অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মূৱলুৰ ৰামমীৰথাম

মূৱলুৰ ৰামমীৰথাম (Moovalur Ramamirtham(১৮৮৩–১৯৬২) এগৰাকী তামিল সমাজ সংস্কাৰক, লেখক আৰু দ্ৰাবিড় আন্দোলনৰ ৰাজনৈতিক কৰ্মী আছিল৷ তেওঁ মাদ্ৰাজ প্ৰদেশত দেৱদাসী ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে কাম কৰিছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

মূৱলুৰ ৰামমীৰথাম (Moovalur Ramamirtham(১৮৮৩–১৯৬২) এগৰাকী তামিল সমাজ সংস্কাৰক, লেখক আৰু দ্ৰাবিড় আন্দোলনৰ ৰাজনৈতিক কৰ্মী আছিল৷ তেওঁ চেন্নাই প্ৰদেশত দেৱদাসী ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে কাম কৰিছিল।

প্ৰাথমিক জীৱন

১৮৮৩ চনত মাদ্ৰাজ প্ৰেচিডেন্সিৰ থিৰুভাৰুৰত জন্মগ্ৰহণ কৰা ৰামমীৰথমৰ ময়ুৰাম (বৰ্তমান মায়লাধুথুৰাই)ৰ ওচৰৰ এখন গাঁও মূভালুৰত ডাঙৰ-দীঘল হৈছিল।

সক্ৰিয়তা

তেওঁ প্ৰথমতে ভাৰতীয় জাতীয় কংগ্ৰেছ (আই এন চি)ৰ সমৰ্থক আছিল৷ অৱশ্যে ১৯২৫ চনত তেওঁ কংগ্ৰেছ ত্যাগ কৰে৷ তাৰপিছত তেওঁ ‘পেৰিয়াৰ’ ই ভি ৰামাছামীৰ আত্মসন্মান আন্দোলনৰ সদস্য হৈছিল। ১৯৩০ চনত তেওঁ দেৱদাসী ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে মুথুলক্ষ্মী ৰেড্ডীৰ আইন প্ৰণয়নৰ জৰিয়তে সমৰ্থন কৰে। ১৯৩৬ চনত তেওঁ দাচিগালিন মোছাৱলাই আল্লাধু মাধি পেট্ৰা মাইনাৰ্ছ নামৰ এখন উপন্যাস ৰচনা কৰে যিয়ে দেৱদাসীসকলৰ দুৰ্দশা উদঙাই দিয়ে। ১৯৩৭-৪০ চনৰ হিন্দী বিৰোধী আন্দোলনত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু ১৯৩৮ চনৰ নৱেম্বৰ মাহত আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে ছয় সপ্তাহৰ কাৰাদণ্ড বিহা হৈছিল। ১৯৪৯ চনত পেৰিয়াৰৰ পৰা বিচ্ছেদ ঘটে, আৰু পেৰিয়াৰৰ আশ্ৰয়দাতা চি এন আন্নাদুৰাইয়ে আৰম্ভ কৰা দ্ৰাবিদা মুনেত্ৰ কাঝাগম (ডি এম কে) দলৰ তেওঁ সমৰ্থক হয়। ১৯৬২ চনত মৃত্যুৰ আগলৈকে তেওঁ ডি এম কেৰ সমৰ্থক হৈ থাকে।

উত্তৰাধিকাৰ

তেওঁৰ উপন্যাসখনে সৃষ্টি কৰা জনসচেতনতা আৰু দেৱদাসী ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে কৰা তেওঁৰ অবিৰত অভিযান, মাদ্ৰাজ দেৱদাসী (সৰ্পণ প্ৰতিৰোধ) আইন বা দেৱদাসী বিলুপ্তি বিধেয়ক গৃহীত কৰাত সহায়ক হৈছিল, যিয়ে ১৯৪৭ চনত এই প্ৰথা নিষিদ্ধ কৰিছিল।

তেওঁৰ স্মৃতিত ১৯৮৯ চনত তামিলনাডু চৰকাৰে দৰিদ্ৰ মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে "মূভালুৰ ৰামমিৰথাম আম্মাল নিনাইভু বিবাহ সাহায্য আঁচনি" প্ৰতিষ্ঠা কৰে।১২৩৪৫৬৭৮৯১০১১১২

তথ্যসূত্ৰ

  1. ↑ Ramaswamy, Sumathy. (1997). Passions of the tongue: language devotion in Tamil India, 1891-1970. University of Chicago Press. পৃ. Chapter 5. ISBN 978-0-520-20805-6
  2. ↑ Sarkar, Tanika. (2008). Women and social reform in modern India: a reader. Indiana University Press. পৃ. 395–403. ISBN 978-0-253-22049-3
  3. ↑ Thorner, Alice; Krishna Raj, Maithreyi. (2000). Ideals, images, and real lives: women in literature and history. Orient Blackswan. পৃ. 241–250. ISBN 978-81-250-0843-9
  4. ↑ Anandhi, S. (March 1991). Representing Devadasis: 'Dasigal Mosavalai' as a Radical Text. Economic and Political Weekly. পৃ. 739–746
  5. ↑ Desikan, Shubashree. (19 December 2008). Grace under fire. Business Line
  6. ↑ Moovalur Ramamirtham Ammayar ninaivu Marriage Assistance Scheme. Government of Tamil Nadu
  7. ↑ Menon, Parvati. (4 August 2001). Of studies on Women. Frontline
  8. ↑ Viswanathan, S. (4 May 2008). The Pioneers: Dr. Muthulakshmi Reddy. Frontline
  9. ↑ Sithannan, V. (2006). Immoral traffic: prostitution in India. JEYWIN Publications. পৃ. 53. ISBN 978-81-905975-0-0
  10. ↑ PKR. (10 November 2009). Book Review. দ্য হিন্দু
  11. ↑ Chandhrika, G. (October 2009). Of Men, Women and Morals: Gender, Politics and Social Reform in Colonial South India. Intersections: Gender and Sexuality in Asia and the Pacific
  12. ↑ Ramamirthammal, Muvalar; Kalpana Kannabirān; Vasantha Kannabiran. (2003). Muvalur Ramamirthammal's Web of deceit: Devadasi reform in colonial India. Zubaan. পৃ. 53. ISBN 978-81-86706-63-3

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতৰ মহিলা সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মূৱলুৰ ৰামমীৰথাম” প্ৰবন্ধৰ সংশোধন ৬২৪৬৬৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।