গোনাকুম্বুৰা পাংগুকাৰগে শলনী তাৰকা বিজয়বন্ধৰা, যিগৰাকী জনপ্ৰিয়ভাৱে শলনী তাৰকা (জন্ম: ১৫ নৱেম্বৰ ১৯৯০) নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু মডেল।১ শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী তাৰকাই ২০০৭ চনত শ্ৰীলংকান সুন্দৰী প্ৰতিযোগিতা চিৰাচা কুমাৰীৰ খিতাপ অৰ্জন কৰিছিল।২ অভিনয়ৰ উপৰি তেওঁ এগৰাকী নৃত্যশিল্পী, গীতিকাৰ আৰু লেখিকা।
ব্যক্তিগত জীৱন
শলনী তাৰকাৰ জন্ম ১৯৯০ চনৰ ১৫ নৱেম্বৰত শ্ৰীলংকাৰ বালাগংগোডাত হৈছিল। তেওঁৰ মাতৃ সুৰাজী ফাৰ্নাণ্ডো সিংহলী চিনেমা আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী।৩ শলনীয়ে নেগাম্বোৰ নিউষ্টেড গাৰ্লছ কলেজৰপৰা শিক্ষা সম্পূৰ্ণ কৰিছিল।
২০২৩ চনৰ ১৮ আগষ্টত শলনীয়ে তেওঁৰ দীৰ্ঘদিনীয়া সংগী নিহাথা চালগাডোৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪
কেৰিয়াৰ
২০০৭ চনত সোতৰ বছৰ বয়সত তেওঁ চিৰাচা টিভিয়ে আয়োজন কৰা সুন্দৰী প্ৰতিযোগিতা চিৰাচা কুমাৰীত বিজয়ী হয় আৰু ইয়াৰ জৰিয়তে তেওঁ মূলসুঁতিৰ জনপ্ৰিয়তা লাভ কৰে। তেওঁৰ প্ৰথম অভিনয় আছিল শেৰ্লি পি ডেলংকৱালাৰদ্বাৰা পৰিচালিত টেলিভিছন ধাৰাবাহিক পূজাসনয়। এই ধাৰাবাহিকখনত তেওঁ সুৰজ মাপাৰ বিপৰীতে অভিনয় কৰিছিল। পিছলৈ তেওঁ ইচুৰু বাৱানা, হান্সি, গিৰিদেৱী, অপি অপি ৱেজ (I আৰু II), গংগা আড্ডাৰা আৰু চন্দা চন্দা ৱেজ আদি বহুতো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰে।৫৬
টেলিড্ৰামাৰ উপৰি তেওঁ হিৰো হোণ্ডা, ৰাইনো৭ আৰু জেনেটৰ টিভি বিজ্ঞাপনতো অৰিহণা যোগাইছে। তেওঁ প্ৰিনিয়ানৰ অয়া দেশে, ডি এন এছৰ মাতা অয়া, চাফিৰ ৱাস্তুৱে আদি সংগীত ভিডিঅ’তো অভিনয় কৰিছে।
২০১২ চনত তাৰকাই চেলভাম ছবিৰ জৰিয়তে চিনেমা জগতত আত্মপ্ৰকাশ কৰে। তেওঁ ইয়াত "মেধৱী" চৰিত্ৰত অভিনয় কৰিছিল।৮ পিছলৈ তেওঁ হৰৰ ছবি স্পন্দনাত মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁ চিৰাচা ডান্সিং ষ্টাৰছৰ দ্বিতীয় ছিজনৰ লগতে হিৰু ছুপাৰ ডান্সাৰতো প্ৰতিদ্বন্দ্বিতা কৰিছিল।৯
২০২০ চনৰ ১৯ ছেপ্টেম্বৰত ১৬সংখ্যক ৰাইগাম টেলিজ অনুষ্ঠানত তেওঁক শ্ৰেষ্ঠ টেলিড্ৰামা অভিনেত্ৰী আৰু আটাইতকৈ জনপ্ৰিয় টেলিড্ৰামা অভিনেত্ৰী — দুয়োটা বঁটা প্ৰদান কৰা হয়। যোৱা ২৪ বছৰত এয়া প্ৰথমবাৰৰ বাবে ঘটিছিল যে এগৰাকী অভিনেত্ৰীয়ে একেলগে দুয়োটা বঁটা লাভ কৰিছিল।১০ ২০২১ চনত তেওঁ আন বহুতো শ্ৰীলংকান চেলিব্ৰিটিৰ সৈতে ৰাফেল্লা ফাৰ্নাণ্ডো চেলিব্ৰিটি কেলেণ্ডাৰত স্থান লাভ কৰে, যাক এজন ব্যক্তিৰ বাবে অন্যতম উচ্চ অসামৰিক সন্মান হিচাপে গণ্য কৰা হয়।১১
বাহ্যিক সংযোগ
- ශලනි තාරකා මනාලියක් වෙයි
- Interview with Shalani
- ශලනි, මෙගා තහංචිය පැත්තකින් තියලා
- Prostitutes became Actresses is the problem
- I can’t Live without Love
- අමතක නොවන සුබ පැතුමක්
তথ্যসূত্ৰ
- ↑ Shalani Tharaka filmography. Digital Identity of Sinhala Cinema
- ↑ Sirasa Kumariya 2007 Final at BMICH 05/23/2007
- ↑ ‘Issarahata Yanna’; Story between a doctor and a conductor. sundaytimes
- ↑ "විවාහය දෙදරවමින් ශලනි තාරකා දික්කසාදයට සූදානම් වෙයි. "ප්රේක්ෂකයන් හඩවමින් සිදු වෙන්න යන දේ... gagana
- ↑ Giridevi who hates herself. Aruna
- ↑ Shalani Tharaka is in a crazy case. Divaina
- ↑ Making of the " Raino Tv commercial " - Facebook. www.facebook.com
- ↑ Shalani Tharaka films. IMDb
- ↑ Shalani Tharaka became a mermaid. Saaravita
- ↑ Winter is coming but spring is coming. Sarasaviya
- ↑ Rafaela's calendar changed by art stars. Sarasaviya
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শলনী তাৰকা” প্ৰবন্ধৰ সংশোধন ৬২৯০৯৮ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।