অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাঞ্চনা মেণ্ডিছ

কাঞ্চনা মেণ্ডিছ (জন্ম: ২৪ জুন ১৯৮০) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেওঁ মূলতঃ ৰাজ্য সেৱায় পিণিছাই, ৰোজা বসন্তে আদি বোলছবি আৰু দামিনী তথা চাকমান মালুৱা আদি ধাৰাবাহিকৰ চৰিত্ৰৰ বাবে পৰিচিত।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কাঞ্চনা মেণ্ডিছ (জন্ম: ২৪ জুন ১৯৮০) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেওঁ মূলতঃ ৰাজ্য সেৱায় পিণিছাই, ৰোজা বসন্তে আদি বোলছবি আৰু দামিনী তথা চাকমান মালুৱা আদি ধাৰাবাহিকৰ চৰিত্ৰৰ বাবে পৰিচিত।১

ব্যক্তিগত জীৱন

কাঞ্চনাৰ মাত্ৰ দুবছৰ বয়সতে তেওঁৰ পিতৃৰ বিয়োগ ঘটে।২ ২০০৯ চনত তেওঁ ৰোচন ৰাণাৱাকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৩ এই দম্পতীটিৰ দুজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছে। বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে যুক্তৰাজ্যত বাস কৰে।৪

কেৰিয়াৰ

১৯৯৮ চনত নিঞ্জা মহ মহ খেদা কয়েলৰ (Ninja Mosquito Coil) বিজ্ঞাপনটোৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে। ১২ বছৰ বয়সতে ধৰ্মসেনা পথিৰাজাৰ নিৰ্দেশনাত নিৰ্মিত সুবা অনাগাথয়াক ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল।৫ ২০০০ চনত উদয়কান্ত ৱৰ্ণাসূৰ্যৰ নিৰ্দেশনাত নিৰ্মিত ৰাজ্য সেৱায় পিণিছাই বোলছবিৰ জৰিয়তে তেওঁ মূলসুঁতিৰ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ইয়াৰ উপৰিও তেওঁ বৰ্ণজালম নামৰ এখন তামিল ছবিৰ লগতে কনগলল কাই ৰাছি নামৰ ছবিতো অভিনয় কৰিছে।২ তেওঁ ধৰ্ম সংগ্ৰাময়া আৰু অনঙ্গ বাম্বাৰু আদি কেইখনমান মঞ্চ নাটকো কৰিছে।৬

২০০৩ চনত শ্ৰীলংকাৰ নেচনেল লটাৰী বোৰ্ডৰ ৪০ বছৰীয়া জয়ন্তীৰ বিশেষ লটাৰী টিকটৰ বাবে তেওঁক 'ব্ৰেণ্ড এম্বেচেডৰ' হিচাপে বাছনি কৰা হয়। একে বছৰতে তেওঁ আৰ্টস্কোপত আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীৰ সুমথি টেলি বঁটা (Sumathi Tele award) লাভ কৰে।

নিৰ্বাচিত টেলিভিছন ধাৰাবাহিকসমূহ

  • অকৰদৰুৱা
  • অম্বু দৰুৱা৬
  • আপুৰু সোলাদাদুগুৱা
  • আত্ম সেনেহাচা
  • ভাৰ্যাৱো
  • বিন্দেনা বন্দুমা
  • বোপাথ চাক্কিয়া
  • দহাচ গৌদুৰা
  • দামিনী
  • দাথ কেকুলু পালা
  • দেৰাণা
  • দেয়িংগে কামাথথা
  • ডু দৰুৱা
  • ফেণ্টাছী এভিনিউ
  • গিৰিকুলা
  • গুৰু গীতায়া
  • হেমান্থায়ে বসন্তয়াক
  • ইন্দ্ৰচাপা
  • ইচুৰুয়োগয়া
  • কিন্দুৰু নদীয়া
  • কুলাৱান্থায়ো
  • মহাগেদাৰা
  • মহাতালা হাতানা
  • মকৰন্দ
  • মল ইথানা
  • মায়া মানচালা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sakman Maluwa: An allegorical garden. Sunday Observer
  2. ↑ Kanchana: A new star is born. Daily News
  3. ↑ This life is not easy - Kanchana Mendis. Hiru FM
  4. ↑ It was only after three years that I came back to Sri Lanka - Kanchana Mendis. rajagossip
  5. ↑ Famous Actresses - Kanchana Mendis. The Island
  6. ↑ Dancer turned actress. infolanka

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঞ্চনা মেণ্ডিছ” প্ৰবন্ধৰ সংশোধন ৬০২০৬৩ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।