লেচলি চেচ (Lesley Sachs; জন্ম: ২৫ আগষ্ট ১৯৫৮) এগৰাকী ইজৰাইলী সমাজ কৰ্মী, মুখ্য কাৰ্যবাহী বিষয়া আৰু শিল্পী। ইজৰাইল উইমেনছ নেটৱৰ্ক (আই ডব্লিউ এন), ইজৰাইল ৰিলিজিয়াছ একচন চেণ্টাৰ (আই আৰ এ চি), ৱৰ্ল্ড ইউনিয়ন ফৰ প্ৰগ্ৰেছিভ ইহুদীজম (ডব্লিউ ইউ পি জে) আৰু উইমেন অৱ দ্য ৱাল (ডব্লিউ অ' ডব্লিউ)ৰ চি ই অ' হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]১
জীৱনী
১৯৫৮ চনৰ ২৫ আগষ্টত দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গত জন্মগ্ৰহণ কৰা চেচে পাঁচ বছৰ বয়সৰ পৰা হাইফাত ডাঙৰ-দীঘল হৈছিল। হাইফা বিশ্ববিদ্যালয়ত অধ্যয়ন সমাপ্ত কৰাৰ পিছত জেৰুজালেমলৈ গুচি যায় আৰু তাৰ পৰাই হোটেল পৰিচালনাৰ বিষয়ে অধ্যয়ন কৰে আৰু কেইবাবছৰ ধৰি এই ক্ষেত্ৰত কাম কৰে।২
ইজৰাইল মহিলা নেটৱৰ্কত এবছৰ স্বেচ্ছাসেৱী হিচাপে কাম কৰাৰ পিছত তেওঁক সংস্থাটোৰ প্ৰথম মুখপাত্ৰ আৰু জনসংযোগ সঞ্চালিকা হিচাপে নিযুক্তি দিয়া হয়। চাৰি বছৰৰ পিছত তেওঁ মুখ্য কাৰ্যবাহী বিষয়া হয়।৩ দুয়োটা ভূমিকাতে (১৯৮৯-১৯৯৭) তেওঁ ইজৰাইলী ৰাজহুৱা কাৰ্যসূচীত লিংগ সমতাৰ বিষয়টোক আগস্থানলৈ অনাত সফল হয়।৪
১৯৯৭-২০০৩ চনৰ ভিতৰত তেওঁ ইজৰাইল ৰিলিজিয়াছ একচন চেণ্টাৰৰ চিইঅ' হিচাপে কাম কৰিছিল যিয়ে অন্যান্য বিষয়ৰ লগতে ইজৰাইলৰ ভিতৰত সমতা, সামাজিক ন্যায় আৰু ধৰ্মীয় বহুত্ববাদৰ ৰক্ষাৰ বাবে চেষ্টা কৰিছিল৷ তেওঁ ইজৰাইলৰ আইনী ব্যৱস্থা আৰু লবীং ব্যৱহাৰ কৰিছিল।৫৬
তথ্যসূত্ৰ
- ↑ Lesley Sachs, Executive Director of Women of the Wall. Jewish Women's Foundation
- ↑ About Lesley Sachs. Supersonot
- ↑ (13 September 1996). Women Protest Strict Dress Code at Israeli Supermarket. The Jewish News of Northern California
- ↑ (6 April 2017). At the Helm of the Israeli Movement for Women's Rights. New Israel Fund
- ↑ Meeting of the Committee for the Advancement of Women and Gender Equality, 09/01/2002. Fifteenth Knesset
- ↑ Matrimonial Relations Bill (Amendment - Balance on Termination of Marriage). Fifteenth Knesset
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেচলি চেচ” প্ৰবন্ধৰ সংশোধন ৫০৬৫৯০ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।