অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিচেল দিলহাৰা

হাথাৰাচিংঘেগে মিচেল দিলহাৰা (ইংৰাজী: Michelle Dilhara; জন্ম: ১ মে’ ১৯৯৬) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু পৰিৱেশ কৰ্মী। শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী দিলহাৰাই চুদু আন্দাগেনা কালু আৱিদিন টেলিভিছন ধাৰাবাহিকত আয়োমাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।

হালনাগাদ: ৩১ মে’ ২০২৬ ২৭৫ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

হাথাৰাচিংঘেগে মিচেল দিলহাৰা (ইংৰাজী ভাষা: Michelle Dilhara; জন্ম: ১ মে’ ১৯৯৬) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু পৰিৱেশ কৰ্মী।১২ শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী দিলহাৰাই চুদু আন্দাগেনা কালু আৱিদিন টেলিভিছন ধাৰাবাহিকত আয়োমাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।৩৪ অভিনয়ৰ উপৰিও তেওঁ বিভিন্ন জনহিতকৰ কাম-কাজৰ সৈতে জড়িত হোৱাৰ লগতে এগৰাকী সমাজকৰ্মী আৰু লেখিকা।৫

২০১৯ চনত দিলহাৰাই তেওঁৰ গ্ৰন্থ ছচিয়েল ইনভিজিবিলিটি ইজ নট এ ফিকচন, ইট এগজিষ্ট আৰু তেওঁৰ "Theory of Alternative Social Cogwheel"-ৰ বাবে ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত বিশ্ব যুৱ সন্মিলনত নেচনেল ইউথ আইকন বঁটা লাভ কৰে।৬ ২০২০ চনত দিলহাৰাই সমালোচকৰ দ্বাৰা প্ৰশংসিত ধাৰাবাহিক চুদু আন্দাগেনা কালু আৱিদিনত কৰা অভিনয়ৰ বাবে ৰাইগাম টেলিছ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰীৰ বঁটা লাভ কৰে।৭ একেটা চৰিত্ৰৰ বাবে তেওঁ ২০১৯ চনৰ সুমথি বঁটাত শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ লগতে ২০২১ চনত ১৫ সংখ্যক শ্ৰীলংকাৰ টেলিভিছন ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে।৮

২০২০ চনত দিলহাৰাই কেন ইউ হিয়াৰ মি টেলিভিছন ধাৰাবাহিকত মহিমী চৰিত্ৰৰ বাবে ২৬ সংখ্যক সুমথি বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হৈছিল। ২০২১ চনত তেওঁ পৰ্ক ৱিডিয়া টেলিভিছন ধাৰাবাহিকখনৰ বাবে ৰাইগাম টেলিছ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ সহ-অভিনেত্ৰী হিচাপে মনোনীত হয় আৰু তাৰ পিছত পদু ছিজন ২ ধাৰাবাহিকখনৰ বাবে সুমথি বঁটাত শ্ৰেষ্ঠ সহ-অভিনেত্ৰী হিচাপে মনোনীত হয়। ২০২২ চনত তেওঁ পুনৰ এবাৰ লোকা ধাৰাবাহিকখনৰ বাবে ৰাইগাম টেলিছত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনীত হয়। ২০২৪ চনত তেওঁ লাই লিলাই লাই টেলিভিছন ধাৰাবাহিকখনৰ বাবে পপুলৰ বঁটাত মোষ্ট পপুলৰ টেলিড্ৰামা এক্ট্ৰেছ অফ দ্য ইউথ বঁটা লাভ কৰে।৯

বৰ্তমান তেওঁ শ্ৰীলংকাৰ বাবে আৰ্থ ডে নেটৱৰ্কৰ এম্বেচেডৰ হিচাপে নিজৰ দায়িত্ব পালন কৰি আছে।১০ ইয়াৰ উপৰিও তেওঁ নেট জিৰ’ আৰু কাৰ্বন নিৰপেক্ষতাৰ সমৰ্থক তথা প্ৰসাৰক। তেওঁ কোৰিয়ান ৰাষ্ট্ৰদূত চন্থুথ ৱুনজিন জেঅঙৰ সৈতে সহযোগিতা কৰি বহনক্ষম উন্নয়ন লক্ষ্য ১৩, অৰ্থাৎ শ্ৰীলংকাস্থিত কোৰিয়ান দূতাবাসৰ ভিতৰত নেট জিৰ’ পদক্ষেপ ৰূপায়ণৰ বাবে এক পৰিকাঠামো সৃষ্টি কৰিছিল।১১১২১৩

তথ্যসূত্ৰ

  1. ↑ (25 April 2019). Actress Michelle dilhara. Sarasaviya
  2. ↑ (25 April 2020). Actress Michelle Dilhara films. IMDb
  3. ↑ (6 January 2018). I like to become a Film Actress. Silumina
  4. ↑ Chose me for a non-dialogue main character Michelle Dilhara. sarasaviya
  5. ↑ (20 April 2019). A request letter that Michelle received. Silumina
  6. ↑ (8 May 2019). My life is also like Arthur Fleck's in Joker Film. Deshaya
  7. ↑ (11 October 2020). Michelle Dilhara: A many faceted gem. Sunday Observer
  8. ↑ (31 March 2021). 'Veeraya Gedara Awaith' won big at Sumathi Awards 2020. Sarasaviya
  9. ↑ (13 March 2025). Michelle Dilhara, sharp as a tack, smart as a whip. Sunday Observer
  10. ↑ (6 June 2020). Actress Michelle Dilhara Becomes 'Earth Day Network' Ambassador for Sri Lanka. Sunday Observer
  11. ↑ Korean ambassador Santhush Woonjin Jeong joined hands with Earth Day network ambassador Michelle Dilhara for a green initiative.. www.wtnzfox43.com
  12. ↑ Go Green Embassy Initiative 상세보기 · Embassy Notice Embassy of the Republic of Korea in the Democratic Socialist Republic of Sri Lanka. overseas.mofa.go.kr
  13. ↑ Times, Pawtucket. Korean ambassador Santhush Woonjin Jeong joined hands with Earth Day network ambassador Michelle Dilhara for a green initiative.. Pawtucket Times

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচেল দিলহাৰা” প্ৰবন্ধৰ সংশোধন ৬১০৩৬৩ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।