অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিতা আনন্দ

অনিতা ইন্দিৰা আনন্দ'পিচি এমপি (Anita Indira Anand; জন্ম: ১৯৬৭) এগৰাকী কানাডিয়ান অধিবক্তা আৰু ৰাজনীতিবিদ; যি জুলাই ২০২৩ চনৰপৰা কানাডিয়ান ট্ৰেজাৰী বোৰ্ডৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৯ চনৰ ফেডাৰেল নিৰ্বাচনৰপৰা তেওঁ হাউচ অফ কমন্সত লিবাৰেল পাৰ্টিৰ সদস্য হিচাপে অ’কভিলক প্ৰতিনিধিত্ব কৰি আহিছে।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

'অনিতা ইন্দিৰা আনন্দ'পিচি এমপি (Anita Indira Anand; জন্ম: ১৯৬৭) এগৰাকী কানাডিয়ান অধিবক্তা আৰু ৰাজনীতিবিদ; যি জুলাই ২০২৩ চনৰপৰা কানাডিয়ান ট্ৰেজাৰী বোৰ্ডৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৯ চনৰ ফেডাৰেল নিৰ্বাচনৰপৰা তেওঁ হাউচ অফ কমন্সত লিবাৰেল পাৰ্টিৰ সদস্য হিচাপে অ’কভিলক প্ৰতিনিধিত্ব কৰি আহিছে।

২০১৯ চনৰ পৰা ২০২১ চনলৈ, তেওঁ ৰাজহুৱা সেৱা আৰু ক্ৰয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ক’ভিড-১৯ বিশ্ব মহামাৰীৰ সময়ত কানাডাৰ ভেকচিন আৰু ব্যক্তিগত সুৰক্ষা সঁজুলি ক্ৰয়ৰ তদাৰক কৰিছিল। ২০২১ চনৰ পৰা ২০২৩ চনলৈ, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত, আনন্দে ২০২২ চনত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ সময়ত ইউক্ৰেইনক সামৰিক সাহায্য প্ৰদান কৰাৰ কানাডাৰ প্ৰচেষ্টাৰ নেতৃত্ব দিছিল, কেইবাটাও যৌন অসদাচৰণ কেলেংকাৰীৰ পিছত কানাডাৰ সশস্ত্ৰ বাহিনীত সংস্কৃতিৰ সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছিল আৰু কানাডাৰ যুদ্ধ জাহাজ আৰু বিমানৰ সামৰিক ক্ৰয়ৰ সংস্কাৰ আৰু শক্তিশালীকৰণৰ লগতে ব্যাপক সমালোচনাৰ মাজেৰে কানাডাৰ সামৰিক মৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা চলাইছিল। তেওঁ প্ৰথমগৰাকী হিন্দু, যি সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল আৰু কানাডাৰ ফেডাৰেল মন্ত্ৰী হৈছিল।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

অনিতা ইন্দিৰা আনন্দৰ জন্ম নোভা স্কটিয়াৰ কেণ্টভিলত হৈছিল। তেওঁৰ মাক দেউতাক দুয়োজন আছিল ভাৰতীয় চিকিৎসক; মাক সৰোজ ডি. ৰাম এগৰাকী এনাস্থেচিয়ালজিষ্ট আছিল, আৰু দেউতাক এছ.ভি. (এণ্ডি) আনন্দ আছিল এগৰাকী সাধাৰণ শল্য চিকিৎসক। জন্মসূত্ৰে আনন্দৰ দেউতাক তামিলনাডুৰ আৰু মাক পঞ্জাৱৰ আছিল।১ আনন্দৰ দুগৰাকী ভগ্নী; গীতা আনন্দ, টৰণ্টোৰ এগৰাকী নিযুক্তি অধিবক্তা আৰু ছোনিয়া আনন্দ, মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ চিকিৎসক আৰু গৱেষক।

আনন্দে ১৯৮৫ চনত কুইন্স বিশ্ববিদ্যালয়ৰপৰা ৰাজনৈতিক অধ্যয়ন(পলিটিকেল ষ্টাডিজ)ত স্নাতক ডিগ্ৰী লবলৈ অণ্টাৰিঅলৈ গৈছিল। ১৯৮৯ চনত, এই বিষয়ত সোণৰ পদক অৰ্জন কৰাৰ পিছত, তেওঁ আইন পঢ়িবলৈ অক্সফৰ্ডৰ ৱাধাম মহাবিদ্যালয়লৈ যায়। অক্সফৰ্ডত পঢ়া শেষ কৰাৰ পিছত, টৰণ্টোত আৰ্টিক্লিং কৰাৰ আগতে ডেলহাউচি বিশ্ববিদ্যালয়ত কানাডিয়ান আইনৰ ডিগ্ৰী লবলৈ তেওঁ ন’ভা স্কটিয়ালৈ উভতি আহে। তাতে তেওঁ তেওঁৰ স্বামী জনক লগ পায়।৩ ১৯৯৫ চনত, তেওঁলোক বিবাহ পাশত আৱদ্ধ হয় আৰু অ’কভিলত থাকিবলৈ লয়। দম্পতীহালৰ চাৰিটি সন্তান আছে।৪

আনন্দ চাৰিটা বিষয়ত ডিগ্ৰীধাৰী: কুইন্স বিশ্ববিদ্যালয়ৰপৰা তেওঁ ৰাজনৈতিক অধ্যয়নত কলা শাখাৰ স্নাতক (সন্মান); অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৱাধাম মহাবিদ্যালয়ৰ পৰা আইনৰ কলা স্নাতক (সন্মান); ডেলহাউচি বিশ্ববিদ্যালয়ৰপৰা আইনৰ স্নাতক আৰু টৰণ্টো বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ। তেওঁক ১৯৯৪ চনত অণ্টাৰিঅ’ বাৰলৈ মাতি অনা হৈছিল।৩

আনন্দে য়েল, কুইন্স আৰু ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে আনন্দ টৰণ্টো বিশ্ববিদ্যালয়ৰ আইনৰ অধ্যাপক আছিল।৫। তেওঁ আগতে আইনৰ ফেকাল্টিত বিনিয়োগকাৰী সুৰক্ষা আৰু কৰ্পোৰেট শাসনৰ জে.আৰ. কিম্বাৰ চেয়াৰ আছিল। এগৰাকী নিৰ্বাচিত বিষয়া হিচাপে নিৰ্দিষ্ট সময়ৰ বাবে অক্টোবৰ ২০১৯ লৈকে, আনন্দ টৰণ্টো আইন অনুষদৰ পৰা ছুটিত আছিল।৬

আনন্দে ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ টৰিছত সহযোগী হিচাপে তেওঁ আইনী কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ ১৯৯৭ চনৰ পৰা ১৯৯৯ চনলৈ পশ্চিমীয়া আইনৰ সহকাৰী অধ্যাপক (সহায়ক) হিচাপে ৱেষ্টাৰ্ণ ইউনিভাৰচিটিত শিক্ষকতা কৰিছিল।৬ ১৯৯৯ চনত তেওঁ কুইন্স বিশ্ববিদ্যালয়ৰ আইন বিষয়ৰ সহকাৰী অধ্যাপক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে আৰু ২০০৩ চনত সহযোগী অধ্যাপক পদলৈ পদোন্নতি পায়। ২০০৫ চনত তেওঁ ইউ এছ-কানাডা ফুলব্ৰাইট বৃত্তি লাভ কৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ Justin Trudeau raised eyebrows when he shuffled a high-profile minister
  2. ↑ (2019-11-21). Anita Anand first Hindu to be appointed cabinet minister in Canada. হিন্দুস্তান টাইমছ
  3. ↑ (November 20, 2019). The Honourable Anita Anand Minister of Public Services and Procurement. Government of Canada
  4. ↑ (November 25, 2019). Anita Anand. Liberal Party of Canada
  5. ↑ (3 January 2020). Newly elected MP Anita Anand brings a wealth of experience to public services portfolio. Toronto Star
  6. ↑ Anita Anand · University of Toronto Faculty of Law. www.law.utoronto.ca
  7. ↑ Fulbright Canada Database. Fulbright Canada

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা আনন্দ” প্ৰবন্ধৰ সংশোধন ৫৭৬৪০৩ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।