দাবাৰে লিয়ানাগে বিদুষী উত্তৰা (জন্ম: ২৯ নৱেম্বৰ ১৯৯১), যিগৰাকী জনপ্ৰিয়ভাৱে বিদুষী উত্তৰা নামেৰে পৰিচিত, শ্ৰীলংকাৰ টেলিভিছন আৰু থিয়েটাৰৰ এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী মডেল আৰু কণ্ঠ শিল্পী।১ শিশু টেলিভিছন উপস্থাপিকা হিচাপে কেৰিয়াৰ আৰম্ভ কৰা বিদুষীয়ে পৰৱৰ্তী সময়ত দেৱেনী ইনিমা, ৰাজযোগায়া, লানচুপাথিনিও আৰু কুসুমাসনা দেৱী আদি ধাৰাবাহিকৰ জৰিয়তে টেলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈ পৰে।২
ব্যক্তিগত জীৱন
১৯৯১ চনৰ ২৯ নৱেম্বৰত কলম্বোৰ ৰাজগিৰিয়াত পৰিয়ালটোৰ দ্বিতীয়টো সন্তান হিচাপে তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বিপুল অৰিয়াতিলাকা লিয়ানাগে এজন মেকানিক আৰু তেওঁৰ 'বিপুল এণ্টাৰপ্ৰাইজ' নামৰ নিজা ব্যৱসায় আছে। তেওঁৰ মাতৃ কুমাৰী দীপিকা ধৰ্মপালা এগৰাকী গৃহিনী। বিদুষীৰ এগৰাকী ডাঙৰ ভগ্নী দিলিনী ৰংগনা এগৰাকী সাংবাদিক আৰু সম্পাদিকা। তেওঁৰ আইতাক প্ৰিস্কিলা ওপথা গ্ৰামফোন যুগৰ এগৰাকী প্ৰখ্যাত গায়িকা আছিল, যিগৰাকী কিংচলে জয়শেখৰৰ সৈতে গোৱা "মোনাৱাদা আম্মে আকুৰু জাতিয়াক" গীতটোৰ বাবে অতি জনপ্ৰিয় হৈ পৰিছিল।৩৪
বিদুষীয়ে প্ৰথমতে কলম্বোৰ সংগমিত্তা বালিকা বিদ্যালয়ত শিক্ষা আৰম্ভ কৰে আৰু পিছলৈ কলম্বোৰ গৌতমি বালিকা বিদ্যালয়ত অধ্যয়ন কৰে।২ ইয়াৰ পিছত ২০১২ চনত তেওঁ কলম্বোৰ নেচনেল জেম এণ্ড জুৱেলেৰী অথৰিটিৰ পৰা ডিগ্ৰী লাভ কৰে।১ অভিনয় জীৱন আৰম্ভ কৰাৰ আগতে তেওঁ ২০১২ চনৰ পৰা ২০১৩ চনলৈ আমিনৰা কালেকচনত গহনা ডিজাইনাৰ হিচাপে কাম কৰিছিল।৫
তেওঁৰ পেহী কুসুম ৰেনু চাৰিটা দশক জুৰি চিনেমা, টেলিভিছন আৰু থিয়েটাৰত সক্ৰিয় এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।৬ কুসুম ৰেনুৱে নাট্যকাৰ শ্ৰীয়ান্থা মেণ্ডিছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। শ্ৰীয়ান্থা মেণ্ডিছে ১৯৭৯ চনৰ পৰাই থিয়েটাৰ, টেলিভিছন আৰু চিনেমা জগতত আধিপত্য বিস্তাৰ কৰি আহিছে আৰু কেইবাটাও বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।৭
তেওঁ লখনাথ প্ৰশান্ত ৰাজশিৰিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০১৩ চনৰ ২৪ অক্টোবৰত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।
বাহ্যিক সংযোগ
- Vidhushi Liyanage on ফেইচবুক
- Vidhushi Uththara on ইনষ্টাগ্ৰাম
- YouTube pages
- If it suits me, I will take it from Pettah and use it - Vidushi
- No leeches?
- What's in the bag
তথ্যসূত্ৰ
- ↑ I am not trying to make a name for myself: Vidushi Uttara, Dona Katharina on the small screen. Sarasaviya
- ↑ I am not trying to make a name for myself by kinship: Vidhushi Uththara. 9lanka
- ↑ The Queen of Songs, who has been singing for seven decades, left us. Deshaya
- ↑ Sri Lanka's first color Sinhala film Gambada Sundari'. Lankadeepa
- ↑ Yes . I am proud - Vidhushi Uththara. vinsaara
- ↑ My husband is a very free man – Kusum Renu. Navaliya
- ↑ Sriyantha: the actor for all seasons. Daily Mirror
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদুষী উত্তৰা” প্ৰবন্ধৰ সংশোধন ৬১০২১১ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।