সমাজকৰ্মী
৩৯৮ প্ৰবন্ধ
-
সৰোজিনী বৰাদপ্পান
সৰোজিনী বৰাদপ্পান (২১ ছেপ্টেম্বৰ ১৯২১ − ১৭ অক্টোবৰ ২০১৩) তামিলনাডু ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী। মাদ্ৰাজৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম ভকতবৎসলামৰ কন্যা।
-
হাছিনা জালাল
হাছিনা জালাল ( Hasina Jalal) আফগানিস্তানত মহিলাৰ মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ পোষকতা কৰা এগৰাকী ব্যক্তি। ২০১৪ চনত ইউএনডিপি এছিয়া পেচিফিক আঞ্চলিক কাৰ্যালয়ৰ পৰা "এন-পিচ এৱাৰ্ড" আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ শান্তিৰ বাবে বিশ্ববিদ্যালয়ৰ বিশেষ উপদেষ্টা হিচাপে জনসাধাৰণৰ ভোটত জালাল নিৰ্বাচিত হৈছিল।
-
হানান ইব্ৰাহিম
হানান ইব্ৰাহিম এম বি ই, এগৰাকী ছোমালি সমাজ কৰ্মী। তেওঁ অন্যান্য সংগঠনৰ লগতে বাৰ্নেট মুছলিম মহিলা নেটৱৰ্কৰ অধ্যক্ষ।
-
হান্না আল ৰছিদ
হান্না আল ৰছিদ (ইংৰাজী: Hannah Al Rashid; জন্ম: ২৫ জানুৱাৰী ১৯৮৬) এগৰাকী ব্ৰিটিছ-ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী। বুগিছ আৰু ফৰাচী বংশোদ্ভূত হান্না মূলতঃ ইণ্ডোনেছিয়ান চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে পৰিচিত।
-
হালিমা ছাদাম কৰিমী
হালিমা ছাদাফ কৰিমি (Halima Sadaf Karimi) এগৰাকী আফগান ৰাজনীতিবিদ৷ ইয়াৰ লগতে তেওঁ সংসদৰ প্ৰাক্তন সদস্য। হালিমা ছাদাম কৰিমী আফগানিস্তানৰ উত্তৰ জৌজজান প্ৰদেশত জন্মগ্ৰহণ কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰত সক্ৰিয়তাৰে জড়িত হোৱাৰ আগতে তেওঁ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।
-
হিন্দ অল-ইৰায়নী
হিন্দ অল-ইৰায়নী (Hind Al-Eryani) এগৰাকী য়েমেনৰ সমাজকৰ্মী আৰু সাংবাদিক। তেওঁ মহিলাৰ অধিকাৰ, লিংগ সংখ্যালঘুকে ধৰি এলজিবিটিকিউ+ আৰু য়েমেনত শান্তিৰ পোষকতা কৰে৷ তেওঁ এই বিষয়সমূহৰ সমৰ্থনত বহুতো প্ৰবন্ধ লিখিছে। তেওঁ ড্ৰাগছৰ দৰে পদাৰ্থৰ বিৰুদ্ধেও যুঁজিছে।
-
হীৰাবাঈ ইব্ৰাহিম লোবি
হীৰাবাঈ ইব্ৰাহিম লোবি (Hirbai Ibrahim Lobi) আফ্ৰিকীয় মূলৰ এগৰাকী ভাৰতীয় গুজৰাটী মহিলা। তেওঁ গুজৰাটৰ জুনাগড় অঞ্চলৰ সিদ্দি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। এই জনজাতীয় সম্প্ৰদায়টোৰ উন্নতি আৰু বিকাশৰ বাবে তেওঁ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২৩ বৰ্ষত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক…
-
হুছনে আৰা কমল
হুছনে আৰা কমল (Husne Ara Comal; ২০ ডিচেম্বৰ ১৯৩৪ – ১৬ এপ্ৰিল ২০০৯) এগৰাকী বাংলাদেশী শিক্ষাবিদ, দানশীল সমাজকৰ্মী আছিল। তেওঁ সমগ্ৰ কৰ্মজীৱনত বাংলাদেশৰ সমাজ কল্যাণ আৰু মহিলা সবলীকৰণত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
-
হুৰিয়া মাছহৌৰ
হুৰিয়া মাছহৌৰ ( Hooria Mashhour, জন্ম-১৯৫৪) য়েমেনৰ এগৰাকী মানৱ অধিকাৰ আৰু মহিলা অধিকাৰ কৰ্মী। ২০১২ চনৰ পৰা আৰম্ভ হোৱা বিপ্লৱৰ পিছৰ য়েমেনত মানৱ অধিকাৰ মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। সুৰক্ষাৰ চিন্তাত ২০১৪ চনত তেওঁ এই পদ এৰি এডেনলৈ গুচি যায়।
-
হেনা দাস
হেনা দাস (Hena Das; ১২ ফেব্ৰুৱাৰী, ১৯২৪ – ২০ জুলাই, ২০০৯) আছিল বাংলাদেশৰ নাৰী জাগৰণ আন্দোলনৰ তেওঁৰ সময়ৰ এগৰাকী উল্লেখযোগ্য অৱদানকাৰী। তেওঁ বাওঁপন্থী মতাদৰ্শত বিশ্বাসী আছিল আৰু ব্ৰিটিছ বিৰোধী আন্দোলন, ভাষা-আন্দোলন, ঊনসত্তৰৰ গণ-অভ্যুত্থান তথা বাংলাদেশৰ স্বাধীনতা সংগ্ৰামকে ধৰি বহুকেইটা আন্দোলনৰ…
-
হেমকান্ত শৰ্মা
হেমকান্ত শৰ্মা ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী আইনজীৱী, সমাজ সংস্কাৰক আৰু সাংস্কৃতিক শিল্পী আছিল৷ তেওঁ নগাঁও জিলাৰ উল্লেখযোগ্য স্ত্ৰী শিক্ষানুষ্ঠান মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ জন্মলগ্নৰে পৰা ওতপ্ৰোতভাবে জড়িত আছিল৷ ২০০৪ চনত তেওঁৰ মৃত্যু হয়৷
-
হোছাই আহমদজাই
হোছাই আহমদজাই (Hosai Ahmadzai) এগৰাকী আফগান সংবাদ পৰিৱেশক। ২০২১ চনত কাবুলৰ পতনৰ পিছত তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰ দিনকেইটাত তেওঁ আফগানিস্তানত থকা মাত্ৰ দুগৰাকী মহিলা বাতৰি পৰিবেশকৰ ভিতৰত অন্যতম আছিল।
-
হোমেইৰা কাদেৰী
১৯৮০ চনত জন্মগ্ৰহণ কৰা হোমেইৰা কাদেৰী (Homeira Qaderi) এগৰাকী আফগান লেখিকা, মহিলা অধিকাৰৰ সমৰ্থক আৰু পাৰ্চী সাহিত্যৰ অধ্যাপিকা৷ তেওঁ বৰ্তমান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটিউট অৱ এডভান্সড ৰিচাৰ্চত ৰবাৰ্ট জি জেমছ স্কোলাৰ সভ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।২০১৪ চনত ভাৰতৰ নতুন দিল্লীৰ…
-
হৰিণী অমৰাছুৰীয়া
হৰিণী নিৰেকা অমৰাছুৰীয়া (জন্ম ৬ মাৰ্চ ১৯৭০)(Harini Nireka Amarasuriya) এগৰাকী শ্ৰীলংকান সমাজবিজ্ঞানী, শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ যি ২০২৪ চনৰ পৰা শ্ৰীলংকাৰ ১৬ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
হৰেকলা হাজাব্বা
হৰেকলা হাজাব্বা (Harekala Hajabba) কৰ্ণাটকৰ মাংগালোৰ নিবাসী এজন ভাৰতীয় কমলা বেপাৰী, যি তেওঁৰ সৰু ব্যৱসায়টোত উপাৰ্জিত টকাৰে নিজৰ গাঁৱত এখন স্কুল প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ এই প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে, ২০২০ চনত, তেওঁক ভাৰতৰ চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
-
ৰংগিনা হামিদি
ৰংগিনা হামিদি (Rangina Hamidi; জন্ম:- ১৯৭৮) এগৰাকী আফগান-আমেৰিকান লেখিকা, শিক্ষাবিদ, সমাজ-কৰ্মী আৰু ৰাজনীতিবিদ। আফগানিস্তানত মহিলাৰ অধিকাৰৰ বক্তা হিচাপে সুপৰিচিত আৰু আফগানিস্তানৰ ছোৱালী আৰু মহিলা সবলীকৰণৰ বাবে বিভিন্ন সামাজিক প্ৰকল্পত তেওঁ জড়িত হৈ আছে।
-
ৰঞ্জনা কুমাৰী
ৰঞ্জনা কুমাৰী (Ranjana Kumari) এগৰাকী ভাৰতীয় সমাজ কৰ্মী, লেখিকা, আৰু শিক্ষাবিদ। তেওঁ দিল্লীৰ চেণ্টাৰ ফৰ ছ'চিয়েল ৰিচাৰ্চৰ পৰিচালক আৰু মহিলা গোটৰ ৰাষ্ট্ৰীয় সংগঠন উইমেন পাৱাৰ কানেক্টৰ অধ্যক্ষ।
-
ৰত্না দেৱনাথ
ৰত্না দেৱনাথ (Ratna Debnath)পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ২০২৬ চনৰ পৰা তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে পশ্চিমবংগ পানীহাটী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে।
-
ৰবীনা খান
ৰবীনা খান (Rabina Khan; জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী বাংলাদেশী মূলৰ ব্ৰিটিছ লেখিকা, ৰাজনীতিবিদ, চেডৱেলৰ প্ৰাক্তন কাউন্সিলাৰ আৰু টাৱাৰ হেমলেটচ্ কাউন্সিলৰ হাউচিঙৰ কেবিনেট সদস্য। লগতে তেওঁ এগৰাকী সমাজকৰ্মী আৰু ‘আয়েচাচ্ ৰেইনব’ৰ’ লেখিকা।
-
ৰশ্মি তিৱাৰী
ড° ৰশ্মি তিৱাৰী 'আহান ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল চেঞ্জ ইণ্ডিয়া'ৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক৷ তেওঁ যানজঁট-সম্বন্ধীয় জটিলতাবোৰ সৰল কৰিবলৈ কাম কৰি আছে৷ তেওঁ ভাইটাল ভইচ (আমেৰিকা), ছিম্পৰ সভ্য আৰু নিউৰ'লিডাৰশ্বিপ ইনষ্টিটিউটৰ পৰা প্ৰমাণিত নেতৃত্ব প্ৰশিক্ষক।
-
ৰাজলক্ষ্মী পাৰ্থসাৰথি
য়েচা গুঞ্জা ৰাজলক্ষ্মী পাৰ্থসাৰথি (২৭ নৱেম্বৰ ১৯২৫ – ৬ আগষ্ট ২০১৯), শ্ৰীমতী. ৱাই জি পি নামেৰে বেছি পৰিচিত, তেওঁ এজনী ভাৰতীয় সাংবাদিক, শিক্ষাবিদ, আৰু সমাজকৰ্মী আছিল। পদ্মসেশাদ্ৰী বালা ভৱনৰ প্ৰতিষ্ঠাপক আৰু ডীন আছিল।
-
ৰাণী চিত্ৰলেখা ভোঁচলে
ৰাণী চিত্ৰলেখা ভোঁচলে (Rani Chitralekha Bhonsle, ২৬ ফেব্ৰুৱাৰী ১৯৪১ – ১৬ আগষ্ট ২০১৫) এগৰাকী ৰাজনৈতিক, সমাজকৰ্মী আৰু মহাৰাষ্ট্ৰৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা এগৰাকী সাংসদ আছিল.
-
ৰাধিকা বালাকৃষ্ণন
ৰাধিকা বালকৃষ্ণন (Radhika Balakrishnan) ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৱমেনছ গ্ল'বেল লিডাৰশ্বিপৰ ফেকাল্টী ডাইৰেক্টৰ। বৰ্তমান তেওঁ আমেৰিকাৰ মানৱ অধিকাৰ নেটৱৰ্কৰ ব'ৰ্ডৰ অধ্যক্ষ আৰু চেণ্টাৰ ফৰ কনষ্টিটিউচনেল ৰাইটছৰ ব'ৰ্ডৰ অধ্যক্ষ, নিউয়ৰ্ক চহৰৰ বাবে লিংগ সমতা আয়োগৰ আয়ুক্ত, আৰু ২০২০-২০২১ চনৰ বাবে…
-
ৰাধিকা ভেমুলা
ৰাধিকা ভেমুলা (Radhika Vemula) এগৰাকী ভাৰতীয় দলিত অধিকাৰ আৰু জাতিভিত্তিক বৈষম্যৰ বিৰুদ্ধে মাত মাতি অহা সমাজকৰ্মী। ২০১৬ চনত হায়দৰাবাদ বিশ্ববিদ্যালয়ত আত্মহত্যা কৰা পুত্ৰ ৰোহিত ভেমুলা (আম্বেদকাৰ ছাত্ৰ সন্থাৰ নেতা)ৰ দ্বাৰা আৰম্ভ কৰা কামটো তেওঁ অব্যাহত ৰাখিছে - যিটো কাণ্ডই সমগ্ৰ ভাৰতবৰ্ষতে ক্ষোভৰ…
-
ৰাধিয়া ইহছান
ৰাধিয়া ইহছান (Radhia Ihsan, ১৯৩৩-২০২০), য়েমেনৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী, ৰাজনীতিবিদ (য়েমেনী সমাজবাদী পাৰ্টি) আৰু লেখিকা আছিল। ছিৰিয়াত কলেজলৈ গৈ তেওঁ বাগদাদত আইন অধ্যয়ন কৰিছিল, আৰু পাকিস্তানৰ পঞ্জাব বিশ্ববিদ্যালয়ত ইছলামিক অধ্যয়ন কৰিছিল।
-
ৰীতা দেৱী
ৰীতা দেৱী বৰ্মা (Reeta Devi Varma, জন্ম: ১১ অক্টোবৰ ১৯৪২) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা দিল্লীৰ বেচৰকাৰী সংগঠন 'ইলা ন্যাস'ৰ প্ৰতিষ্ঠাপক। সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
-
ৰীতা বেনাৰ্জি
ৰীতা বেনাৰ্জি ( Rita Banerji; জন্ম: ১৯৬৭) এগৰাকী ভাৰতীয় লেখক, আলোকচিত্ৰ শিল্পী আৰু জেণ্ডাৰ এক্টিভিষ্ট। তেওঁৰ ‘চেক্স এণ্ড পাৱাৰ: ডিফাইনিং হিষ্ট্ৰি, চেপিং চ’ছাইটি’ শীৰ্ষক কিতাপখন ২০০৮ চনত প্ৰকাশ পাইছিল।
-
ৰীমা চুলতানা ৰীমু
ৰীমা চুলতানা ৰীমু (Rima Sultana Rimu) এগৰাকী বাংলাদেশী মহিলা অধিকাৰ কৰ্মী আৰু কক্স বজাৰত লিংগৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ কৰা মানৱতাবাদী সমাজকৰ্মৰ এগৰাকী গুৰি ধৰোঁতা। ২০২০ চনত তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।
-
ৰুথ হাবৱে
ৰুথ হাবৱে, (জন্ম তাৰিখ অজ্ঞাত, মৃত্যু: ১৯৯৬ চন) এগৰাকী কেনিয়াৰ সমাজ কৰ্মী আৰু ৰাজনীতিবিদ আছিল।
-
ৰুমা দেৱী
ৰুমা দেৱী (: Ruma Devi; জন্ম: ১৬ নৱেম্বৰ ১৯৮৮), এগৰাকী ভাৰতীয় পৰম্পৰাগত হস্তশিল্পৰ ফেশ্বন ডিজাইনাৰ আৰু সমাজকৰ্মী। ৰুমা দেৱীয়ে ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান “নাৰী শক্তিপুৰস্কাৰ ২০১৮” লাভ কৰে।