অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজীৱ গোস্বামী

ৰাজীৱ গোস্বামী (১২ জুন ১৯৭১ – ২৪ ফেব্ৰুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় কৰ্মী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ দেশবন্ধু মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাক্তন ছাত্ৰ আছিল।

হালনাগাদ: ২৫ জুলাই ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ৰাজীৱ গোস্বামী (১২ জুন ১৯৭১ – ২৪ ফেব্ৰুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় কৰ্মী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ দেশবন্ধু মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাক্তন ছাত্ৰ আছিল। তেওঁ ভাৰতত পিছপৰা জাতিৰ চাকৰি সংৰক্ষণৰ বাবে মণ্ডল আয়োগৰ পৰামৰ্শৱলী তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ভি পি সিঙে কাৰ্যকৰী কৰাৰ প্ৰতিবাদত ১৯৯০ চনৰ ১৯ ছেপ্টেম্বৰত আত্মজাহৰ চেষ্টা চলোৱাৰ খবৰতে তেওঁ প্ৰচাৰ লাভ কৰে। গোস্বামীয়ে মণ্ডল আয়োগৰ বিৰুদ্ধে এক বৃহৎ আন্দোলনৰ নেতৃত্ব দিছিল আৰু তেওঁৰ আত্মজাহৰ চেষ্টাৰ ফলত সমগ্ৰ ভাৰতবৰ্ষতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ প্ৰতিবাদ আৰু ধাৰাবাহিকভাৱে আত্মজাহৰ চেষ্টা কৰিছিল। মণ্ডল আয়োগৰ আন্দোলনৰ সময়ত দিল্লীৰ এইমছৰ ছেক্সনটোৰ নাম ছাত্ৰ-ছাত্ৰীসকলে সাময়িকভাৱে ৰাজীৱ চকলৈ সলনি কৰি তেওঁৰ এই কাৰ্যৰ উদযাপন কৰে।১

পৰৱৰ্তী সময়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি পদত নিৰ্বাচিত হয়। পিছলৈ তেওঁ স্বাস্থ্যজনিত সমস্যাৰ বাবে সক্ৰিয় ৰাজনীতি ত্যাগ কৰি নিজাকৈ ব্যৱসায় আৰম্ভ কৰে। তাৰ পিছৰ বছৰবোৰত তেওঁ সঘনাই চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল কাৰণ তেওঁৰ আত্মত্যাগৰ প্ৰচেষ্টা ফলত হোৱা গুৰুতৰ স্বাস্থ্যজনিত জটিলতা আহি পৰিছিল।২৩

তেওঁ নতুন দিল্লীৰ কলকাজীস্থিত গোমতি এপাৰ্টমেণ্টৰ বাসিন্দা আছিল। ২০০৪ চনৰ ২৪ ফেব্ৰুৱাৰীত ৩২ বছৰ বয়সত নতুন দিল্লীৰ হলি ফেমিলি হস্পিতাল অখলাত তেওঁৰ মৃত্যু হয়।৪ ২০০৬ চনত সংৰক্ষণ বিৰোধী প্ৰতিবাদত তেওঁৰ মাতৃ নন্দ্ৰাণী গোস্বামী অন্যতম বক্তা আছিল।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mitra, Chandan. (1 March 2004). Why India forgot a hero. Sify News
  2. ↑ (2004-02-25). The Hindu: Rajiv Goswami dead. Hinduonnet.com
  3. ↑ Sharma, Aasheesh. (21 August 2011). Two generations one issue. Hindustan Times
  4. ↑ (2006-04-17). The man who sparked anti-Mandal agitation. Hindustan Times
  5. ↑ Teena Thacker. (2006-06-01). Rajiv Goswami's mother appeals to protesters. Express India

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজীৱ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬১৯২২৮ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।