অজিতা শ্ৰীবাস্তৱ এগৰাকী ভাৰতীয় গায়িকা, শিক্ষাবিদ আৰু এগৰাকী সমাজকৰ্মী। শ্ৰীবাস্তৱ মিৰ্জাপুৰ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলৰ লোক সংগীতৰ এক জনপ্ৰিয় ৰূপ কাজাৰী লোকগীতৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ বাবে জনাজাত। ১কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২২ চনত পদ্মশ্ৰী প্ৰদান কৰিছিল।২
জীৱন আৰু শিক্ষা
শ্ৰীবাস্তৱৰ জন্ম উত্তৰ প্ৰদেশৰ বাৰাণসীত হৈছিল। তেওঁ প্ৰয়াগৰাজৰ প্ৰয়াগ সংগীত সমিতিৰ পৰা সংগীত প্ৰভাকৰ, গোৰখপুৰ বিশ্ববিদ্যালয়ৰ বি. এড. আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা এম.এ. সম্পূৰ্ণ কৰিছে।৩ পিছলৈ শ্ৰীবাস্তৱে মিৰ্জাপুৰৰ পেছাত এজন বিখ্যাত কবি, লেখক আৰু উকীল ৰসবিহাৰী লালক বিয়া কৰায় আৰু তাত বসতি স্থাপন কৰে। তেওঁলোকৰ একমাত্ৰ সন্তান অনুৰাগ আনন্দে ভাৰতীয় বায়ু সেনাত সেৱা আগবঢ়াই।৪
কৰ্মজীৱন
শ্ৰীবাস্তৱে ১৯৮০ চনত অল ইণ্ডিয়া ৰেডিঅ' বাৰাণসীৰ সৈতে তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ অল ইণ্ডিয়া ৰেডিঅ', লক্ষ্ণৌ দূৰদৰ্শন, সংগীত নাটক একাডেমী উত্তৰ প্ৰদেশ, ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, এনচিজেডচিচি প্ৰয়াগৰাজ, পৰ্যটন মন্ত্ৰালয়, সংস্কৃতি মন্ত্ৰালয়, দিল্লী চৰকাৰ, ভাৰতীয় সেনা আৰু টি-চিৰিজকে ধৰি বিভিন্ন সংগঠনৰ সৈতে জড়িত হৈ দায়িত্ব পালন কৰি আহিছে। ২০১৭ চনত তেওঁ ৪০ বছৰৰ শিক্ষকতা কেৰিয়াৰৰ পিছত আৰ্য কন্যা ইণ্টাৰ কলেজৰ প্ৰবক্তা হিচাপে অৱসৰ গ্ৰহণ কৰে। ৫ তেতিয়াৰে পৰা তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাজাৰী আৰু অঞ্চলটোৰ অন্যান্য লোক সংগীতৰ সংৰক্ষণ, প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সম্পূৰ্ণৰূপে সময় উৎসৰ্গা কৰি আহিছে।৬
পুৰস্কাৰসমূহ
- ২০২২ –পদ্মশ্ৰী বঁটা
- ২০২১ – বিশ্ব হিন্দী গৱেষণা প্ৰচাৰ বঁটা
- ২০২১ – কাজলি কোকিলা বঁটা
- ২০২১ – যোগ্য শিক্ষক আৰু কাজলী গায়ক বঁটা
- ২০২১, ২০১০ – চাৰ্ক ফছৱাল বঁটা
- ২০২১, ২০২০, ২০১৯ – উত্তৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা নাৰী শক্তি পুৰস্কাৰ
- ২০২০ – কাশী আনন্দ বঁটা
- ২০১৯ – সেউজীয়া উত্তৰ প্ৰদেশ, স্বচ্ছ উত্তৰ প্ৰদেশ বিশেশ সন্মান
- ২০১৯– কাজলি কৰ্মশালা মুখ্য প্ৰশিক্ষক বঁটা
- ২০১৭ – নমামি জাগৃতি সন্মান
- ২০১৭ – উত্তৰ প্ৰদেশ সংগীত নাটক একাডেমী বঁটা
- ২০১১ – বৈশ্য গৌৰৱ সন্মান
- ২০০৮ – অমৰ উজলাৰ দ্বাৰা নাৰী শক্তি সন্মান
- ১৯৯৬ – কাজলী সম্ৰাজ্ঞী বঁটা
তথ্যসূত্ৰ
- ↑ मीरजापुर की कजरी गायिका अजिता श्रीवास्तव को पद्मश्री, संगीत नाटक अकादमी पुरस्कार से भी हो चुकी हैं सम्मानित. Zee News
- ↑ Padma Awardees 2022. Padma Awards
- ↑ पद्म पुरस्कार 2022: मीरजापुर की कजरी गायिका अजीता श्रीवास्तव को पद्मश्री, 42 वर्षों की निरंतर साधना व तप के बाद मिली सफलता. Dainik Jagran
- ↑ (2022-01-27). वाराणसी के 6 लोगों को मिला पदम पुरस्कार, मिर्ज़ापुर की अजीता श्रीवास्तव भी शामिल, जानिए इनके जीवन की कहानी. mirzapurofficial.in
- ↑ कजरी गायिका अजिता श्रीवास्तव को मिला पद्मश्री अवॉर्ड, 36 वर्षों से गायन के क्षेत्र में कर रही हैं काम. ETV Bharat News
- ↑ Ganga, A. B. P. (2022-01-26). मिर्जापुर की प्रसिद्ध कजली गायिका अजीता श्रीवास्तव को मिला पद्म श्री अवार्ड, ऐसा रहा करियर. www.abplive.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজিতা শ্ৰীবাস্তৱ” প্ৰবন্ধৰ সংশোধন ৪৭৬৪১০ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।