সমাজকৰ্মী
৩৯৮ প্ৰবন্ধ
-
ভাগ্যশ্ৰী
ভাগ্যশ্ৰী পটৱৰ্ধন (भाग्यश्री पटवर्धन; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী। তেখেতে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ছবিৰ জগত আৰু টেলিভিছনৰ জগতত ভাগ্যশ্ৰী এক সুপৰিচিত আৰু প্ৰতিষ্ঠিত নাম।
-
ভি. মোহিনী গিৰি
ভি মোহিনী গিৰি (জন্ম ১৯৩৮) এগৰাকী ভাৰতীয় সমাজ সেৱিকা আৰু কৰ্মী (activist)। তেওঁ নতুন দিল্লীত অৱস্থিত গিল্ড অব চাৰ্ভিছ (Guild of Service) নামৰ সংগঠনটোৰ সভানেত্ৰী। ১৯৭৯ চনত প্ৰতিষ্ঠিত এই সংগঠনটোৱে মহিলা আৰু শিশুৰ শিক্ষা, কৰ্মসংস্থাপন আৰু আৰ্থিক সবলীকৰণৰ হকে কাম কৰি আহিছে।
-
মেলিণ্ডা গেট্ছ
মেলিণ্ডা আন গেট্ছ (বিবাহৰ পূৰ্বে ফ্ৰেন্স; ১৫ আগষ্ট, ১৯৬৪; Melinda Ann Gates) হৈছে এগৰাকী আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক। ২০০০ চনত, পতি বিল গেট্ছৰ লগলাগি মেলিণ্ডাই বিল এণ্ড মেলিণ্ডা গেট্ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠা কৰে; যিটো ২০১৫ চনলৈকে পৃথিৱীৰ সৰ্ববৃহৎ ব্যক্তিগত লোকহিতৈষী…
-
মোহন ভাগৱত
মোহন মধুকৰ ভাগৱত (Mohan Madhukar Bhagawat) ভাৰতৰ অন্যতম ৰাষ্ট্ৰবাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য সংঘচালক৷ তেও কে এচ সুদৰ্শনৰ উত্তৰসূৰী হিচাপে ২০০৯ চনৰ মাৰ্চ মাহত দ্বায়িত্ব গ্ৰহণ কৰে৷
-
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী (Laxmi Narayan Tripathi, জন্ম: ১৩ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ আৰু হিজৰা অধিকাৰ কৰ্মী, বলিউড অভিনেত্ৰী, ভাৰতনাট্যম নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ আৰু প্ৰেৰণামূলক বক্তা। তেওঁ কিন্নৰ আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ।
-
শিৱপ্ৰসাদ গুপ্ত
শিৱপ্ৰসাদ গুপ্ত (शिव प्रसाद गुप्त; ২৮ জুন ১৮৮৩ – ২৪ এপ্ৰিল ১৯৪৪) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন দূৰদৰ্শী, দানবীৰ নেতা আৰু মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক।
-
শ্বীমা কেৰমানী
শ্বীমা কেৰমানী (Sheema Kermani; জন্ম: ১৬ জানুৱাৰী ১৯৫১) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু সমাজ কৰ্মী। তেখেত তেহৰিক-ই-নিছৱান কালচাৰেল একচন গ্ৰুপ (মহিলা আন্দোলন)ৰ প্ৰতিষ্ঠাপক। তেখেত ভাৰতনাট্যম নৃত্যৰ প্ৰতিনিধিও।
-
ষ্টেন স্বামী
ষ্টেনিছ্লাছ লোউৰডুস্বামী (Stan Swamy, ২৬ এপ্ৰিল ১৯৩৭ – ৫ জুলাই ২০২১), জনপ্ৰিয়ভাবে ষ্টেন স্বামী এগৰাকী ভাৰতীয় ৰোমান কেথলিক ধৰ্মযাজক, জেচুইট আদেশৰ সদস্য, আৰু কেইবা দশক জুৰি জনজাতীয় অধিকাৰ কৰ্মী আছিল। স্বামী ভাৰতত সন্ত্ৰাসবাদৰ অভিযোগত অভিযুক্ত হোৱা আটাইতকৈ বয়সিয়াল ব্যক্তি।
-
সুনীতি দেৱী
সুনীতি দেৱীCIE (Sunity Devi, ৩০ ছেপ্টেম্বৰ, ১৮৬৪ – ১০ নৱেম্বৰ, ১৯৩২) ব্ৰিটিছ ভাৰতৰ অধীনৰ ৰাজশাসিত ৰাজ্য কোচবিহাৰৰ মহাৰাণী আছিল।
-
সৰলা দেৱী
সৰলা দেৱী (Sarala Devi, ১৯ আগষ্ট ১৯০৪ – ৪ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক। তেওঁ ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰা প্ৰথম ওড়িয়া মহিলা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ওড়িয়া মহিলা প্ৰতিনিধি আছিল।
-
সৰলা বেন
সৰলা বেন (Sarla Behn; জন্ম: কেথেৰিন মেৰী হেইলমেন; ৫ এপ্ৰিল ১৯০১ – ৮ জুলাই ১৯৮২) এগৰাকী ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী আছিল। তেওঁ উত্তৰাখণ্ডৰ কুমাও অঞ্চলত কৰা কামে ৰাজ্যখনৰ হিমালয়ৰ অৰণ্যত পৰিৱেশ ধ্বংসৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিছিল।
-
ৰামেশ্বৰী নেহৰু
ৰামেশ্বৰী নেহৰু, জন্ম: ১০ ডিচেম্বৰ ১৮৮৬ চন – মৃত্যু: ৮ নৱেম্বৰ ১৯৬৬ চন; ভাৰতৰ এগৰাকী সমাজকৰ্মী আৰু নেত্ৰী আছিল। তেওঁ সমাজৰ দৰিদ্ৰ শ্ৰেণী মানুহ আৰু মহিলাসকলৰ উত্থানৰ বাবে কাম কৰিছিল। তেওঁৰ জন্ম নাম আছিল ৰামেশ্বৰী ৰাইনা।
-
ৱাহিদা আমিৰী
ৱাহিদা আমিৰী (Wahida Amiri) এগৰাকী আফগান পুথিভঁৰালী আৰু মহিলা অধিকাৰ কৰ্মী। তালিবান আৰু মহিলাৰ শিক্ষা আৰু কৰ্মৰ অধিকাৰৰ ওপৰত নিষেধাজ্ঞাৰ প্ৰতিবাদৰ অবিৰত প্ৰচেষ্টাৰ বাবে তেওঁক বিবিচি ১০০ মহিলা ২০২১ৰ তালিকাত স্থান দিয়া হৈছিল।
-
অঞ্জলী গোপালন
অঞ্জলী গোপালন (জন্ম ১ ছেপ্টেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী। তেওঁ ঘাইকৈ এলজিবিটি সম্প্ৰদায়ৰ অধিকাৰ হকে কাম কৰে। তেওঁ বেচৰকাৰী সংগঠন নাজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বৰ্তমান কাৰ্যবাহী সঞ্চালক।
-
অনুৰাধা কৈৰালা
অনুৰাধা কৈৰালা (Anuradha Koirala; জন্ম: ১৪ এপ্ৰিল ১৯৪৯) এগৰাকী নেপালী সমাজকৰ্মী আৰু নেপালৰ এক অলাভজনক সংগঠন মাইতি নেপালৰ প্ৰতিষ্ঠাপক। এই সংগঠন বলপূৰ্বক যৌনকাৰ্যৰ বাবে মানৱ সৰবৰাহৰ ভুক্তভোগীসকলক সহায় কৰিবলৈ সমৰ্পিত।
-
আব্দুল বাৰী (অধ্যাপক)
আব্দুল বাৰী (১৮৯২–১৯৪৭) আছিল ভাৰতীয় শৈক্ষিক আৰু সমাজ সংস্কাৰক চৈয়দ ইব্ৰাহিম মালিক বায়াৰ বংশধৰ। তেওঁ শিক্ষাৰ জৰিয়তে মানুহক জাগ্ৰত কৰি ভাৰতীয় সমাজত সমাজ সংস্কাৰ আনিবলৈ চেষ্টা কৰিছিল। তেওঁৰ দাসত্ত্ব, সামাজিক বৈষম্য, সাম্প্ৰদায়িক অসঙ্গতিৰ পৰা মুক্ত ভাৰতৰ দৃষ্টিভংগী আছিল।
-
আশা কটোৱাল
আশা কটোৱাল (Asha Kowtal) এগৰাকী কৰ্মী আৰু দলিত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰি থকা মহিলা। তেওঁ ভাৰতৰ দলিত মহিলা অধিকাৰ আন্দোলনৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা, যাক সৰ্বভাৰতীয় দলিত মহিলা অধিকাৰ মঞ্চ (AIDMAM) বুলি কোৱা হয়,যি দলিত মানৱ অধিকাৰৰ ৰাষ্ট্ৰীয় অভিযানৰ অংশ।
-
ইন্দিৰা জয়সিংহ
ইন্দিৰা জয়সিংহ (Indira Jaising, জন্ম: ৩ জুন ১৯৪০) এগৰাকী ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগসমতা কৰ্মী। ২০০৯ চনত তেওঁ ভাৰতৰ অতিৰিক্ত চলিছিটৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। এই পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা।
-
উৰ্মিলা পাৱাৰ
উৰ্মিলা পাৱাৰ (Urmila Pawar; জন্ম: ১৯৪৫ চন) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ দলিত আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁৰ সমূহ ৰচনা, যিবোৰ মাৰাঠী ভাষাত ৰচিত, সামাজিক ভেদভাৱ আৰু ধৰ্মীয় শোষণৰ সমালোচনা ৰূপে সমালোচক আৰু সংবাদ মাধ্যমৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছে।
-
এন্নে ফাৰ্থ মাৰে
এন্নে ফাৰ্থ মাৰে জন্ম: ২৩ জুন, ১৯৩৫ চন, নিউজিলেণ্ডৰ ৱাংগানুই, এগৰাকী কৰ্মী, লেখিকা, আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষক হোৱাৰ লগতে এটা অলাভজনক সংস্থাৰ প্ৰতিষ্ঠাপক আৰু সভাপতি।
-
এম. সাৰদা মেনন
মামবালিকালাথিল সাৰদা মেনন, চমুকৈ এম. সাৰদা মেনন, (M. Sarada Menon, জন্ম: ৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ, সামাজিক কৰ্মী আৰু চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা।
-
এমিলি গ্ৰীণ বালচ
এমিলি গ্ৰীণ বালচ (Emily Greene Balch; ৮ জানুৱাৰী, ১৮৬৭ – ৯ জানুৱাৰী, ১৯৬১)এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, সমাজবিজ্ঞানী আৰু শান্তিবাদী আছিল। বালচে ৱেলেছলি কলেজত শৈক্ষিক কেৰিয়াৰৰ সৈতে দৰিদ্ৰতা, শিশু শ্ৰম, আৰু অনুপ্ৰৱেশৰ দৰে সামাজিক বিষয়সমূহৰ প্ৰতি দীৰ্ঘদিনীয়া আগ্ৰহ দেখুৱাইছিল৷ ইয়াৰ লগতে দৰিদ্ৰ…
-
কবিতা এন ৰামদাস
কবিতা নন্দিনী ৰামদাস (জন্ম ১৯৬৩) এগৰাকী আমেৰিকান নাৰীবাদী আৰু কৰ্মী। ইয়াৰ পূৰ্বে তেওঁ মুক্ত সমাজ ফাউণ্ডেশ্যনৰ মহিলা অধিকাৰ কাৰ্যসূচীৰ পৰিচালক আৰু ফৰ্ড ফাউণ্ডেশ্যনৰ সভাপতি ডেৰেন ৱাকাৰৰ জ্যেষ্ঠ উপদেষ্টা আছিল।
-
কিংকৰী দেৱী
কিংকৰী দেৱী (১৯২৫ – ৩০ ডিচেম্বৰ, ২০০৭) এগৰাকী ভাৰতীয় এক্টিভিষ্ট আৰু পৰিৱেশবিদ আছিল। তেওঁ, তেওঁৰ জন্মস্থান হিমাচল প্ৰদেশত হোৱা অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে জনাজাত। তেওঁ নিৰক্ষৰ আছিল যদিও মৃত্যুৰ কেইবছৰমান আগতে তেওঁ নিজৰ স্বাক্ষৰ কৰিবলৈ শিকিছিল। দেৱী এক দৰিদ্ৰ পৰিয়াল সদস্য আছিল।
-
কুন্নিকল অজিতা
কুন্নিকল অজিতা (Kunnikkal Ajitha, জন্ম: ১৯৫০) এগৰাকী প্ৰাক্তন ভাৰতীয় নক্সালবাদী যিয়ে ১৯৬০ চনত কেৰালাত নক্সালবাদী আন্দোলনত সক্ৰিয় অংশ লৈছিল যেতিয়া এই গোটটোৱে থালাছেৰী আৰু পুলপালী থানাত সশস্ত্ৰ অভিযান চলাই দুজন আৰক্ষীক হত্যা কৰিছিল।
-
কৃষ্ণমল জগন্নাথন
কৃষ্ণমল জগন্নাথন (জন্ম: ১৬ জুন ১৯২৬) তামিলনাডু ৰাজ্যৰ এজন ভাৰতীয় সমাজ কৰ্মী। তেওঁ আৰু তেওঁৰ স্বামী শংকৰলিংগম জগন্নাথনে (১৯১২ – ১২ ফেব্ৰুৱাৰী ২০১৩) সামাজিক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁলোক গান্ধীবাদী কৰ্মী।
-
গৌৰা দেৱী
গৌৰা দেৱী (১৯২৫ – ১৯৯১) ভাৰতৰ এগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু এগৰাকী গ্ৰাম্য মহিলা সম্প্ৰদায়ৰ নেত্ৰী আছিল, যিয়ে চিপকো আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
গৌৰী সাৱন্ত
গৌৰী সাৱন্ত (Gauri Sawant) ভাৰতৰ মুম্বাইৰ এজন ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী। তেওঁ 'সখী চাৰ চৌঘি' নামৰ বেচৰকাৰী সংগঠনৰ পৰিচালক। এই সংগঠনে ট্ৰান্সজেণ্ডাৰ ব্যক্তি আৰু এইচআইভি/এইডছত আক্ৰান্ত লোকসকলক সহায় কৰে। তেওঁক ভিক্সৰ এটা বিজ্ঞাপনত প্ৰদৰ্শিত কৰা হৈছিল।
-
চুলাগিট্টি নৰসাম্মা
চুলাগিট্টি নৰসাম্মা (Sulagitti Narasamma; ১৯২০ – ২৫ ডিচেম্বৰ ২০১৮) কৰ্ণাটক ৰাজ্যৰ টুমকুৰ জিলাৰ পাৱাগাডা চহৰৰ এগৰাকী ভাৰতীয় ধাই আছিল। তেওঁ কৰ্ণাটকৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত পিছপৰা অঞ্চলবোৰত কোনো চিকিৎসা সুবিধা নোহোৱাকৈ ৭০ বছৰ ধৰি সেৱা আগবঢ়াইছিল।
-
ছাদা নাছেৰ
ছাদা নাছেৰ (Shada Nasser; জন্ম: ১ মে', ১৯৬৪, এডেন) য়েমেনৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু য়েমেনৰ আদালতত মুখ ঢাকি নোপোৱা প্ৰথমগৰাকী মহিলা অধিবক্তা। ১৯৮৯ চনত প্ৰাগৰ চাৰ্লছ বিশ্ববিদ্যালয়ৰ পৰা নাছেৰে আইনৰ ডিগ্ৰী লাভ কৰি মানৱ অধিকাৰ আৰু প্ৰতিৰক্ষা অধিবক্তা হিচাপে কাম কৰিবলৈ য়েমেনলৈ উভতি যায়।