অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱিকা মিহিৰাণী

নাউলাগে দেৱিকা মিহিৰাণী পেৰেৰা (সিংহল: දේවිකා මිහිරානි), যি জনপ্ৰিয়ভাৱে দেৱিকা মিহিৰাণী নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। শ্ৰীলংকাৰ টেলিড্ৰামা ইতিহাসৰ প্ৰথমগৰাকী টিভি অভিনেত্ৰী হোৱাৰ গৌৰৱ তেওঁৰ আছে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নাউলাগে দেৱিকা মিহিৰাণী পেৰেৰা (সিংহল ভাষা: දේවිකා මිහිරානි), যি জনপ্ৰিয়ভাৱে দেৱিকা মিহিৰাণী নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী।১ শ্ৰীলংকাৰ টেলিড্ৰামা ইতিহাসৰ প্ৰথমগৰাকী টিভি অভিনেত্ৰী হোৱাৰ গৌৰৱ তেওঁৰ আছে।২৩

ব্যক্তিগত জীৱন

২১ মাৰ্চত এটি আঠজনীয়া ভাই-ভনীৰ পৰিয়ালৰ তৃতীয়টো সন্তান হিচাপে তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নাউলাগে উইলিয়াম পেৰেৰা এজন জকী আৰু পৰিচালক আছিল। মাতৃ কুসুম পেৰেৰা এগৰাকী গৃহিণী আছিল; ২০১৭ চনত মাতৃৰ মৃত্যু হয়। মিহিৰাণীয়ে নুগোৰিগোডাৰ অনুলা বিদ্যালয়ৰ পৰা শিক্ষা সম্পূৰ্ণ কৰে।৪ দেৱিকাৰ ভগ্নী শ্ৰীয়ানী পেৰেৰা অভিনেতা লাল কুলাৰত্নেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁ দয়া নেল্লামপিটিয়া আৰু পিছলৈ সোমদাসা নিথাভেলাৰ তত্ত্বাৱধানত কান্দিয়ান নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল।৫

তেওঁ জনপ্ৰিয় অভিনেতা তথা নাট্যকাৰ বিজয়া নন্দাসিৰিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।৬ তেওঁলোকৰ প্ৰথম সাক্ষাৎ হৈছিল সুদৰ্শী দৃশ্য কলা কেন্দ্ৰত। নন্দাসিৰিয়েই ১৯৭৪ চনত মিহিৰাণীক সুভা সহ যসা নামৰ নাটকখনৰ বাবে আমন্ত্ৰণ জনাইছিল।৭ ১৯৮৯ চনত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। ২০১৬ চনৰ ৮ আগষ্টত হৃদৰোগত আক্ৰান্ত হৈ ৬৯ বছৰ বয়সত নন্দাসিৰিৰ মৃত্যু হয়।৮

এই দম্পতীটিৰ নৱঞ্জনা দুলাঞ্জলী নামৰ এগৰাকী কন্যা আৰু ৰসাঞ্জনা সুচিত্ৰা নামৰ এজন পুত্ৰ সন্তান আছে।৪ নৱঞ্জনাৰ জন্ম ১৯৮৯ চনত হৈছিল আৰু তেওঁ বিশাখা বিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ বৰ্তমান অষ্ট্ৰেলিয়াত বাস কৰে।৯ পুত্ৰ ৰসাঞ্জনাৰ জন্ম ১৯৯৪ চনত হৈছিল আৰু তেওঁ কলম্বোৰ ৰয়েল কলেজৰ প্ৰাক্তন ছাত্ৰ।৫ পিতৃৰ মৃত্যুৰ পিছত ৰসাঞ্জনাও কেইবাখনো মঞ্চ নাটক আৰু বিজ্ঞাপনত অভিনয় কৰি পিতৃৰ উত্তৰাধিকাৰ আগবঢ়াই লৈ গৈছে।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Devika Mihirani films. Sinhala Cinema Database
  2. ↑ The memory of veteran actor Vijaya Nandasiri wakes up again. lankahitgossip
  3. ↑ Veteran actress Devika Mihirani. Silumina
  4. ↑ Devika Mihirani: The unconquerable actress. Daily Mirror
  5. ↑ Her face was her fortune. Sunday Observer
  6. ↑ (2004). Which way year 2004 ?. Sunday Observer
  7. ↑ Its 30 years for our love. Sarasaviya
  8. ↑ Vijaya Nandasiri passes away - නොකියාම ගියේ ඔබ නොගොස් බැරි නිසාමද?. Sarasaviya
  9. ↑ Story related in the company of wife Devika by Wijaya Nandasiri who left us. Gossip Lanka News
  10. ↑ Rasanjana on Stage on behalf of Vijaya. Sarasaviya

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱিকা মিহিৰাণী” প্ৰবন্ধৰ সংশোধন ৬৩৫৪১৮ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।