অঞ্জলী ভৰদ্বাজ (Anjali Bhardwaj, জন্ম-১৯৭৩) হৈছে এগৰাকী ভাৰতীয় সমাজকৰ্মী৷ তেখেতে স্বচ্ছতা আৰু দায়বদ্ধতা-জড়িত সামাজিক বিষয়সমূহত মাত মাতি আহিছে৷ অঞ্জলী ভৰদ্বাজ নাগৰিকৰ তথ্যৰ অধিকাৰৰ ৰাষ্ট্ৰীয় অভিযানৰ (NCPRI) সহ-আহ্বায়ক৷ ১ আনহাতে সতৰ্ক নাগৰিক সংগঠনৰ প্ৰতিষ্ঠাপক সদস্য৷২ ইয়াৰোপৰি তথ্যৰ অধিকাৰ, লোকপাল, অভিযোগ নিষ্পত্তিকৰণ, খাদ্যৰ অধিকাৰ আদি বিষয়ৰ লগত তেখেত জড়িত৷ ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগে তেখেতক আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতিনিবাৰক চেম্পিয়ন বঁটাৰে সন্মানীত কৰিছে৷ ৩
শিক্ষা
দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ লেডী শ্ৰীৰাম কলেজৰ পৰা ভাৰদ্বাজে কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ ইয়াৰ পিছত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ দিল্লী স্কুল অৱ ইক'নমিকছৰ পৰাও তেখেতে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ ৪
কৰ্ম
১৯৯৯ চনৰ পৰাই অঞ্জলী ভৰদ্বাজ ভাৰতৰ তথ্য অধিকাৰ আন্দোলনৰ লগত জড়িত হৈ আছে৷ দায়বদ্ধতা আৰু স্বচ্ছতাৰ বিষয়ত তেখেত অতি সৰৱ৷৫ তেখেত "এনচিপিআৰআই"ৰ সহ-আহ্বায়ক৷ তেখেতৰ দীৰ্ঘম্যাদী প্ৰয়াসৰ দুটামান পৰিণতি হৈছে ২০০৫ চনৰ তথ্যৰ অধিকাৰ আইনৰ প্ৰৱৰ্তন, ২০১১ চনৰ হুইছল ব্লোৱাৰ্ছ প্ৰতিৰক্ষা আইন, ২০১১৬২০১৩ চনৰ লোকপাল আৰু লোকায়ুক্ত আইন,৭ আৰু অভিযোগ নিষ্পত্তিকৰণৰ বিধেয়ক৷ ৮
অঞ্জলী ভৰদ্বাজ সতৰ্ক নাগৰিক সংগঠনৰ প্ৰতিষ্ঠাপক সদস্য৷ ৯ ২০০৩ চনত স্থাপিত হোৱা বিশেষ সংগঠনটোৱে তথ্য জনাৰ অধিকাৰ আইন ব্যৱহাৰ কৰি ভাৰত চৰকাৰৰ দায়বদ্ধতাজনিত বিষয়সমূহ উন্নততৰ কৰাত গুৰুত্ব দিয়ে৷১০ সংগঠনে প্ৰস্তুত কৰা বিধায়কসকলৰ প্ৰদৰ্শনভিত্তিক ৰিপ'ষ্ট কাৰ্ড মিডিয়াৰ জৰিয়তে ৰাজহুৱা কৰা হয়৷
অঞ্জলী ভৰদ্বাজে আৰটিআই মূল্যাংকন আৰু ওকালতি গোট (RAAG)ৰ লগতো জড়িত৷ ২০০৮ চনত প্ৰতিষ্ঠিত হোৱা এই গোটটোৱে আৰটিআই আইনৰ কাৰ্যকৰীতা সন্দৰ্ভত সমকালীন মূল্যাংকন কৰে৷১১
বঁটা আৰু সন্মান
- আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতিবিৰোধী চেম্পিয়ন বঁটা, আমেৰিকাৰ ৰাজ্যিক বিভাগৰ পৰা৷ বিশ্বৰ বাৰগৰাকী দুৰ্নীতিবিৰোধী চেম্পিয়নৰ মাজত এগৰাকী৷১২
- নিৰ্বাচিত জনপ্ৰতিনিধিৰ দায়বদ্ধতা, স্বচ্ছতা আৰু দায়িত্বশীলতা সুনিশ্চিত কৰাৰ দিশত আগবঢ়োৱা বৰঙণিৰ বাবে সামাজিক উদ্যোগীৰ অশ্বোকা ফেল'শ্বিপ, ২০০৯ চনত১৩
- চৰকাৰী স্বচ্ছতা আৰু দায়বদ্ধতা প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে অ'নাৰ ৰ'ল সন্মান, লেডি শ্ৰী ৰাম কলেজৰ পৰা, ২০১১ চনত৷ ১৪
মিডিয়া
স্বচ্ছতা আৰু দায়বদ্ধতাৰ বিষয়সমূহত অঞ্জলী ভৰদ্বাজে ব্যাপকভাৱে লিখা-মেলা কৰে৷ তেনেধৰণৰ কিছু বিষয় হৈছে:
- ২০১২-১৩ চনৰ সময়ছোৱাত আৰটিআই আমোলৰ ৰাজহুৱা নিৰীক্ষণ১৫
- লোকপাল সংশোধন– Indian Express১৬
- হুইছল ব্লোৱাৰ প্ৰতিৰক্ষা আইন – Indian Express১৭
- দুৰ্নীতি নিবাৰক আইন-– The Hindu১৮
- লোকপাল আইন– EPW১৯
- লোকপাল বিল – Economic Times২০
- আৰটিআই আইনৰ প্ৰস্তাৱিত সংশোধন– Outlook magazine২১
- তথ্য আয়োগৰ প্ৰদৰ্শন– The Deccan Herald২২
- আৰটিআই আইন– Outlook Magazine২৩
তথ্যসূত্ৰ
- ↑ NCPRI » Structure. righttoinformation.info
- ↑ Anuja. (2013-11-01). Satark Nagrik Sangathan · Know whom you are voting for. Livemint
- ↑ scroll.in/latest/987865/rti-activist-anjali-bhar
- ↑ The Telegraph — Calcutta: Jobs. www.telegraphindia.com
- ↑ Bhardwaj, Anjali. (23 June 2020). Transparency during a crisis
- ↑ Whistleblowers' Bill Likely to Face Rough Weather in Rajya Sabha. NDTV.com
- ↑ Bhatnagar, Gaurav Vivek. Lokpal Amendment Diluting Act's Purpose, says Anjali Bhardwaj. thewire.in
- ↑ (2016-08-01). Citizens Charter: She was denied pension for years. Governance Now
- ↑ Satark Nagrik Sangathan. www.snsindia.org
- ↑ Vidani, Peter. Case Study #11: Satark Nagrik Sangathan’s Report Cards for Elected Representatives. Opening Parliament Blog
- ↑ Speaker: Thomson Reuters South Asia Risk Summit 2016. Reuters
- ↑ Recognizing Anticorruption Champions Around the World · US Department of State
- ↑ Anjali Bharadwaj · Ashoka - India. india.ashoka.org
- ↑ Lady Shri Ram College. lsr.edu.in
- ↑ RaaG — CES RTI study 2011 - 13. RTI Assessment and Advocacy group
- ↑ (2016-08-04). Betrayal In The House. The Indian Express
- ↑ (2015-08-13). Whistleblowing in the time of Vyapam. The Indian Express
- ↑ Bhardwaj, Anjali; Johri, Amrita. (2016-05-06). How not to fight corruption. The Hindu
- ↑ (2015-06-05). The Lokpal Act of 2014. Economic and Political Weekly
- ↑ The proposed Jan Lokpal is all too powerful: Anjali Bhardwaj, A member of the working committee of the National Campaign for Peoples' Right to Information - The Economic Times. The Economic Times
- ↑ Let's All Come To The Party. Outlook India
- ↑ Tardy working of info panels. Deccan Herald
- ↑ R Stands For... Outlook India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জলী ভৰদ্বাজ” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৪৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।