অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হায়াচিন্থ ৱিজেৰত্নে

থ্ৰীৰিচ হায়াচিন্থ ৱিজেৰত্নে (৩ অক্টোবৰ ১৯৪৬ – ৩১ জুলাই ২০২১) শ্ৰীলংকান চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল। চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ কাৰুমাক্কাৰায়ো, তাৰকা মল আৰু হো গানা পুকুনাত কৰা বলিষ্ঠ অভিনয়ৰ বাবে পৰিচিত আছিল।

হালনাগাদ: ২৮ জুন ২০২৬ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

থ্ৰীৰিচ হায়াচিন্থ ৱিজেৰত্নে (৩ অক্টোবৰ ১৯৪৬ – ৩১ জুলাই ২০২১) শ্ৰীলংকান চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল।১২ চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ কাৰুমাক্কাৰায়ো, তাৰকা মল আৰু হো গানা পুকুনাত কৰা বলিষ্ঠ অভিনয়ৰ বাবে পৰিচিত আছিল।

ব্যক্তিগত জীৱন

হায়াচিন্থ ৱিজেৰত্নেৰ জন্ম ১৯৪৬ চনৰ ৩ অক্টোবৰত শ্ৰীলংকাৰ মডৰাত পৰিয়ালটোৰ তৃতীয় সন্তান হিচাপে হৈছিল। তেওঁ মডৰাৰ মেৰী মাৰ্গাৰেট কলেজত (বৰ্তমান ছেইণ্ট এন্থনী কলেজ নামেৰে পৰিচিত) শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ উচ্চ শিক্ষাৰ বাবে মডৰাৰ ছেইণ্ট জেমছ কলেজত ভৰ্তি হয়।৩৪ তেওঁৰ দুগৰাকী ডাঙৰ ভগ্নী, এজন সৰু ভাই আৰু এগৰাকী সৰু ভনী আছিল।৫ প্ৰায় ১৫ বা ১৬ বছৰ বয়সত তেওঁ আৰু তেওঁৰ সৰু ভনী নীলুকা কালা অয়াত ডুবিছিল য’ত নীলুকাৰ মৃত্যু হয় আৰু হায়াচিন্থ অতি কথমপি ৰক্ষা পৰে।৬

তেওঁ ইভান ৱিজেৰত্নেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু দম্পতীটোৰ এজন পুত্ৰ চিৰাশ ৱিজেৰত্নে আছে।৩ ২০১৯ চনত তেওঁৰ স্বামী ইভানৰ মৃত্যু হয়।৭

কেৰিয়াৰ

চলচ্চিত্ৰৰ বাবে নতুন অভিনেতা নিযুক্তিৰ সন্দৰ্ভত এখন বাতৰি কাকতৰ বিজ্ঞাপনত তেওঁ আবেদন কৰিছিল। ১৯৭৭ চনত সুগথাপালা সেনৰত য়াপাৰ দ্বাৰা পৰিচালিত পেমবাৰা মধু নামৰ চিনেমাখনত তেওঁ সহযোগী মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। অৱশ্যে প্ৰথম অৱস্থাত তেওঁৰ স্বামীয়ে তেওঁক অভিনয় কৰিবলৈ অনুমতি দিয়া নাছিল। পিছলৈ শাহুৱেকৰ সহায়ত তেওঁ ছবিখনত অভিনয় কৰে। তেতিয়াৰ পৰাই তেওঁ একটেম গে, সুৰাবিদেনা, হিতা হোণ্ডা গেহেনিয়াক, একদা ৱেহি, ক্ৰিষ্টু চৰিতায়া, তাৰকা মল, হো গানা পুকুনা, গুৰু গীতায়া, আপ্পাতা চিৰি আৰু চিৰি দালাদাগমনায়াকে ধৰি কেইবাখনো ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে।৩

১৯৮০ চনৰ শেষৰ ফালে ডি বি নিহালসিংহেৰ দ্বাৰা পৰিচালিত শ্ৰীলংকাৰ প্ৰথমখন টেলিড্ৰামা দিমুথু মুথুত "উডুকিণ্ডা মেনিকে"ৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তেতিয়াৰ পৰাই তেওঁ টেলিভিছনত মাতৃৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে; তাৰ ভিতৰত: দাদাবিমা, ইচুৰু গিৰা, কাণ্ডে গেদৰা, সংক্ৰান্তি সময়, পিটাগামকাৰায়ো, ব্ৰহ্ম মুহূৰ্তয়, বাত্তি, ভিদি পহন, চচৰা চকমনা, চথ পিয়াকু, উৰুমায়াকা অৰগলয়, চেনুৰি, ইলন্দাৰি হেনদেৱা, এমি, পদু আৰু দস্কন অন্যতম।৫ হায়াচিন্থে শেষবাৰৰ বাবে টেলিড্ৰামা দিবিথুৰাত অভিনয় কৰিছিল য’ত তেওঁ সূৰ্য দয়ৰুৱানৰ আইতাকৰ চৰিত্ৰত অভিনয় কৰিছিল।৩

মৃত্যু

২০২১ চনৰ ৩০ জুলাইত ৭৪ বছৰ বয়সত লিণ্ডুলাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁৰ মৃত্যু হয়।৮৯১০ খবৰ অনুসৰি তেওঁ নুৱাৰা এলিয়াত টেলিভিছন ধাৰাবাহিক দিবিথুৰাৰ দৃশ্যগ্ৰহণৰ কাম শেষ কৰি কলম্বোলৈ ঘূৰি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছিল।১১১২ দুৰ্ঘটনাটোৰ পিছতে মুখ্য অভিযুক্ত হিচাপে চিনাক্ত কৰা ভ্যানখনৰ চালকক গ্ৰেপ্তাৰ কৰা হয়।১৩

ৱাট্টালাৰ মাগোলাৰ কাটিয়াৱাট্টাৰ তেওঁৰ বাসগৃহত নশ্বৰ দেহ ৰখা হৈছিল আৰু ৪ আগষ্ট ২০২১ তাৰিখে বিয়লি ৫ বজাত মাগোলা ৰোমান কেথলিক কবৰস্থানত অন্তিম সংস্কাৰ সম্পন্ন কৰা হৈছিল।১৪

তথ্যসূত্ৰ

  1. ↑ Hyacinth Wijeratne - - Sinhala Cinema Database. www.films.lk
  2. ↑ Pembara Madu - පෙම්බර මදූ - Sinhala Cinema Database. www.films.lk
  3. ↑ (2021-08-04). Hyacinth Wijeratne: Beloved mother of the small screen who passed away forever after starring in 'Divithura'. Sarasaviya
  4. ↑ (2021-08-04). Chat with Hyacinth Wijeratne. lankahotnews
  5. ↑ Religion is useless to show to the world. Ada Derana
  6. ↑ I remember that incident at least once a day - Veteran actress Hyacinth Wijeratne. Sarasaviya
  7. ↑ Hyacinth Wijeratne - The driver of the van remanded. Ada Derana
  8. ↑ Saturday, July 31, 2021 - 09:54. Veteran actress Hyacinth Wijeratne passes away. Dailynews.lk
  9. ↑ (2021-07-31). Popular actress Hyacinth Wijeratne dies in tragic accident. Sri Lanka News - Newsfirst
  10. ↑ Sri Lanka: Veteran actress Hyacinth Wijeratne dies in road accident. www.colombopage.com
  11. ↑ (2021-07-31). Veteran actress Hyacinth Wijeratne has passed away, following a road accident. NewsWire
  12. ↑ Veteran actress Hyacinth Wijeratne dies in road accident. www.adaderana.lk
  13. ↑ Hyacinth Wijeratne: Suspect of accident remanded until 03 October. www.newsfirst.lk
  14. ↑ (2021-08-03). Veteran actress Hyacinth Wijeratne's last rites tomorrow. Colombo Times

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হায়াচিন্থ ৱিজেৰত্নে” প্ৰবন্ধৰ সংশোধন ৬১৪৭৭০ (২৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।