শ্ৰীলংকাৰ অভিনেত্ৰী
২৮ প্ৰবন্ধ
-
জেকলিন ফাৰ্ণাণ্ডীজ
জেকলিন জিনেভিভ ফাৰ্ণাণ্ডীজ (সিংহল: ஜாக்குலின் பெர்னாண்டஸ் (জাক্কুলিন়্ পেৰ্ন়াণ্টস্), জন্ম: ১১ আগষ্ট ১৯৮৫) এগৰাকী ভাৰত-ভিত্তিক শ্ৰীলংকান অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰত, বিশেষকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে, লগতে বিভিন্ন বাস্তৱ অনুষ্ঠান আৰু সংগীত ভিডিঅ’তো অংশগ্ৰহণ কৰিছে।
-
অনাৰকলী আকৰ্ষা
অনাৰকলী আকৰ্ষা (সিংহলী: අනර්කලී ආකර්ෂා; জন্ম: ১২ জুলাই ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল, প্ৰাক্তন ৰাজনীতিবিদ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৪ চনত মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৪ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল।
-
অৰুণী ৰাজপক্ষ
অৰুণী ৰাজপক্ষ (Aruni Rajapaksha) হৈছে শ্ৰীলংকাৰ এগৰাকী মডেল, অভিনেত্ৰী, টিভি আয়োজক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
ইউৰেনি নোশিকা
ইউৰেনি নোশিকা গুণশেখৰা (জন্ম: ২৯ জানুৱাৰী ১৯৮৪) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ আৰু টেলিভিছনৰ অভিনেত্ৰীৰ লগতে এগৰাকী গায়িকা আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব। মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ বাবে মিছ শ্ৰীলংকা খিতাপ জয় কৰি নোশিকাৰ কেৰিয়াৰ আৰম্ভ হৈছিল আৰু টেলিভিছন তথা চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ বিজ্ঞাপন…
-
কাচুনী কাৱিন্দী
কাচুনী কাৱিন্দী ফাৰ্নাণ্ডো, যি জনপ্ৰিয়ভাৱে কাচুনী কাৱিন্দী (ইংৰাজী: Kasuni Kavindi) নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান অভিনেত্ৰী যিয়ে মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰে।
-
কাঞ্চনা মেণ্ডিছ
কাঞ্চনা মেণ্ডিছ (জন্ম: ২৪ জুন ১৯৮০) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেওঁ মূলতঃ ৰাজ্য সেৱায় পিণিছাই, ৰোজা বসন্তে আদি বোলছবি আৰু দামিনী তথা চাকমান মালুৱা আদি ধাৰাবাহিকৰ চৰিত্ৰৰ বাবে পৰিচিত।
-
চুলাক্ষী ৰাণাতুংগা
চুলাক্ষী সৌভাগ্য ৰাণাতুংগা (সিংহলী: චූලක්ෂි සෞභාග්යා රණතුංග) (জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ শ্ৰীলংকা খিতাপৰ বিজয়ী আছিল।
-
চেতনা কেটগোডা
চেতনা কেটগোডা (জন্ম: ৪ আগষ্ট ১৯৯২), সম্পূৰ্ণ নাম কেটগোডাগে ডোনা ৰন্মিনী চেতনা কেটগোডা, শ্ৰীলংকান টেলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু কণ্ঠ শিল্পী। ১৮ বছৰ জোৰা কেৰিয়াৰৰ সৈতে শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় কণ্ঠ শিল্পী হিচাপে তেওঁ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ধাৰাবাহিকত নিজৰ কণ্ঠদান কৰিছে।
-
তিচুৰী যুৱনিকা
তিষুৰী যুৱনিকা (জন্ম: তিষুৰী যুৱনিকা মাদ্দুমা লিয়ানাগে; ৬ মাৰ্চ ১৯৯১) শ্ৰীলংকাৰ চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী শ্ৰীলংকান অভিনেত্ৰী। ১৯৯৪ চনত শিশু অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰা যুৱনিকাই কেইবাটাও বঁটা প্ৰদান অনুষ্ঠানত কেইবাবাৰো শ্ৰেষ্ঠ উদীয়মান টেলিড্ৰামা অভিনেত্ৰী আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ…
-
দিনক্ষী প্ৰিয়সাদ
বামিনাহেন্নাডিগে দিনক্ষী প্ৰিয়সাদ (জন্ম: ১৮ মাৰ্চ ১৯৯০) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু টেলিভিছন ঘোষিকা। প্ৰিয়সাদে মাত্ৰ দুবছৰ বয়সতে তেওঁৰ পিতৃ দিনেশ প্ৰিয়সাদৰ নিৰ্দেশনাত নিৰ্মিত অপায়ে থাথপাৰা ৮৪,০০০ বোলছবিৰ জৰিয়তে অভিনয়ত অভিষেক ঘটাইছিল।
-
দেৱিকা মিহিৰাণী
নাউলাগে দেৱিকা মিহিৰাণী পেৰেৰা (সিংহল: දේවිකා මිහිරානි), যি জনপ্ৰিয়ভাৱে দেৱিকা মিহিৰাণী নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। শ্ৰীলংকাৰ টেলিড্ৰামা ইতিহাসৰ প্ৰথমগৰাকী টিভি অভিনেত্ৰী হোৱাৰ গৌৰৱ তেওঁৰ আছে।
-
নেথমী ৰোচেল
নেথমী নিষেকা ৰোচেল ৰজাৰ্ছ (ইংৰাজী: Nethmi Nisheka Roshel Rogers; জন্ম: ৬ নৱেম্বৰ ১৯৯৮), জনপ্ৰিয়ভাৱে নেথমী ৰোচেল নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু মডেল।
-
বিদুষী উত্তৰা
দাবাৰে লিয়ানাগে বিদুষী উত্তৰা (জন্ম: ২৯ নৱেম্বৰ ১৯৯১), যিগৰাকী জনপ্ৰিয়ভাৱে বিদুষী উত্তৰা নামেৰে পৰিচিত, শ্ৰীলংকাৰ টেলিভিছন আৰু থিয়েটাৰৰ এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী মডেল আৰু কণ্ঠ শিল্পী।
-
বিশাখা চিৰিৱৰ্ধনা
মুক্তগৰা অধিকাৰী মুইদিয়ানচে ৰালাহামিনালাগে বিশাখা চিৰিৱৰ্ধনা (সিংহল: විශාඛා සිරිවර්ධන}}; ২৮ আগষ্ট ১৯৫৬ – ২৩ অক্টোবৰ ২০২১), যিগৰাকী বিশাখা চিৰিৱৰ্ধনা নামেৰে জনপ্ৰিয়, শ্ৰীলংকাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল।
-
মাধৱী ৱাৎসলা এন্থনী
কঙ্গানিগে মাধৱী ৱাৎসলা এন্থনী (জন্ম: ৬ আগষ্ট ১৯৮৮), যিগৰাকী জনপ্ৰিয়ভাৱে মাধৱী ৱাৎসলা নামেৰে পৰিচিত, শ্ৰীলংকান চিনেমাৰ এগৰাকী অভিনেত্ৰী। জনপ্ৰিয় দূৰদৰ্শন সংগীত অনুষ্ঠান 'হাপান পাদুৰা'ৰ জৰিয়তে শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা মাধৱীয়ে এগৰাকী গায়িকা, নৃত্যশিল্পী, মডেল আৰু দূৰদৰ্শন উপস্থাপিকা…
-
মিউৰী সমৰসিংহে
ৱিজয়ৰত্ন মিউৰী সমৰসিংহে (ইংৰাজী: Wijeratne Miyuri Samarasinghe; ১৫ মাৰ্চ ১৯৩৯ – ৬ ফেব্ৰুৱাৰী ২০২১), জনপ্ৰিয়ভাৱে মিউৰী সমৰসিংহে নামেৰে পৰিচিত, শ্ৰীলংকাৰ চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল। অভিনয়ৰ উপৰি তেওঁ নৃত্যশিল্পী, চিত্ৰনাট্যকাৰ, প্ৰযোজক আৰু পৰিচালক হিচাপেও কাম কৰিছিল।
-
মিচেল দিলহাৰা
হাথাৰাচিংঘেগে মিচেল দিলহাৰা (ইংৰাজী: Michelle Dilhara; জন্ম: ১ মে’ ১৯৯৬) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু পৰিৱেশ কৰ্মী। শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী দিলহাৰাই চুদু আন্দাগেনা কালু আৱিদিন টেলিভিছন ধাৰাবাহিকত আয়োমাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
যশোদা বিমলধৰ্ম
যশোদা বিমলধৰ্ম (යශෝධා විමලධර්ම) হৈছে শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ নাটক আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী। প্ৰায়ে "সৰু পৰ্দাৰ নিৰ্দোষী" বুলি অভিহিত বিমলধৰ্মই তিনি দশকৰো অধিক সময়ৰ কেৰিয়াৰত চিনেমা, টেলিভিছন আৰু থিয়েটাৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে।
-
লংকা বন্দৰনায়কে
লংকা বন্দৰনায়কে (ইংৰাজী: Lanka Bandaranayake, জন্ম: ২১ মে', ১৯৮২) হৈছে এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু থিয়েটাৰ শিল্পী, যিয়ে মূলতঃ শ্ৰীলংকাৰ চিনামাত কাম কৰে। ট্ৰেডিচন (২০১৬) নামৰ চুটি ছবিখনৰ বাবে তেওঁ পৰিচিত।
-
লিয়োনী কোতলাভলা
লিয়োনী আয়ুন্থা ৱীৰাচিংঘে (১৮ ছেপ্টেম্বৰ ১৯৪৪ – ১৯ জুন ২০২২), যি জনপ্ৰিয়ভাৱে লিয়োনী কোতলাভলা (ইংৰাজী: Leonie Kotalawala) নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল।
-
শলনী তাৰকা
গোনাকুম্বুৰা পাংগুকাৰগে শলনী তাৰকা বিজয়বন্ধৰা, যিগৰাকী জনপ্ৰিয়ভাৱে শলনী তাৰকা (জন্ম: ১৫ নৱেম্বৰ ১৯৯০) নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু মডেল। শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী তাৰকাই ২০০৭ চনত শ্ৰীলংকান সুন্দৰী প্ৰতিযোগিতা চিৰাচা কুমাৰীৰ খিতাপ অৰ্জন কৰিছিল।
-
সচিনি আয়েন্দ্ৰ ষ্টেনলি
সচিনি আয়েন্দ্ৰ ষ্টেনলি (সিংহলী: සචිනි අයේන්ද්රා ස්ටැන්ලි) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৩ চনত মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ খিতাপ জয় কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ সিংহলী চলচ্চিত্ৰ উদ্যোগত কাম কৰি আছে।
-
সুজাতা পৰমনাদন
সুজাতা চন্দ্ৰদাসা পৰমনাদন (জন্ম: ১৩ নৱেম্বৰ ১৯৩৭) শ্ৰীলংকাৰ এগৰাকী প্ৰাক্তন সৌন্দৰ্য ৰাণী আৰু শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ তথা দূৰদৰ্শনৰ অভিনেত্ৰী। তেওঁ ৰাজনীতিৰ সৈতে জড়িত হোৱা শ্ৰীলংকাৰ প্ৰথমগৰাকী অভিনেত্ৰী, যিয়ে ১৯৬০ চনত মাটালে জিলাৰ য়াটাৱাট্টা গাম সভা পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰিছিল।
-
সুৰেনী সেনাৰথ
সুৰেনী সেনাৰথ (১৭ জুন ১৯৫৯ – ২৬ মে' ২০২১) আছিল শ্ৰীলংকাৰ চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী।
-
হায়াচিন্থ ৱিজেৰত্নে
থ্ৰীৰিচ হায়াচিন্থ ৱিজেৰত্নে (৩ অক্টোবৰ ১৯৪৬ – ৩১ জুলাই ২০২১) শ্ৰীলংকান চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল। চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ কাৰুমাক্কাৰায়ো, তাৰকা মল আৰু হো গানা পুকুনাত কৰা বলিষ্ঠ অভিনয়ৰ বাবে পৰিচিত আছিল।
-
ৰমণী বৰ্থলোমিউজ
ৰমণী এলিজাবেথ বৰ্থলোমিউজ (সিংহলী: රමණි බර්තොලමියුස්; ১ ছেপ্টেম্বৰ ১৯৬৬ – ৩০ জুন ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল।
-
ৰুবী ডি মেল
ৰুবী জেচমিন ডি মেল (জন্ম: ৪ ডিচেম্বৰ ১৯১৭ – মৃত্যু: ৮ নৱেম্বৰ ২০০৪) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ চিৰিয়ালথা, কাৱাট আন্দেৰে, আৰু নলংগনা আদি বোলছবিৰ লগতে জনপ্ৰিয় ধাৰাবাহিক অম্বা য়াহালুৱোত আইতাকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
ৱিনু উদানী চিৰিৱৰ্ধনা
ৱিনু উদানী চিৰিৱৰ্ধনা (জন্ম: ১০ মাৰ্চ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু টেলিভিছন উপস্থাপিকা। ২০১২ চনত তেওঁ "দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু সুমুদু প্ৰসাদিনীৰ সৈতে যুটীয়াভাৱে 'দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২' খিতাপ অৰ্জন কৰিবলৈ সক্ষম…