তিষুৰী যুৱনিকা (জন্ম: তিষুৰী যুৱনিকা মাদ্দুমা লিয়ানাগে; ৬ মাৰ্চ ১৯৯১) শ্ৰীলংকাৰ চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী শ্ৰীলংকান অভিনেত্ৰী। ১৯৯৪ চনত শিশু অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰা যুৱনিকাই কেইবাটাও বঁটা প্ৰদান অনুষ্ঠানত কেইবাবাৰো শ্ৰেষ্ঠ উদীয়মান টেলিড্ৰামা অভিনেত্ৰী আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
যুৱনিকা সুসন্থা চন্দ্ৰমালী আৰু কুমাৰু লিয়ানাগেৰ একমাত্ৰ সন্তান।২ তেওঁৰ মাতৃ সুসন্থা চন্দ্ৰমালী শ্ৰীলংকাৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী আছিল আৰু তেওঁৰ অভিনয় জীৱন ২৫ বছৰতকৈও অধিক সময় ধৰি বিস্তৃত আছিল।৩৪
যুৱনিকাই নুগিগোগাৰ অনুলা বিদ্যালয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষালৈকে অধ্যয়ন কৰিছিল। তেওঁ কলা শাখাৰ বিষয় (ফৰাচী ভাষা, সিংহলী ভাষা আৰু তৰ্কশাস্ত্ৰ) লৈ উত্তীৰ্ণ হৈছিল।৫ ইয়াৰ পিছত তেওঁ ব্যৱসায় অধ্যয়নৰ ডিগ্ৰী ল’বলৈ আৰম্ভ কৰে যদিও বৰ্তমান অভিনয় জীৱনত গুৰুত্ব দিবলৈ সেই অধ্যয়ন স্থগিত ৰাখিছে। তেওঁ মেৰিন ইঞ্জিনিয়াৰ সুৰজ ৱিজেসিংহেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।৬
অভিনয় জীৱন
মাত্ৰ ৩ বছৰ বয়সতে পাঞ্চি কুমাৰীগে নাথালা (১৯৯৪) চিনেমাৰ জৰিয়তে মাতৃৰ সৈতে তিষুৰীয়ে অভিনয় জীৱন আৰম্ভ কৰিছিল।৭ ইয়াৰ পিছত তেওঁ সুদত দেৱপ্ৰিয়ৰ উদু গং যামায়া (২০০১) ছবিত অভিনয় কৰাৰ সুযোগ পায়।৮
স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ ধাৰাবাহিকত সক্ৰিয়ভাৱে অংশ ল’বলৈ আৰম্ভ কৰে। ২০১৩ চনত তেওঁক আভাচৰাই পিয়াবান্নাৰ বাবে শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়।৯ ইয়াৰ পিছত তেওঁ ৰুকমল নিৰোষৰ সুলংগা মাথা মোহোথকত অভিনয় কৰে, যিয়ে তেওঁক ব্যাপক দৰ্শকৰ মাজত চিনাকি কৰি দিয়ে।১০ ধাৰাবাহিকখনত তেওঁ 'চাৰুলতা' চৰিত্ৰত অভিনয় কৰিছিল আৰু মাত্ৰ ২৪ বছৰ বয়সতে ২০১৫ চনৰ সুমাথি বঁটাত তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।১১
বঁটাসমূহ
- ২০১৩ চনৰ সুমাথি বঁটাত শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰী
- ২০১৪ চনৰ ৰাষ্ট্ৰীয় বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী
- ২০১৫ চনৰ সুমাথি বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী
- ২০১৯ চনৰ সুমাথি বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Interview with Susantha Family সুসন্থা, তিষুৰীৰ বিষয়ে এটা ৰহস্য উন্মোচন কৰে. Sarasaviya
- ↑ Happy soul. Daily News
- ↑ Chat With Susantha Chandramali and Thisuri Yuwanika
- ↑ Happy soul. Daily News
- ↑ srilankaactress. I am shy to act in front mother · Thisuri Yuwanika · Sri Lankan Celebrity Gossip News. gossips.srilankaactress.info
- ↑ Thisuri talks about her partner. rasagossip
- ↑ Thisuri Yuwanika. IMDb
- ↑ Thisuri Yuwanika. IMDb
- ↑ Sumathi Awards. sumathiawards.lk
- ↑ Sumathi Awards. sumathiawards.lk
- ↑ Sumathi Awards. sumathiawards.lk
- ↑ Sumathi Awards. sumathiawards.lk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিচুৰী যুৱনিকা” প্ৰবন্ধৰ সংশোধন ৬০৪১৩৬ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।