অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহেইশ গিৰি

মহেইশ গিৰি ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সমাজকৰ্মী তথা ৰাজনীতিবিদ। পূব দিল্লী লোকসভা সমষ্টিৰপৰা তেওঁ সংসদ সদস্য আছিল। গিৰি আৰ্ট অৱ লিভিঙৰ অধ্যাপক আৰু আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সঞ্চালক। তেওঁ নৱভাৰত সেৱা সমিতিৰ এন জি অ’ৰ প্ৰতিষ্ঠাপক।

হালনাগাদ: ২৭ জুন ২০২৬ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মহেইশ গিৰি ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় সমাজকৰ্মী তথা ৰাজনীতিবিদ। পূব দিল্লী লোকসভা সমষ্টিৰপৰা তেওঁ সংসদ সদস্য আছিল।

গিৰি আৰ্ট অৱ লিভিঙৰ অধ্যাপক আৰু আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সঞ্চালক। তেওঁ নৱভাৰত সেৱা সমিতিৰ এন জি অ’ৰ প্ৰতিষ্ঠাপক। অৰবিন্দ কেজৰিৱালৰ সৈতে মতানৈক্যৰ বাবে তেওঁ ভাৰত দুৰ্নীতি বিৰোধী আন্দোলন এৰিছিল, আৰু তাৰ পিছত বিজেপিত যোগদান কৰিছিল, ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত পূব দিল্লীৰপৰা জয়লাভ কৰিছিল।

প্ৰাথমিক জীৱন

নাচিকত জন্মগ্ৰহণ কৰি তাতেই ডাঙৰ-দীঘল হয় মহেইশ গিৰি। তেওঁৰ মতে, আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হৈ ১৭ বছৰ বয়সতে তেওঁ ঘৰ এৰি থৈ যায়। ১৯৯৯ চনত গুজৰাটৰ জুনাগড়ত পীঠাধীশ (পীঠৰ প্ৰধান) হয়। ইয়াৰ পিছত তেওঁ শ্ৰীশ্ৰী ৰবি শংকৰক লগ পায়, আৰু জীৱন কলাৰ শিক্ষক হয়।১

সামাজিক সক্ৰিয়তা

২০০৯ চনত তেওঁ "দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত ভাৰত" সৃষ্টিৰ লক্ষ্যৰে মন্ত্ৰণাদ আন্দোলন আৰম্ভ কৰে। ২০১০ চনত আৰ্ট অৱ লিভিঙৰ নেতা হিচাপে তেওঁ যমুনা নদী পৰিষ্কাৰ কৰাৰ বাবে সংস্থাটোৰ মেৰী দিল্লী, মেৰী যমুনা ("মোৰ দিল্লী, মোৰ যমুনা") অভিযান আৰম্ভ কৰে।১ ২০১০ চনত তেওঁ কমনৱেলথ গেমছৰ পূৰ্বে "স্বচ্ছ দিল্লী" আন্দোলনৰ নেতৃত্ব দিয়ে।২ তেওঁ পূব দিল্লীৰ বস্তি অঞ্চলত ১০৮টাতকৈও অধিক চিকিৎসা শিবিৰ আৰু ১৫১টা বিনামূলীয়া চকু-কাণ পৰীক্ষা শিবিৰ আয়োজন কৰাত সহায় কৰিছে।৩

ৰাজনীতি

২০১১ চনত গিৰীয়ে ইণ্ডিয়া এগেইনষ্ট কৰ্পচন আন্দোলনত যোগদান কৰে, কিন্তু অৰবিন্দ কেজৰিৱালৰ "স্বৈৰাচাৰী পদ্ধতি"ৰ অভিযোগ কৰি আন্দোলন এৰি দিয়ে।১ ইয়াৰ পিছত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ২০১৪ চনৰপৰা ২০২০ চনলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক আছিল। তেওঁ পূব দিল্লী সমষ্টিৰপৰা ১৬ নং লোকসভাত ভাৰতীয় জনতা পাৰ্টিৰ সংসদ সদস্য আছিল।৪

তথ্যসূত্ৰ

  1. ↑ (2014-03-12). Maheish Girri hires PR agency to boost hopes, three-time MP's name does rounds. The Indian Express
  2. ↑ (2014-03-20). BJP East Delhi candidate Maheish Girri files papers. The Tribune
  3. ↑ (2014-03-21). BJP's Maheish Girri files nomination from E Delhi. The Pioneer
  4. ↑ (2014-06-05). Maheish Girri attributes East Delhi LS seat win to BJP, Narendra Modi. Zee News

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীৰাজনীতিবিদভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেইশ গিৰি” প্ৰবন্ধৰ সংশোধন ৬১৪৬৭৩ (২৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।