অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেজিনা গুহ

ৰেজিনা গুহ (Regina Guha, মৃত্যু ১৯১৯) এগৰাকী ভাৰতীয় অধিবক্তা আৰু শিক্ষয়িত্ৰী আছিল। ১৯১৬ চনত তেওঁ ভাৰতত মহিলাসকলক আইন চৰ্চা কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰা আইনী বিধানসমূহৰ ব্যাখ্যাক প্ৰত্যাহ্বান জনোৱা এটা উল্লেখযোগ্য গোচৰত যুঁজিছিল।

হালনাগাদ: ১১ আগষ্ট ২০২৫ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰেজিনা গুহ (Regina Guha, মৃত্যু ১৯১৯) এগৰাকী ভাৰতীয় অধিবক্তা আৰু শিক্ষয়িত্ৰী আছিল। ১৯১৬ চনত তেওঁ ভাৰতত মহিলাসকলক আইন চৰ্চা কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰা আইনী বিধানসমূহৰ ব্যাখ্যাক প্ৰত্যাহ্বান জনোৱা এটা উল্লেখযোগ্য গোচৰত যুঁজিছিল।১

জীৱন

ৰেজিনা গুহৰ জন্ম হৈছিল পেয়াৰে মোহন গুহ (এগৰাকী উকীল) আৰু বাগদাদী ইহুদী মহিলা চিমচা গুব্বাইৰ ঘৰত।পিছলৈ তেওঁৰ পিতৃয়েও ইহুদী ধৰ্ম গ্ৰহণ কৰে আৰু ৰেজিনা আৰু তেওঁৰ তিনিগৰাকী ভাই-ভনীয়ে ইহুদী বিশ্বাসত ডাঙৰ-দীঘল হয়। ৰেজিনা আৰু তেওঁৰ ভনীয়েক হান্নাই আইন অধ্যয়ন কৰিছিল। তেওঁৰ ভগ্নী হান্না চেন এগৰাকী শিক্ষয়িত্ৰী আৰু ৰাজনীতিবিদ হিচাপে কাম কৰে।১২৩

কৰ্মজীৱন

১৯১৩ চনত ৰেজিনাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি প্ৰথম শ্ৰেণীৰ ডিগ্ৰী লাভ কৰে আৰু শ্ৰেণীত প্ৰথম স্থান লাভ কৰে।২৪ তাৰ পাছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ আইনৰ ডিগ্ৰী লাভ কৰে৷ ইয়াৰ পিছত আলিপুৰ জিলা ন্যায়াধীশৰ আদালতত আবেদনকাৰী (অধিবক্তা) হিচাপে নামভৰ্তিৰ বাবে আবেদন জনায় যদিও মহিলাসকলক নামভৰ্তিৰ অনুমতি নিদিয়াৰ ভিত্তিত তেওঁৰ আবেদন নাকচ কৰা হয়। ৰেজিনাই কলিকতা উচ্চ ন্যায়ালয়ত এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই যুক্তি দিছিল যে শাসকীয় আইন দ্য লিগেল প্ৰেকটিচনাৰ আইনত যোগ্য "ব্যক্তি"ক উকীল হিচাপে নামভৰ্তি কৰাৰ অনুমতি দিয়া হৈছে আৰু 'ব্যক্তি'ৰ সংজ্ঞাত মহিলাকো অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁক প্ৰতিনিধিত্ব কৰিছিল এজন অধিবক্তা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰ্ডলি নৰ্টনে।১২৫ কলিকতা উচ্চ ন্যায়ালয়ৰ পাঁচজন পুৰুষ ন্যায়াধীশৰ বিচাৰপীঠে ৰেজিনা গুহৰ গোচৰত ৰায় দি কৈছিল যে যদিও বলবৎ হৈ থকা লিগেল প্ৰেকটিচনাৰ এক্ট ১৮৭৯ত নামভৰ্তিৰ ক্ষেত্ৰত 'ব্যক্তি' শব্দটো ব্যৱহাৰ কৰা হৈছে, এই শব্দত মহিলাক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।৬৭সেই অনুসৰি তেওঁলোকে তেওঁক উকীল হিচাপে নামভৰ্তি কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল।৮

পৰৱৰ্তী সময়ত গুহই কলকাতাৰ ইহুদী ছোৱালী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হয়, আৰু তেওঁ বিদ্যালয়খনৰ প্ৰথম ইহুদী অধ্যক্ষ আছিল।২

তথ্যসূত্ৰ

  1. ↑ Sen, Jhuma. The Indian Women Who Fought Their Way Into the Legal Profession. The Wire
  2. ↑ Chakrabarti, Kaustav. (March 2017). "Revisiting the Educational and Literacy Activities among the Jewish Women of Calcutta". International Journal of Social Science Studies. পৃ. 25–50
  3. ↑ Recalling Jewish Calcutta · Hannah Sen · 04 Women Pioneers. www.jewishcalcutta.in
  4. ↑ (23 August 1919). Miss Regina Guha. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ जैन, Arvind Jain अरविंद. (2019-06-12). No place for women in temples of justice. Forward Press
  6. ↑ Mishra, Saurabh Kumar. (2015-12-15). Women in Indian Courts of Law: A Study of Women Legal Professionals in the District Court of Lucknow, Uttar Pradesh, India. E-cadernos CES
  7. ↑ Veeraraghavan, A.N. (1972). Legal Profession and the Advocates Act, 1961. Journal of the Indian Law Institute. পৃ. 228–262
  8. ↑ Manson, Edward; Trevelyan, E. J. (1917). Notes on Cases. Journal of the Society of Comparative Legislation. পৃ. 268–278

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতৰ মহিলা সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেজিনা গুহ” প্ৰবন্ধৰ সংশোধন ৫৩১৬১৬ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।