অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জঙ্গম

জঙ্গম (Jangam) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ এখন ঐতিহাসিক উপন্যাস। গ্ৰন্থখন ১৯৮৩ চনত প্ৰকাশিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসখনৰ বাবে দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। এই উপন‍্যাসখন ২০১৮ চনত অমিত আৰ.

হালনাগাদ: ১ জুন ২০২৬ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

জঙ্গম (Jangam) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেবেন্দ্ৰ নাথ আচাৰ্যৰ এখন ঐতিহাসিক উপন্যাস। গ্ৰন্থখন ১৯৮৩ চনত প্ৰকাশিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসখনৰ বাবে দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।১ এই উপন‍্যাসখন ২০১৮ চনত অমিত আৰ. বৈশ‍্যই 'Jangam: A Forgotten Exodus in Which Thousands Died' ( জঙ্গম: এক বিস্মৃত প্ৰবজন কাহিনী য'ত হাজাৰ মানুহৰ মৃত‍্যু হৈছিল) নামেৰে ইংৰাজীলৈ অনুবাদ কৰে।

গ্ৰন্থকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: দেবেন্দ্ৰ নাথ আচাৰ্য

দেবেন্দ্ৰ নাথ আচাৰ্যৰ জন্ম হৈছিল যোৰহাটৰ ওচৰৰ গৰখীয়া দ'লত। পিতৃৰ নাম আছিল নগেন্দ্ৰনাথ আচাৰ্য, আৰু মাতৃৰ নাম জয়ন্তীপ্ৰিয়া দেৱী। তেখেত এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক। তেখেত ঘাইকৈ অসমৰ বুৰঞ্জী ভিত্তিক উপন্যাসৰ ৰচয়িতা। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস জংগমে মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

গ্ৰন্থৰ চমু পৰিচয়

দ্বিতীয় বিশ্বযুদ্ধৰ কালছোৱাত ম্যানমাৰ(ব্ৰহ্মদেশ)ৰ ইৰাৱতী নদীৰ পাৰৰ 'মানকু' নামৰ এখন গাঁৱত থকা ভাৰতীয় মূলৰ কৃষক তথা ব্যৱসায়ী পৰিয়ালৰ জীৱন আৰু মনোভাৱ বিশেষভাৱে প্ৰতিফলিত হৈছে। গ্ৰন্থখনত যুদ্ধৰ ভয়াবহতাৰ পৰা বাচিবলৈ দূৰ্গম পথ অতিক্ৰম কৰি মাৰ্ঘেৰিটাত উপস্থিত হোৱা এমুঠি শ্ৰমজীৱি মানুহৰ জীৱন-বৃত্তান্ত সন্নিৱিষ্ট হৈছে।

বঁটা আৰু সন্মান

বিশেষ গ্ৰন্থখনৰ বাবে ঔপন্যাসিক দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০৩. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাসসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জঙ্গম” প্ৰবন্ধৰ সংশোধন ৬১০৭১৮ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।