid Khan steps down as director Housefull 4. Express
  11. ↑ (12 October 2018). Sajid Khan, Accused Harassment, Quits Housefull 4 Till He Can "Prove The Truth". NDTV
  12. ↑ (12 December 2018). #MeToo: Film Body Suspends Sajid Khan for One Year Over Sexual Harassment Allegations. News18

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেচেল হোৱাইট” প্ৰবন্ধৰ সংশোধন ৬০০০১৬ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।