অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুবী ডি মেল

ৰুবী জেচমিন ডি মেল (জন্ম: ৪ ডিচেম্বৰ ১৯১৭ – মৃত্যু: ৮ নৱেম্বৰ ২০০৪) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ চিৰিয়ালথা, কাৱাট আন্দেৰে, আৰু নলংগনা আদি বোলছবিৰ লগতে জনপ্ৰিয় ধাৰাবাহিক অম্বা য়াহালুৱোত আইতাকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।

হালনাগাদ: ১৩ মে’ ২০২৬ ৩১৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰুবী জেচমিন ডি মেল (জন্ম: ৪ ডিচেম্বৰ ১৯১৭ – মৃত্যু: ৮ নৱেম্বৰ ২০০৪) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল।১ তেওঁ মূলতঃ চিৰিয়ালথা, কাৱাট আন্দেৰে, আৰু নলংগনা আদি বোলছবিৰ লগতে জনপ্ৰিয় ধাৰাবাহিক অম্বা য়াহালুৱোত আইতাকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। ২০০৪ চনৰ ৮ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।

ব্যক্তিগত জীৱন

ডি মেলৰ জন্ম হৈছিল মৰাটুৱাৰ কাল্ডেমুল্লা অঞ্চলৰ এটি ইংৰাজ সংস্কৃতিপ্ৰিয় সিংহলী পৰিয়ালত। তেওঁ ১২ জন ভাই-ভনীৰ ভিতৰত আটাইতকৈ সৰু আছিল। তেওঁৰ পিতৃ আছিল জেমছ পেৰেৰা আৰু মাতৃ মেৰী লিয়োনোৰা। তেওঁ মৰাটুৱাৰ প্ৰিন্সেছ অফ ৱেলছ কলেজ আৰু নেগোম্বোৰ নিউষ্টেড গাৰ্লছ কলেজত অধ্যয়ন কৰিছিল। তেওঁ ৰেডিঅ’ চিলনৰ আৰম্ভণিৰ পৰাই এগৰাকী ঘোষিকা হিচাপে কাম কৰিছিল।২ তেওঁ ১৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ২৭ বছৰ বয়সত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৩

অভিনয় জীৱন

টি. বি. ইলংগাৰত্নেৰ নিৰ্দেশনাত নিৰ্মিত মঞ্চ নাটক হাণ্ডাহানাত এটা চৰিত্ৰৰ জৰিয়তে ডি মেলে অভিনয় জীৱনৰ পাতনি মেলে। এই অভিনয়ে অগ্ৰণী নাট্যকাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা বি. এ. ডব্লিউ. জয়মান্নেৰ দৃষ্টি আকৰ্ষণ কৰে, যিয়ে তেওঁক ভাৰতত শ্বুটিং হ’বলগীয়া ছবি মথাবেদায়া (১৯৫৫)ত এটা চৰিত্ৰত অভিনয় কৰিবলৈ কয়। পৰিয়ালৰ পৰা অনুমতি নাপাব পাৰে বুলি বন্ধুৰ সৈতে ছুটি কটাবলৈ যোৱাৰ অজুহাত দেখুৱাই তেওঁ ভাৰতলৈ যায় আৰু 'বিনোদা ৰসাঞ্জলী' ছদ্মনাম ব্যৱহাৰ কৰি চিনেমা জগতত অভিষেক ঘটায়। অৱশ্যে প্ৰথম কেইখনমান ছবিৰ পিছত তেওঁ নিজৰ আচল নামলৈ উভতি আহে।২

পৰৱৰ্তী সময়ত তেওঁ পেৰাকাডোৰু বানা (১৯৫৫), দৈৱ বিপাকয়া (১৯৫৬), সূৰ্য, চিৰিয়ালথা, সূৰসেনা (১৯৫৭), কাৱাট আন্দেৰে, নলংগনা (১৯৬০), চাণ্ডালি (১৯৬৪), হাণ্ডাপানা (১৯৬৫), বমবৰু আৱিথ (১৯৭৮), আৰু অৱতাই প্ৰিয়ে আদৰে (১৯৮৭) আদি ছবিত অভিনয় কৰে।২ তেওঁ ১৯৮৪ চনৰ হলিউড ছবি ইণ্ডিয়ানা জোনছ এণ্ড দ্য টেম্পল অফ ডুমত গাঁওবাসীৰ চৰিত্ৰত অভিনয় কৰা শ্ৰীলংকাৰ অভিনেতাসকলৰ ভিতৰত এগৰাকী আছিল।

১৯৬৭ চনত ডি মেলে পিপেনে কুমুদু বোলছবিৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৮০-ৰ দশকত তেওঁ পিনমাদা পুথুন, ৰংকাহাৱুনু আৰু অম্বা য়াহালুৱো আদি টেলিভিছন ধাৰাবাহিকত অভিনয় কৰি দূৰদৰ্শন জগতত প্ৰৱেশ কৰে।২

জীৱনৰ শেষৰ ফালে ডি মেলে মৰাটুৱাত থকা তেওঁৰ ঘৰটো বিশেষভাৱে সক্ষম শিশুৰ কেন্দ্ৰ হিচাপে দান কৰে আৰু নিজে ৰাজাগিৰিয়াৰ বৃদ্ধাশ্ৰমলৈ গুচি যায়। ২০০৪ চনৰ ৮ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ruby De Mel - රූබි ද මැල් films. Sinhala Cinema Database
  2. ↑ Uvais, Ramesh. (November 8, 2005). Remembering Sinhala Cinema's Ruby. Daily Mirror
  3. ↑ Women that taught Sinhala to Spielberg - Ruby De Mel. Sinhala Cinema Database

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুবী ডি মেল” প্ৰবন্ধৰ সংশোধন ৬০৬১৪৬ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।